ETV Bharat / entertainment

ঋষি কাপুৰৰ বাবেই এই কামটো কৰিব পৰা নাছিল নীতু কাপুৰে

author img

By ETV Bharat Assamese Team

Published : Jan 11, 2024, 1:50 PM IST

Koffee With Karan 8: Neetu kapoor talk about Rishi Kapoor
কফি উইথ কৰণ ৮

Koffee With karan 8: কফি উইথ কৰণত আহিছিল নীতু কাপুৰ আৰু জিনাত আমান । শ্ব’টোত ঋষি কাপুৰৰ সৈতে সম্পৰ্কক লৈ বহু কথা প্ৰকাশ কৰিছিল নীতু কাপুৰে ।

চিটাৰা ডেস্ক, ১১ জানুৱাৰী: সম্প্ৰচাৰ হ’ল কৰণ জোহৰৰ শ্ব’ কফি উইথ কৰণ ৮ৰ নতুন খণ্ড । শ্ব’টোৰ নতুন খণ্ডটিৰ অতিথি আছিল নীতু কাপুৰ আৰু জিনাত আমানৰ যুটি । শ্ব’টোত নীতু কাপুৰে নিজৰ পৰিয়াল আৰু পেছাদাৰী জীৱনৰ বহু কথা প্ৰকাশ কৰে । শ্ব’টোত ঋষি কাপুৰৰ বিষয়েও কিছু গোপন কথা প্ৰকাশ কৰে নীতু কাপুৰে । নীতু কাপুৰে কয় যে ঋষি কাপুৰ এজন অতি কঠোৰ প্ৰেমিক আছিল । ঋষি কাপুৰে কেতিয়াও নীতুক গভীৰ নিশালৈকৈ পাৰ্টি কৰিবলৈ অনুমতি দিয়া নাছিল ।

নীতু কাপুৰে কৰণ জোহৰক কয় যে ঋষি কাপুৰ এজন অতি কঠোৰ প্ৰেমিক আৰু তেওঁক পাৰ্টি কৰিবলৈ দিয়া নাছিল । তেওঁ কৈছিল যে আমি যেতিয়াই যশ চোপ্ৰাৰ লগত শ্বুটিং কৰিছিলো তেতিয়াই তেওঁ লেট নাইট পাৰ্টি কৰিছিল । অৱশ্যে ঋষি কাপুৰৰ বাধাৰ বাবে নীতুৱে কেতিয়াও গভীৰ নিশাৰ পাৰ্টি কৰা নাছিল ।

নীতু কাপুৰে কয়, ‘‘আমি যশ জীৰ সৈতে এক সুন্দৰ সময় কটাইছিলো । আমি নিশা পাৰ্টি কৰিছিলোঁ । আগতে অন্তাক্ষৰী খেলিছিলো । পিকনিকৰ দৰে লাগিছিল । বহুত মজা লাগিছিল যদিও মোৰ প্ৰেমিক আছিল ঋষি কাপুৰ । গতিকে মই তাৰ পাচত আৰু কেতিয়াও তেনেকৈ পাৰ্টি কৰা নাছিলো । কাৰণ তেওঁ সদায় কৈছিল – ‘এইটো নকৰিবা, সেইটো নকৰিবা, ঘৰলৈ আহা ।’ গতিকে সেই সময়ত পাৰ্টিৰ সেই দিশটো দেখা নাপালোঁ মই ।

শ্ব’টোত নীতু কাপুৰে কয় যে ঋষি কাপুৰে কেতিয়াও নিজৰ সন্তান ৰণবীৰ-ৰিদ্ধিমাৰ লগত বন্ধুত্বপূৰ্ণ সম্পৰ্ক গঢ়ি তুলিব পৰা নাছিল । জীৱনৰ বহুবছৰ অতিক্ৰম হৈ যোৱাৰ পাচত তেওঁ ল’ৰা-ছোৱালীৰ সৈতে সংযোগ স্থাপন কৰিছিল । কাৰণ চিন্টু জী আছিল অতি মিঠা মানুহ । তেওঁৰ ভিতৰত বহুত মৰম আছিল যদিও সেই মৰম তেওঁ কেতিয়াও মানুহক দেখুৱাব পৰা নাছিল । তেওঁ সদায় দূৰত্ব বজাই ৰাখিছিল ।

উল্লেখ্য যে, কিছুদিন প্ৰেমৰ সম্পৰ্কৰ অন্তত ১৯৭৯ চনৰ ১৩ এপ্ৰিলত নীতু কাপুৰ আৰু ঋষি কাপুৰৰ বাগদান হৈছিল । ইয়াৰ পিচত ১৯৮০ চনৰ ২২ জানুৱাৰীত বিবাহপাশত হৈছিল এই প্ৰেমিক যুগল । বিয়াৰ পিচত নীতুৱে অভিনয়ৰ পৰা নিজকে আঁতৰাই ৰাখিছিল । নীতু আৰু ঋষিৰ দুটা সন্তান আছে, ৰণবীৰ কাপুৰ আৰু ৰিদ্ধিমা কাপুৰ ।

লগতে পঢ়ক: ঋষি কাপুৰৰ উপৰিও কাপুৰ পৰিয়ালৰ এইগৰাকী অভিনেতাক পছন্দ কৰিছিল নীতু কাপুৰে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.