ETV Bharat / entertainment

স্বামী ছৈফ, দুই পুত্ৰৰ সৈতে নতুন বছৰক আদৰণি জনালে কৰীণা কাপুৰে, চাওক ফটো

author img

By ETV Bharat Assamese Team

Published : Jan 1, 2024, 10:26 AM IST

Kareena Kapoor New Year 2024 Celebration: আজি নৱবৰ্ষৰ পহিলা দিন ৷ দেশজুৰি আজি উদযাপন কৰা হৈছে নতুন বছৰ ৷ ইফালে কৰীণা কাপুৰ খানেও স্বামী ছৈফ আৰু পুত্ৰ টাইমুৰ আৰু জেহৰ সৈতে নৱবৰ্ষক আদৰণি জনোৱা পৰিলক্ষিত হয় ৷ অভিনেত্ৰীগৰাকীয়ে নিজৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত শ্বেয়াৰ কৰিছে ইয়াৰ ফটো ।

New Year 2024: Kareena Kapoor Khan Drops Family Pic On The occasion of new year
নৱবৰ্ষ ২০২৪

চিটাৰা ডেস্ক, ১ জানুৱাৰী: সমগ্ৰ বিশ্বই সম্প্ৰতি উদযাপন কৰিছে নৱবৰ্ষ ৷ দেওবাৰে ২০২৩ বৰ্ষক বিদায় জনায় সকলোৱে আদৰি লৈছে নৱবৰ্ষক ৷ অতি ধুমধামেৰে সকলোৱে উদযাপন কৰিছে নৱবৰ্ষ ৷ এইক্ষেত্ৰত ব্যতিক্ৰম নহয়, বলীউডৰ চেলিব্ৰিটিসকলো ৷ কোনোবাই যদি বিদেশত নৱবৰ্ষ উদযাপন কৰিছে, আন বহু তাৰকাই আকৌ ঘৰতে পৰিয়ালবৰ্গৰ সৈতে নৱবৰ্ষ উদযাপন কৰিছে ৷ মুঠৰ ওপৰত বলীউডৰ সকলো চেলিব্ৰিটিয়ে নৱবৰ্ষ উদযাপন কৰা দেখা গৈছে । ইফালে বি টাউনৰ জনপ্ৰিয় অভিনেত্ৰী কৰীণা কাপুৰ খানেও স্বামী ছৈফ আৰু পুত্ৰ টাইমুৰ আৰু জেহৰ সৈতে নতুন বছৰ উদযাপন কৰিছে । অভিনেত্ৰীগৰাকীয়ে নিজৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীতো ইয়াৰ ফটো শ্বেয়াৰ কৰিছে ।

পৰিয়ালৰ সৈতে নৱবৰ্ষ উদযাপন কৰীণাৰ

কৰীণা কাপুৰ খানে নিজৰ ইনষ্টাগ্ৰামত নৱবৰ্ষ উদযাপনৰ কিছু ফটো পোষ্ট কৰিছে । ফটোসমূহত অভিনেত্ৰীগৰাকীয়ে ৰঙীন শৰাৰা চুট পৰিধান কৰা দেখা গৈছে, এই সাজত অভিনেত্ৰীগৰাকীক ধুনীয়া দেখা গৈছে । লগতে চুলিত ৰঙা গোলাপ লগাই অনুৰাগীৰ দৃষ্টি আকৰ্ষণ কৰিছে অভিনেত্ৰীগৰাকীয়ে । ইয়াৰ বিপৰীতে নৱবৰ্ষ উদযাপনৰ বাবে বগা চাৰ্ট আৰু টাই বাছি লৈছিল কৰীণাৰ স্বামী তথা অভিনেতা ছৈফ আলী খানে । প্ৰথম ছবিখনত এই দম্পতীয়ে আইনাৰ সৈতে ফটো ক্লিক কৰা দেখা যায় ।

দ্বিতীয়খন ছবিত দেখা গৈছে ছৈফ আৰু কৰীণাক তেওঁলোকৰ দুটা সন্তান টাইমুৰ আৰু জেহৰ সৈতে । চুট আৰু বুট পৰিধান কৰা টাইমুৰক বৰ মৰমলগা দেখা গৈছিল, যদিও নীলা চুৱেটাৰ পৰিধান কৰা জেহকো বৰ মৰমলগা দেখা গৈছে । ইফালে ছৈফ আৰু কৰীণাক ফটো ক্লিক কৰাত ব্যস্ত দেখা গৈছে । প্ৰথম ছবিখন শ্বেয়াৰ কৰি অভিনেত্ৰীগৰাকীয়ে কেপচনত লিখিছে, “আপুনি সাজু হৈছেনে ? আমি সাজু ।" দ্বিতীয়খন ফটোত কৰীণাই লিখিছে, "ফ্ৰেমড ৩১-১২-২০২৩ ।"

New Year 2024: Kareena Kapoor Khan Drops Family Pic On The occasion of new year
কৰীণা কাপুৰৰ পোষ্ট

লগতে পঢ়ক: নৱবৰ্ষত পত্নীৰ সৈতে ৰোমান্টিক হ’ল ৰণদ্বীপ, বিকিনি পিন্ধি স্বামীৰ সৈতে সূৰ্যাস্ত উপভোগ লিনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.