ETV Bharat / entertainment

Ranveer Singh nude photoshoot: নগ্ন ফটোশ্বুটে ৰণভীৰ সিঙৰ বাবে আইনী সমস্যাৰ আমন্ত্ৰণ জনাইছে

author img

By

Published : Jul 26, 2022, 2:24 PM IST

ৰণভীৰ সিঙৰ নগ্ন ফটোশ্বুটে তেওঁৰ বাবে মাতি আনিছে আইনী সমস্যা (Ranveer Singh nude photoshoot) ৷ এটা এন জি অ’ই তেওঁৰ বিৰুদ্ধে মহিলাৰ আৱেগক আঘাত হনা আৰু সন্মানক অপমান কৰাৰ বাবে এজাহাৰ দাখিল কৰিছে ।

Ranveer Singh
নগ্ন ফটোশ্বুটে ৰণভীৰ সিঙৰ বাবে আইনী সমস্যাৰ আমন্ত্ৰণ জনাইছে

চিটাৰা ডেস্ক, 26 জুলাই : বলীউডৰ অভিনেতা ৰণভীৰ সিঙৰ নগ্ন ফটোশ্বুটৰ বাবে ধুমুহাৰ সৃষ্টি হ’ল ছ’চিয়েল মিডিয়াত (Ranveer Singh nude photoshoot) । এতিয়া অভিনেতাগৰাকীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে এটা এন জি অ’ই (Ranveer Singh controversy) । ভাৰতীয় সংস্কৃতি আৰু মূল্যবোধৰ প্ৰতি বিপদৰ কথা উল্লেখ কৰি শ্যাম মংগাৰাম ফাউণ্ডেশ্যন নামৰ এটা বেচৰকাৰী সংস্থাই ৰণভীৰ সিঙৰ বিৰুদ্ধে মুম্বাইৰ চেম্বুৰ থানাত এজাহাৰ দাখিল কৰিছে ।

ৰণভীৰে পেপাৰ মেগাজিনৰ বাবে কৰা ফটোশ্বুটৰ ফটোৱে শনিবাৰে ইণ্টাৰনেটত তোলপাৰ লগাই ৷ ফটোসমূহত ৰণভীৰে নৃত্যৰ ৰাগত প’জ দিয়া দেখা গৈছে, য’ত তেওঁৰ নগ্নতা প্ৰকাশ পাইছে ! ফটোসমূহ ৰণভীৰে নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত আপলোড কৰাৰ পূৰ্বেই ভাইৰেল হৈ পৰিছিল (Ranveer Singh instagram) । এতিয়া এইবোৰ ছবিয়ে তেওঁক বিপদত পেলাইছে ।

Ranveer Singh
নগ্ন ফটোশ্বুটে ৰণভীৰ সিঙৰ বাবে আইনী সমস্যাৰ আমন্ত্ৰণ জনাইছে

এন জি অ’ৰ অভিযোগ ফাইলত লিখা আছে, "আমি যোৱা ৬ বছৰ ধৰি বিধৱাসকলৰ উন্নত ভৱিষ্যতৰ বাবে কাম কৰি আহিছো । যোৱা সপ্তাহত আমি ৰণভীৰ সিঙৰ বহু নগ্ন ফটো ভাইৰেল হোৱা দেখিছিলো । সেই ছবিবোৰ যিদৰে ক্লিক কৰা হৈছি তাক দেখি যিকোনো মহিলা আৰু পুৰুষে লাজ অনুভৱ কৰিব" ৷

এন জি অ’টোৱে তেওঁলোকৰ অভিযোগত আৰু লিখিছে যে তেওঁলোকে বাক আৰু মত প্ৰকাশৰ স্বাধীনতাক সন্মান কৰে কিন্তু তাৰ অৰ্থ এইটো নহয় যে কোনোবাই সমাজত বিষ বিয়পাই ঘূৰি ফুৰিব লাগে । ৰণভীৰৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ২৯২, ২৯৩, ৩৫৪, আৰু ৫০৯ ধাৰাৰ লগতে আই টিৰ ৬৭এৰ অধীনত এজাহাৰ দাখিল কৰিছে এন জি অ’টোৱে ।

শেহতীয়া ফটোশ্বুটৰ জৰিয়তে অভিনেতাগৰাকীয়ে নিশ্চিতভাৱে দেখুৱাই দিছে যে তেওঁ চৰ্চালৈ আহিবলৈ কিমান দূৰ যাত্ৰা কৰিবলৈ সাজু । ৰণভীৰক পৰৱৰ্তী সময়ত ৰোহিত শেট্টীৰ পৰৱৰ্তী পৰিচালনা চিৰ্কাছত জেকলিন ফাৰ্নাণ্ডেছ আৰু পূজা হেগডেৰ সৈতে দেখা যাব । ২০২২ চনৰ বৰদিনত মুক্তি পাব ছবিখন ।

ৰণভীৰৰ লগত আৰু আছে কৰণ জোহৰৰ ৰকি ঔৰ ৰাণী কী প্ৰেম কাহানী য’ত তেওঁৰ সৈতে আলিয়া ভাট, ধৰ্মেন্দ্ৰ, শ্বাবানা আজমী আৰু জয়া বচ্চন (Ranveer Singh upcoming movies) । ২০২৩ চনৰ ১১ ফেব্ৰুৱাৰীত এই ছবিখন ৰূপালী পৰ্দাত প্ৰদৰ্শিত হ’বলগীয়া আছিল যদিও এতিয়া আলিয়াৰ গৰ্ভাৱস্থাৰ বাবেই ছবিখনৰ মুক্তিত পলম হ’ব বুলি ধাৰণা কৰা হৈছে ।

লগতে পঢ়ক : ৰণবীৰ সিঙৰ পূৰ্বে কেমেৰাৰ সন্মুখত নগ্ন হোৱা তাৰকাসকল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.