ETV Bharat / entertainment

Man vs Wild: ভাৰতলৈ আহি আছে বিয়াৰ গ্ৰীলছ, বিপদজনক দুঃসাহসিক অভিযানত এইবাৰ দেখা যাব বিৰাট-প্ৰিয়ংকাক

author img

By

Published : Jun 8, 2023, 5:24 PM IST

আকৌ এবাৰ নিজৰ দুঃসাহসিক অভিযানত বিস্ফোৰণ কৰিবলৈ গৈ আছে বিয়ৰ গ্ৰীলছে । এইবাৰ তেওঁৰ সৈতে জংঘলত দেখা যাব দুগৰাকী গ্লোবেল ইণ্ডিয়ান পাৰ্চনেলিটি ষ্টাৰক ৷ ক্ৰিকেটাৰ বিৰাট কোহলী আৰু বলীউডৰ অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাক দেখা যাব পাৰে বিয়াৰ গ্ৰীলছৰ সৈতে ৷

Man vs Wild : Priyanka Chopra and Virat Kohli to come Bear Grylls soon
মেন বনাম ৱাইল্ডত এইবাৰ দেখা যাব বিৰাট-প্ৰিয়ংকাক

চিটাৰা ডেস্ক, 8 জুন: দুঃসাহসিক অনুষ্ঠান ‘মেন বনাম ৱাইল্ড’ দৰ্শকৰ মাজত যথেষ্ট জনপ্ৰিয় (Man vs Wild)। সম্প্ৰতি এই জনপ্ৰিয় শ্ব’টোৰ নতুন খণ্ডৰ সৈতে টিভিত টেলিকাষ্ট হ’ব । জানিব পৰা মতে এইবাৰ প্ৰিয়ংকা চোপ্ৰা বা বিৰাট কোহলীক এই শ্ব’টোত দেখা যাব ৷ ৰজনীকান্ত, অক্ষয় কুমাৰ, বিকি কৌশল আৰু ৰণবীৰ সিঙকে ধৰি পি এম মোডীৰ খণ্ডটো নিশ্চয় সকলোৰে মনত আছে। ভাৰতীয় অনুৰাগীসকলে এই শ্ব’টোত ভাৰতীয় চেলিব্ৰিটিসকলক দেখি অতিশয় আনন্দিত হৈছিল (Bear Grylls) । এনে পৰিস্থিতিত যদি প্ৰিয়ংকা বা বিৰাটক শ্ব’টোত দেখা দিয়ে, তেন্তে দৰ্শকৰ বাবে ইয়াতকৈ ডাঙৰ আনন্দ কি হ’ব।

বিয়ৰ গ্ৰীলছে কি ক’লে এই সন্দৰ্ভত

শেহতীয়াকৈ বিয়াৰ গ্ৰীলছে সংবাদ মাধ্যক জনাই যে – প্ৰিয়ংকা হৈছে এক নম্বৰ চেলিব্ৰিটি । বিৰাট কোহলীও যোগ দিব পাৰে প্ৰিয়ংকাৰ সৈতে । দুয়োগৰাকীয়ে প্ৰেৰণাদায়ক ব্যক্তিত্ব । পৃথিৱীৰ সকলো মানুহে তেওঁলোকক ভাল পায় । মানুহে তেওঁৰ কাহিনী, যাত্ৰা আৰু জীৱনৰ বিষয়ে জানিব বিচাৰিব । যদি দুয়োৰে কোনোবাই শ্ব’টোত আহে তেন্তে মোৰ বাবে সেয়া হ’ব ভাগ্যৰ কথা । বিয়াৰে লগতে কয় যে অনাগত মাহত ভাৰতলৈ আহি শ্ব’টোৰ শ্বুটিং কৰিব । অৱশ্যে প্ৰিয়ংকা বা বিৰাট কোন হ’ব সেয়া এতিয়াও কোৱা নাই বিয়াৰে (Man vs Wild Priyanka Chopra and Virat Kohli) ।

বিয়াৰে ভাৰতবৰ্ষক অতিকৈ পছন্দ কৰে ৷ তেওঁ এই সন্দৰ্ভত কৈছিল যে ভাৰতলৈ আহিলেই বহুত মৰম পাওঁ (Most Adventure Man Bear Grylls)। ভাৰতৰ সৈতে মোৰ যি সংযোগ আছে সেয়া আচৰিত । পি এম মোডী হওক বা ৰণবীৰ সিং হওক, সকলোৰে লগত মোৰ বন্ধন ভাল হৈছে যথেষ্ট ধুনীয়া ।

উল্লেখ্য যে, প্ৰিয়ংকা চোপ্ৰা বৰ্তমান তেওঁৰ ছবি ‘হেডছ অৱ ষ্টেট’ৰ শ্বুটিঙত ব্যস্ত । শেহতীয়াকৈ তেওঁৰ ৱেব ছিৰিজ ‘চিটাডেল’ মুক্তি পাইছে যিটো নেকফ্লিক্সত টেলিকাষ্ট কৰা হৈছে। এই ৱেব ধাৰাবাহিকখনে দৰ্শকৰ পৰা বিশেষ সঁহাৰি পোৱা নাই। প্ৰিয়ংকাই এতিয়া বলীউডতকৈ হলিউডৰ প্ৰজেক্টত বেছি গুৰুত্ব দিছে। বিৰাট কোহলীৰ কথা ক’বলৈ গ’লে অষ্ট্ৰেলিয়াত অনুষ্ঠিত হ’বলগীয়া বিশ্ব টেষ্ট চেম্পিয়নশ্বিপত দেখা যাব ক্ৰিকেটাৰগৰাকীক (Virat Kohli Bear Grylls) ।

লগতে পঢ়ক: Gadar: Ek Prem katha: কাইলৈ ​​ছবিগৃহত পুনৰ মুক্তি পাব গদৰ এক প্ৰেম কথা, এটাৰ লগত এটা টিকট হ’ব বিনামূলীয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.