ETV Bharat / entertainment

মোৰ মৰমৰ ‘চামকিলা’ : জন্মদিনত দিলজিৎ দোছাঞ্জলৈ পৰিণীতি চোপ্ৰাৰ বিশেষ পোষ্ট

author img

By ETV Bharat Assamese Team

Published : Jan 6, 2024, 7:53 PM IST

Parineeti Chopra wishes 'Chamkila' Diljit Dosanjh on his 40th birthday with unseen pic
মোৰ মৰমৰ ‘চামকিলা’ জন্মদিনত দিলজিৎ দোছাঞ্জলৈ পৰিণীতি চোপ্ৰাৰ বিশেষ পোষ্ট

Diljit Dosanjh Birthday: বহু প্ৰতিভাশালী অভিনেতা দিলজিৎ দোছাঞ্জৰ আজি ৪০ সংখ্যক জন্মদিন । শীঘ্ৰেই তেওঁক পৰিণীতি চোপ্ৰাৰ সৈতে চামকিলা ছবিত দেখা যাব । জন্মদিন উপলক্ষে সহ-অভিনেত্ৰী পৰিণীতিয়ে দিলজিতক শুভেচ্ছা জনাই এটা পোষ্ট শ্বেয়াৰ কৰাৰ লগতে ছবিখনৰ চেটৰ পৰা এখন বিশেষ ছবি শ্বেয়াৰ কৰিছে । কেৱল এয়াই নহয়, দিলজিতৰ বাবে লিখে এটি মৰমলগা কেপচন ।

চিটাৰা ডেস্ক, 6 জানুৱাৰী: হিন্দী চিনেমাৰ বহু প্ৰতিভাশালী অভিনেতা দিলজিৎ দোছাঞ্জ । কেৱল অভিনয়তেই নহয়, গায়ন-বায়ন, গীতৰ ৰচনা আৰু এংকৰিঙৰ ক্ষেত্ৰতো তেওঁ পাৰ্গত । আনকি তেওঁ এজন প্ৰযোজকো । আজি এই জনপ্ৰিয় শিল্পীগৰাকীয়ে ৪০ বছৰ বয়সত ভৰি দিয়ে । এই উপলক্ষে অভিনেতাগৰাকীৰ জন্মদিনত তেওঁৰ সহ অভিনেত্ৰী পৰিণীতি চোপ্ৰাই ছ’চিয়েল মিডিয়াতযোগে এটি পোষ্ট শ্বেয়াৰ কৰে ।

দিলজিতক জন্মদিনৰ শুভেচ্ছা জনালে পৰিণীতিয়ে

উল্লেখ্য যে আহিবলগীয়া ছবি ‘চামকিলা’ত দেখা যাব দিলজিৎ দোছাঞ্জ আৰু পৰিণীতি চোপ্ৰাক । সেয়ে আজি সহ-অভিনেতা দিলজিতৰ জন্মদিন উপলক্ষে ছবিখনৰ শ্বুটিংস্থলীৰ পৰা এখন বিশেষ ফটো ছ’চিয়েল মিডিয়াযোগে শ্বেয়াৰ কৰি পৰিণীতিয়ে তেওঁক জন্মদিনৰ শুভেচ্ছা জনাইছে ।

ফটোখনত পৰিণীতি আৰু দিলজিতে নিজ নিজ স্মৃতিত ৰোমন্থন কৰা দেখা যায় । আনহাতে, অভিনেত্ৰীগৰাকীক ক’লা-বগা ছালোৱাৰ চুট পিন্ধি দেখা গৈছে যদিও দিলজিতক তেওঁৰ চৰিত্ৰত ভাল দেখা গৈছে ।

দিলজিতৰ বাবে পৰিণীতিয়ে লিখিলে হৃদয়স্পৰ্শী টোকা

এই বিশেষ ফটোখন শ্বেয়াৰ কৰাৰ সময়ত পৰিণীতি চোপ্ৰাই দিলজিতৰ বাবেও এটা মৰমলগা কেপচনো লিখে তেওঁ লিখিছে যে,

"মোৰ বন্ধু, মোৰ প্ৰিয়, মোৰ চামকিলা । জন্মদিনৰ শুভেচ্ছা জী । আপোনাক সদায় সুস্বাস্থ্য আৰু সুখৰ কামনা কৰিলো । মই একেলগে আমাৰ গান গোৱাটো মিছ কৰো আৰু মই পৃথিৱীক দেখুৱাবলৈ ৰ’ব নোৱাৰা হৈছো যে আমি চামকিলাত কি সৃষ্টি কৰিছো ৷" সংগীত, যাদু ।"

উল্লেখ্য যে, সুপৰিচিত কণ্ঠশিল্পী অমৰ সিং চামকিলা আৰু তেওঁৰ পত্নী অমৰজোৎ চামকিলাৰ আধাৰত নিৰ্মিত ছবি ‘চামকিলা’ এইবাৰ অ’টিটি প্লেটফৰ্ম নেটফ্লিক্সত মুক্তি লাভ কৰিব । ছবিখনৰ পৰিচালক ইমতিয়াজ আলী । দিলজিৎ দোছাঞ্জে অমৰ সিঙৰ চৰিত্ৰত অভিনয় কৰিছে আৰু পৰিণীতি হৈ পৰিছে তেওঁৰ অন স্ক্ৰীণ পত্নী । বিগত বছৰ ছবিখনৰ টিজাৰে মুক্তিলাভ কৰিছিল, যাক সকলোৱে আদৰি লৈছিল ।

লগতে পঢ়ক: বন্ধুৰ সৈতে মিলি আৰম্ভ কৰিছিল সংগীত যাত্ৰা; প্ৰথমখন ছবিৰ গীতেৰেই ৰচিলে ইতিহাস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.