ETV Bharat / entertainment

নৱবৰ্ষ উপলক্ষে জুনিয়ৰ এনটিআৰে অনুৰাগীক দিলে উপহাৰ, ঘোষণা কৰিলে দেৱৰাৰ মুক্তিৰ তাৰিখ

author img

By ETV Bharat Assamese Team

Published : Jan 1, 2024, 5:00 PM IST

Devara Teaser Release Date: জুনিয়ৰ এনটিআৰে নৱবৰ্ষ উপলক্ষে অনুৰাগী দিলে এক সুন্দৰ উপহাৰ । অভিনেতাগৰাকীয়ে তেওঁৰ আগন্তুক ছবি দেৱৰাৰ টিজাৰ মুক্তিৰ তাৰিখ প্ৰকাশ কৰিছে ।

Jr NTR extends New Year wishes, says 'can't wait' to unveiled Devara first glimpse on THIS date
দেৱৰা মুক্তিৰ তাৰিখ

চিটাৰা ডেস্ক, ১ জানুৱাৰী: আজি নতুন বছৰৰ পহিলা দিন ৷ নৱবৰ্ষ উপলক্ষে দক্ষিণৰ ছুপাৰষ্টাৰ জুনিয়ৰ এনটিআৰে এক সুন্দৰ উপহাৰ দিছে অনুৰাগীক । অভিনেতাগৰাকীয়ে তেওঁৰ আগন্তুক ছবি ‘দেৱৰা’ক লৈ দীৰ্ঘদিন ধৰি শিৰোনাম দখল কৰি আহিছে । অনুৰাগীয়েও এই ছবিখনৰ বাবে অতি আগ্ৰহেৰে অপেক্ষা কৰি আছে । এনে পৰিস্থিতিত অভিনেতাগৰাকীয়ে ছবিখনৰ মুক্তিৰ তাৰিখেৰে নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিছে ৷

  • అందరికీ నూతన సంవత్సర శుభాకాంక్షలు! Wishing you all a very Happy New Year.

    Can’t wait for you all to experience the glimpse of #Devara on Jan 8th. pic.twitter.com/RIgwmVA6e0

    — Jr NTR (@tarak9999) January 1, 2024 " class="align-text-top noRightClick twitterSection" data=" ">

কেতিয়া মুক্তি পাব টিজাৰ ?

১ জানুৱাৰী উপলক্ষে অভিনেতাগৰাকীয়ে নিজৰ এক্স (টুইটাৰ) একাউণ্টত ছবিখনৰ পোষ্টাৰ শ্বেয়াৰ কৰিছে, য’ত তেওঁক সাগৰৰ মাজত নাৱত থিয় হৈ থকা দেখা গৈছে । এই সময়চোৱাত অভিনেতাগৰাকীয়ে পৰিধান কৰিছে ক’লা পেণ্টৰ লগতে চাৰ্ট । পোষ্টাৰখনত এনে লাগিছিল যেন জুনিয়ৰ এন টি আৰ ধুমুহাৰ সন্মুখীন হ’বলৈ সম্পূৰ্ণৰূপে সাজু হৈ আছে ৷ এই পোষ্টাৰখন শ্বেয়াৰ কৰি অভিনেতাগৰাকীয়ে লিখিছে , ‘‘হেপি নিউ ইয়েৰ । ২০২৪ চনৰ ৮ জানুৱাৰীত মুক্তি পাব ‘দেৱৰা’ৰ ফাৰ্ষ্ট লুক ।’’

কেতিয়া মুক্তি পাব দেৱৰা ?

কেৱল ইমানেই নহয়, টিজাৰৰ লগতে ছবিখনৰ মুক্তিৰ তাৰিখো প্ৰকাশ কৰা হৈছে । অভিনেতাজনৰ এই পোষ্টাৰত লিখা আছে যে এই ছবিখন ২০২৪ চনৰ ৫ এপ্ৰিলত মুক্তি পাব ।

ছৈফ আলী খান আৰু জাহ্নৱী কাপুৰ

এইখিনিতে উল্লেখ কৰিব লাগিব যে, ছৈফ আলী খানকো এই ছবিখনতো দেখা যাব । ছবিখনত ছৈফক ‘ভৈৰা’ৰ চৰিত্ৰত দেখা যাব । ছৈফৰ জন্মদিনত মুক্তি লাভ কৰিছিল ছবিখনৰ পৰা তেওঁৰ প্ৰথম লুক । ছৈফৰ উপৰিও জাহ্নৱী কাপুৰকো দেখা যাব অভিনেতাগৰাকীৰ বিপৰীতে । এন টি আৰ আৰ্টছ আৰু যুৱ সুধা আৰ্টছৰ বেনাৰত নিৰ্মিত এই ছবিখনত অনিৰুদ্ধ ৰবিচন্দৰে সংগীত দিছে । প্ৰথমবাৰৰ বাবে এন টি আৰৰ সৈতে কাম কৰা দেখা যাব ছৈফ আৰু জাহ্নৱীক ।

লগতে পঢ়ক: বিশ্বজুৰি অব্যাহত ছালাৰৰ উপাৰ্জন, দশম দিনত ছবিখনে কিমান উপাৰ্জন কৰিলে জানি লওক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.