ETV Bharat / entertainment

Nayanthara Kids Pic: যমজ পুত্ৰৰ ছবি শ্বেয়াৰ নয়নতৰা বিগনেশৰ, শিশুৰ সৈতে প্ৰথম কৃষ্ণ জন্মাষ্টমী উদযাপন

author img

By ETV Bharat Assamese Team

Published : Sep 7, 2023, 7:44 PM IST

শেহতীয়াকৈ নিজৰ ছ’চিয়েল মিডিয়া হেণ্ডেল ইনষ্টাগ্ৰামত স্বামীৰ সৈতে সন্তানৰ প্ৰথমটি জন্মাষ্টমী উদযাপন কৰি এখন ছবি শ্বেয়াৰ কৰিছে জৱানৰ অভিনেত্ৰী নয়নতৰাই ।

Janmashtami special: Nayanthara celebrates with two Krishnas
জন্মাষ্টমীত সন্তান ছবি শ্বেয়াৰ কৰিছে নয়নতৰাই

চিটাৰা ডেস্ক, 7 ছেপ্টেম্বৰ: দক্ষিণত নিজকে লেডী ছুপাৰষ্টাৰ ৰূপে প্ৰতিষ্ঠা কৰা অভিনেত্ৰী নয়নতৰাই আজি ছবিগৃহত মুক্তি লাভ কৰা শ্বাহৰুখ খানৰ ছবি ‘জৱান’ৰ জৰিয়তে বলীউডত আত্মপ্ৰকাশ কৰিছে। শেহতীয়াকৈ অভিনেত্ৰীগৰাকীয়ে ছ’চিয়েল মিডিয়া ইনষ্টাগ্ৰামত নতুনকৈ যোগদান কৰিছে। ইনষ্টাগ্ৰামত যোগদান কৰিয়ে প্ৰথমটো জৱানৰ পোষ্ট শ্বেয়াৰ কৰিছিল অভিনেত্ৰীগৰাকীয়ে ৷ ইয়াৰ পিচতে নিজৰ দুটি সন্তানৰ সৈতে এটা ভিডিঅ’ ৰিল শ্বেয়াৰ কৰিছিল ৷ এতিয়া ইনষ্টাগ্ৰামত একাউন্ট খোলাৰ পিচৰে পৰা প্ৰায়ে অভিনেত্ৰীগৰাকীয়ে নিজৰ ব্যক্তিগত জীৱনৰ সৈতে জড়িত বহু কথা নিজৰ অনুৰাগীৰ সৈতে শ্বেয়াৰ কৰি থাকে।

শেহতীয়াকৈ নয়নতৰা আৰু তেওঁৰ স্বামী পৰিচালক বিগনেশ শিৱনে ইনষ্টাগ্ৰামত জন্মাষ্টমী উদযাপন কৰা সন্তানৰ ফটো শ্বেয়াৰ কৰিছে। ফটোখনত শিশু দুটিক ধুনীয়া দেখা গৈছে। অনুৰাগীসকলেও এই ফটোত মৰমৰ দিছে ।

সন্তানৰ সৈতে উদযাপন কৃষ্ণ জন্মাষ্টমী

ছ’চিয়েল মিডিয়াত ভিগনেশ শিৱন আৰু নয়নতৰা অতি সক্ৰিয় । তেওঁৰ যমজ পুত্ৰ উয়িৰ আৰু উলাগৰ এখন ধুনীয়া ছবি ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে । এই ছবিখন কৃষ্ণ জন্মাষ্টমী উদযাপনৰ সময়ত ক্লিক কৰা হৈছিল । ফটোখনত দুয়োটা শিশুকে মন্দিৰৰ সন্মুখত ধুতি পৰিধান কৰি বহি থকা দেখা গৈছে ।

এই ফটোখনেৰে তেওঁ কেপচনত লিখিছে ‘আমাৰ দুজন কৃষ্ণৰ সৈতে । ইমানবোৰ সুন্দৰ, ধন্য মুহূৰ্তৰ সৈতে এনে এক ধন্য কৃষ্ণ জয়ন্তী। আমাৰ উয়িৰ আৰু উলাগলৈ বহুত মৰম। কৃষ্ণ জয়ন্তীৰ বাবে শুভেচ্ছা, আশা কৰোঁ সকলোৱে পৰিয়াল আৰু বন্ধু-বান্ধৱীৰ সৈতে এই সুন্দৰ জয়ন্তী উপভোগ কৰক ।

বিগনেশৰ এই পোষ্টটো তেওঁৰ ইনষ্টা ষ্ট’ৰীত পোষ্ট কৰাৰ সময়ত নয়ন্তৰাই লিখিছে, ‘এই আশীৰ্বাদৰ বাবে মই সদায় ভগৱানৰ ওচৰত কৃতজ্ঞ। ভিচি, উয়িৰ, উলাগ।

Janmashtami special: Nayanthara celebrates with two Krishnas
জন্মাষ্টমীত সন্তান ছবি শ্বেয়াৰ কৰিছে নয়নতৰাই

অনুৰাগীসকলেও মৰমৰ দিয়ে এই ফটোখনত

অভিনেত্ৰীগৰাকীয়ে এই পোষ্টটো শ্বেয়াৰ কৰাৰ পিচতে তেওঁৰ অনুৰাগীসকলেও ইয়াৰ ওপৰত মৰমৰ বৰষুণ দিছে । এজন ব্যৱহাৰকাৰীয়ে লিখিছে, ‘শুভ কৃষ্ণ জন্মাষ্টমী উয়িৰ আৰু উলাগ’। আনহাতে, এজনে লিখিছিল 'অতি সুন্দৰ কৃষ্ণ'। আন কিছুমানে হাৰ্ট ইমোজি শ্বেয়াৰ কৰি মৰমৰ দিয়ে ।

'জৱান' নয়নতৰাৰ প্ৰথম হিন্দী ছবি

হিন্দী ছবি ‘জৱান’ত শ্বাহৰুখ খানৰ সৈতে প্ৰথমবাৰৰ বাবে দেখা যাব নয়নতৰাক । এই একচনভৰ্তি ছবিখনত নয়নতৰা আৰু শ্বাহৰুখ খানৰ কেমেষ্ট্ৰী অনুৰাগীয়ে কিমান ভাল পায় সেয়া চাবলগীয়া হ’ব । ছবিখনত দুয়োৰে মাজত ৰোমাঞ্চো দেখা যাব । ইয়াৰ লগতে উল্লেখ কৰিব লাগিব যে পৰিচালক এটলী কুমাৰেও ‘জৱান’ৰ জৰিয়তে বলীউডত আত্মপ্ৰকাশ কৰিছে ৷

লগতে পঢ়ক: Jawan director Atlee: এটলী কুমাৰে প্ৰতিখন ছবিৰ বাবে লয় কোটি কোটি ধন, জানো আহক তেওঁৰ মুঠ সম্পত্তিৰ পৰিমাণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.