ETV Bharat / entertainment

তিনি ৰাজ্যত বিজেপিৰ বিজয় যাত্ৰা; প্ৰধানমন্ত্ৰী মোদীক শ্ৰীৰামৰ সৈতে তুলনা কংগনা ৰনৌতৰ

author img

By ETV Bharat Assamese Team

Published : Dec 3, 2023, 5:41 PM IST

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক শ্ৰী ৰামৰ সৈতে তুলনা কংগনাৰ ৷ দৰাচলতে তিনিখন ৰাজ্যত ভাৰতীয় জনতা পাৰ্টীৰ বিজয় উদযাপন কৰিছে কংগনা ৰনৌতে । ইফালে কংগনাৰ এই মন্তব্যৰ পিচতে ছ’চিয়েল মিডিয়াত ব্যাপকভাৱে ট্ৰ’ল হয় ৷

Kangana Ranaut invites trolls as she celebrates BJP's success in 3 states comparing PM Modi with Lord Ram; see how actor reacts
প্ৰধানমন্ত্ৰী মোদীক শ্ৰীৰামৰ সৈতে তুলনা কংগনা ৰনৌতৰ

চিটাৰা ডেস্ক, ৩ ডিচেম্বৰ: আজি দেশৰ চাৰি ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ দিন ৷ এই চাৰি ৰাজ্য হৈছে মধ্য প্ৰদেশ, ছত্তীশগড়, ৰাজস্থান আৰু তেলেংগানা ৷ ইয়াৰে তিনিখন ৰাজ্যত (মধ্য প্ৰদেশ, ছত্তীশগড় আৰু ৰাজস্থান) ভাৰতীয় জনতা পাৰ্টীৰ জয় নিশ্চিত হোৱাৰ পিচতে ছ’চিয়েল মিডিয়াৰ জৰিয়তে বলীউডৰ অভিনেত্ৰী কংগনা ৰনৌতে অভিনন্দন জ্ঞাপন কৰে ।

নিজৰ এক্স একাউন্টত অভিনেত্ৰীগৰাকীয়ে ৰাজ্যসমূহত বিজেপিৰ সফলতাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক শ্ৰী ৰামৰ সৈতে তুলনা কৰি এখন ছবি শ্বেয়াৰ কৰিছে । অভিনেত্ৰীগৰাকীৰ এই পোষ্টৰ পিচতে ছ’চিয়েল মিডিয়াত ব্যাপকভাৱে ট্ৰ’ল হ’বলগীয়া হয় ৷ সমালোচনাৰ মাজতে কংগনাই নিজৰ স্থিতি স্পষ্ট কৰি উল্লেখ কৰিলে ভাগৱতৰ কথা ।

ৰাজস্থান, মধ্যপ্ৰদেশ, তেলেংগানা আৰু ছত্তীশগড়ৰ বিধানসভা নিৰ্বাচনৰ ভোট গণনা চলি আছে । প্ৰাৰম্ভিক ধাৰাসমূহে ৰাজস্থান, মধ্যপ্ৰদেশ আৰু ছত্তীশগড়ত বিজেপিৰ জয় এক প্ৰকাৰে নিশ্চিত কৰিছে ৷ অৱশ্যে তেলেংগানাত কংগ্ৰেছ আগবাঢ়ি আছে ।

ইফালে তিনি ৰাজ্যত বিজেপিৰ জয় এক প্ৰকাৰে নিশ্চিত হোৱাত প্ৰধানমন্ত্ৰী মোদীক শ্ৰী ৰামৰ সৈতে তুলনা কৰি কংগনা ৰনৌতে নৰেন্দ্ৰ মোদীৰ এখন ফটো এক্সত পোষ্ট কৰি হিন্দীত লিখিছে, "শ্ৰী ৰাম আহিছে # নিৰ্বাচনৰ ফলাফল ।"

  • Haan allowed hai.
    Geeta mein Shri Krishan ne kaha hai, jo mera bhakt hai mujhmein leen hai woh main he hoon, usmein aur mujhmein koi antar nahi, itne cute and chilled out Gods hain hamare !! Koi beheading koi whip lashing kuch nahi, aap bhi aa jao hamari team mein 😁…
    Also my…

    — Kangana Ranaut (@KanganaTeam) December 3, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

কংগনাৰ এই তুলনাৰ পিচতে ক্ষুব্ধ হৈ পৰে নেটিজেন ৷ এজন ব্যৱহাৰকাৰীয়ে হিন্দু ধৰ্মত ইয়াৰ বৈধতাক লৈ প্ৰশ্ন উত্থাপন কৰিছে । ইয়াৰ উত্তৰত অভিনেত্ৰীগৰাকীয়ে ভাগৱতৰ উদ্ধৃতি দি উত্তৰ দি কয়, "হয়, অনুমতি আছে । শ্ৰী কৃষ্ণই গীতাত কৈছে যে মই মোৰ প্ৰকৃত ভক্তৰ সৈতে একেই, তেওঁৰ আৰু মোৰ মাজত কোনো পাৰ্থক্য নাই, আমাৰ ইমান মৰমলগা আৰু চিলড আউট ভগৱান আছে ! মূৰ কাটিব নালাগে, চাবুকেৰে কোবাব নালাগে, আপুনিও আমাৰ দললৈ আহক ।"

লগতে পঢ়ক: ‘‘সমগ্ৰ দেশৰে নাগৰিকৰ হৃদয়ত আছে প্ৰধানমন্ত্ৰী মোদী’’: সাধ্বী প্ৰজ্ঞা সিং ঠাকুৰ

লগতে পঢ়ক: চন্দ্ৰশেখৰৰ ছন্দ পতন: মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ তেলেংগানাৰ মুখ্যমন্ত্ৰী কেচিআৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.