ETV Bharat / entertainment

ব্যতিক্ৰমীভাৱে পত্নী টুইংকলক জন্মদিনৰ শুভেচ্ছা জ্ঞাপন অক্ষয় কুমাৰৰ

author img

By ETV Bharat Assamese Team

Published : Dec 29, 2023, 1:46 PM IST

Long live my Hulk: Akshay Kumar shares hilarious birthday post for wife Twinkle Khanna
টুইংকল খান্নাৰ জন্মদিন

Akshay Kumar Wishes Twinkle Khanna: টুইংকল খান্নাৰ জন্মদিনত ছ’চিয়েল মিডিয়াত এটা ধেমেলীয়া পোষ্ট শ্বেয়াৰ কৰিলে অক্ষয় কুমাৰে । চাওক অভিনেতাগৰাকীৰ পোষ্টটো ৷

চিটাৰা ডেস্ক, ২৯ ডিচেম্বৰ: অক্ষয় কুমাৰৰ পত্নী তথা অভিনেত্ৰী টুইংকল খান্নাৰ আজি জন্মদিন ৷ অভিনেত্ৰীগৰাকীয়ে আজি উদযাপন কৰিছে নিজৰ ৫০ সংখ্যক জন্মদিন । টুইংকলৰ জন্মদিনত অক্ষয় কুমাৰে ছ’চিয়েল মিডিয়াত এটা অতি আকৰ্ষণীয় পোষ্ট শ্বেয়াৰ কৰিছে । পৰিয়ালৰ সৈতে টুইংকলে উদযাপন কৰিছে জন্মদিন। জন্মদিনত পৰিয়ালটোৰ সৈতে পানীৰ তলত দুঃসাহসিক অভিযান কৰা দেখা গৈছে টুইংকলক, যাৰ ভিডিঅ’ অভিনেত্ৰীগৰাকীয়ে নিজৰ ছ’চিয়েল মিডিয়া একাউন্টত শ্বেয়াৰ কৰিছে ৷ অৱশ্যে টুইংকলৰ জন্মদিনত সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে অক্ষয় কুমাৰৰ এটা পোষ্টে । ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে অক্ষয় কুমাৰ এটা পোষ্ট ।

আচলতে টুইংকলৰ জন্মদিন উপলক্ষে অক্ষয় কুমাৰে এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে । য’ত প্ৰথমে টুইংকলৰ এখন অতি মৰমলগা ফটো দেখা গৈছে আৰু ফটোখনৰ সৈতে লিখা আছে - মই ভাবিছিলো তাইক বিয়া কৰাইছো । তাৰ পাচত দ্বিতীয়টো ক্লিপত টুইংকলৰ এটা ভিডিঅ’ দেখা যায়, য’ত লিখা থাকে- কিন্তু আচলতে মই তাইক হে বিয়া কৰাইছিলো ৷ ভিডিঅ'টোত টুইংকলক হাল্কৰ প্ৰতিমূৰ্তিৰ তলত থিয় হৈ থকা দেখা গৈছে আৰু পাঞ্জাবী ভাষাত অভিনেত্ৰীগৰাকীয়ে কৈছে - এইটো হৈছে পুতলা আৰু নিজৰ ফালে আঙুলিয়াই অভিনেত্ৰীগৰাকীয়ে কয় যে এইগৰাকী হৈছে প্ৰকৃত হাল্ক ।

অক্ষয়ে পত্নীক এনেদৰে জনালে জন্মদিনৰ শুভেচ্ছা

ভিডিঅ’টো শ্বেয়াৰ কৰি অক্ষয় কুমাৰে কেপচনত লিখিছে - ‘‘দীৰ্ঘায়ু হোৱা হাল্ক ৷ মোৰ জীৱনত হাস্যৰস যোগ কৰাৰ বাবে ধন্যবাদ । ভগৱানে তোমাক জীৱনত আৰু বহু বছৰ জীয়াই ৰাখক । জন্মদিনৰ শুভেচ্ছা টিনা ।’’

ব্যৱহাৰকাৰীয়ে কৰিলে ধেমেলীয়া মন্তব্য

অক্ষয়ৰ এই পোষ্টটোত অনুৰাগীয়ে ধেমেলীয়া মন্তব্য কৰে । এজন ব্যৱহাৰকাৰীয়ে লিখিছে – এই ভিডিঅ’টোৰ পিচত ঘৰত যি হৈছে সেয়া সকলোৱে গ’ম পাইছে । আনহাতে আন এজনে লিখিছে – শুভেচ্ছা জ্ঞাপন কৰাৰ ধৰণটো অলপ ব্যতিক্ৰম আছিল ।

টুইংকলে শ্বেয়াৰ কৰিলে পোষ্ট

ইফালে টুইংকল খান্নাই তেওঁৰ জন্মদিনত এটা ভিডিঅ’ পোষ্ট কৰিছে । য’ত তেওঁক অক্ষয় আৰু তেওঁৰ দুটা সন্তান আৰৱ-নিতাৰাৰ সৈতে সাঁতুৰি থকা দেখা গৈছে । ভিডিঅ’টোত টুইংকলে অক্ষয়ক চুমা খোৱাও দেখা গৈছে ।

উল্লেখ্য যে, অক্ষয় আৰু টুইংকলৰ বিবাহৰ ২৩ বছৰ হ’ল । তেওঁৰ ২১ বছৰীয়া পুত্ৰ আৰু ১১ বছৰীয়া কন্যা আছে । টুইংকল আৰু অক্ষয় দুয়োগৰাকীয়ে ছ’চিয়েল মিডিয়াত পৰিয়ালৰ সৈতে ফটো শ্বেয়াৰ কৰি থাকে ।

লগতে পঢ়ক: হামাৰে তুমহাৰেৰ পৰা এনিমেললৈকে, কেনে আছিল অনিল কাপুৰৰ চাৰি দশকৰ চলচ্চিত্ৰ কেৰিয়াৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.