ETV Bharat / entertainment

দ্বিতীয় বিবাহ বাৰ্ষিকীত স্বামীৰ সৈতে ৰোমান্টিক ফটো শ্বেয়াৰ কেটৰিণাৰ

author img

By ETV Bharat Assamese Team

Published : Dec 10, 2023, 11:47 AM IST

Katrina Kaif showers love on Vicky Kaushal as couple completes two years of marital bliss
কেটৰিণা কাইফ বিকি কৌশলৰ বিবাহ বাৰ্ষিকী

Katrina Kaif Vicky Kaushal Wedding Anniversary: কেটৰিণা কাইফে দ্বিতীয় বিবাহ বাৰ্ষিকীত বিকি কৌশলৰ সৈতে এখন ৰোমান্টিক ফটো শ্বেয়াৰ কৰিছে, য’ত প্ৰিয়ংকা চোপ্ৰাকে ধৰি বহু চেলিব্ৰিটিয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ।

চিটাৰা ডেস্ক, ১০ ডিচেম্বৰ: বলীউডৰ জনপ্ৰিয় দম্পতী বিকি কৌশল আৰু কেটৰিণা কাইফৰ বিবাহৰ দুবছৰ সম্পূৰ্ণ হ’ল । ২০২১ চনত ৯ ডিচেম্বৰত ৰাজস্থানৰ ছাৱাই মাধোপুৰত এই দম্পতীয়ে অগ্নিক সাক্ষী কৰি যুগ্ম জীৱনৰ পাতনি মেলিছিল । ইফালে বিবাহ বাৰ্ষিকী উপলক্ষে কেটৰিণাই স্বামীৰ বাবে এটা ৰোমান্টিক পোষ্ট শ্বেয়াৰ কৰিছে ।

এইখিনিতে উল্লেখ কৰিব লাগিব যে অনুৰাগীয়ে আগ্ৰহেৰে অপেক্ষা কৰি আছিল কেটৰিণা কাইফৰ বিবাহ বাৰ্ষিকী পোষ্টৰ বাবে । এনে পৰিস্থিতিত টাইগাৰ ৩ৰ অভিনেত্ৰীগৰাকীয়েও অনুৰাগীৰ অপেক্ষাৰ অন্ত পেলাই নিশা বিকি কৌশলৰ সৈতে নিজৰ এখন সুন্দৰ ফটো শ্বেয়াৰ কৰি বিবাহ বাৰ্ষিকীৰ শুভেচ্ছা জনায় ।

দ্বিতীয় বিবাহ বাৰ্ষিকীত স্বামীৰ সৈতে ৰোমান্টিক হ’ল কেটৰিণা

কেটৰিণাই নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত এটা পোষ্ট শ্বেয়াৰ কৰিছে, য’ত দুয়োকে ইগৰাকীয়ে সিগৰাকীক সাৱটি ধৰা দেখা গৈছে ৷ ফটোখনত কেটৰিণাই বিকিক সাৱটি ধৰিছে আৰু বিকিয়ে কেমেৰাৰ ফালে চাই হাঁহি থকা দেখা গৈছে । এই ৰোমান্টিক ফটোখন শ্বেয়াৰ কৰি কেটৰিণাই কেপচনত ‘MY’ লিখিছে আৰু লগতে তিনিটা হৃদয়ৰ ইমোজি শ্বেয়াৰ কৰিছে ।

প্ৰিয়ংকা চোপ্ৰাকে ধৰি এইসকল চেলিব্ৰিটিয়ে এই ফটোখনত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে

অভিনেত্ৰীগৰাকীৰ এই পোষ্টটোত বহুতে নিজৰ মন্তব্য প্ৰকাশ কৰিছে । অনুৰাগীৰ পৰা চেলিব্ৰিটিলৈকে সকলোৱে কেটৰিণা আৰু বিকিৰ বিবাহৰ বাবে শুভকামনা জনাইছে । প্ৰিয়ংকা চোপ্ৰাই এই দম্পতীৰ ফটোখনত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । অভিনেত্ৰীগৰাকীয়ে এটা হাৰ্ট ইমোজি শ্বেয়াৰ কৰিছে । প্ৰিয়ংকাৰ উপৰিও জোয়া আখতাৰ, শ্বেতা বচ্চনকে ধৰি বহু তাৰকাই এই দম্পতীক বিবাহ বাৰ্ষিকীৰ শুভেচ্ছা জ্ঞাপন কৰিছে ।

ইফালে কেটৰিণাৰ পূৰ্বে বিকি কৌশলে বিশেষ ধৰণেৰে বিবাহ বাৰ্ষিকীৰ শুভেচ্ছা জনাইছিল। অভিনেতাজনে তেওঁৰ পত্নীৰ এটা ধেমেলীয়া ভিডিঅ’ শ্বেয়াৰ কৰিছিল, য’ত তেওঁক বিমানত বহি বক্সিং কৰা দেখা গৈছিল ।

লগতে পঢ়ক: ফাইটাৰৰ টিজাৰত হৃতিক ৰোশন-দীপিকা পাডুকোনৰ যুটিয়ে হৃদয় জিনিলে দৰ্শকৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.