ETV Bharat / entertainment

India vs Pakistan: এখন ফটো প্লিজ ! অৰিজিত সিঙে অনুষ্কাক এখন ফটোৰ বাবে জনালে অনুৰোধ, ভাইৰেল ভিডিঅ’

author img

By ETV Bharat Assamese Team

Published : Oct 15, 2023, 12:58 PM IST

India vs Pakistan Arijit Singh asked for a picture from Anushka Sharma, watch video
ভাৰত-পাকিস্তান মেচত অনুষ্কাৰ এখন ফটোৰ বাবে অনুৰোধ জনালে অৰিজিতে

ভাৰত বনাম পাকিস্তানৰ খেলখনত অৰিজিৎ সিঙে নিজৰ কণ্ঠৰে উপস্থিত দৰ্শকক খেলখনৰ বাবে আৰু অধিক উত্তেজিত কৰি তোলে ৷ ইফালে বলীউডৰ অভিনেত্ৰী অনুষ্কা শৰ্মাই স্বামী বিৰাট কোহলীক খেলখনত উৎসাহিত কৰিবলৈ উপস্থিত থাকে ষ্টেডিয়ামত ৷ ইফালে খেলখন চলি থকাৰ মাজতে অৰিজিত সিঙে অভিনেত্ৰীগৰাকীৰ এখন ফটো ল’বলৈ অনুৰোধ কৰা দেখা গ’ল । চাওক ভিডিঅ’ ৷

চিটাৰা ডেস্ক, 15 অক্টোবৰ: 14 অক্টোবৰৰ দিনটো ভাৰতীয় ক্ৰিকেট দলৰ বাবে আছিল এক ডাঙৰ দিন । এদিনীয়া বিশ্বকাপ-2023 ক্ৰিকেটত একেৰাহে তৃতীয়খন মেচতো জয় লাভ কৰে ৰোহিত বাহিনীয়ে ৷ শনিবাৰে আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়াত অনুষ্ঠিত ভাৰত-পাকৰ হাইভল্টেজ মেচত 7 উইকেটত পাকিস্তানক পৰাস্ত কৰে ৰোহিত বাহিনীয়ে ৷ ইয়াৰ পিচতে গোটেই ভাৰতবাসীয়ে উদযাপন কৰে এই ঐতিহাসিক বিজয় ৷ এইখিনিতে এটা কথা উল্লেখ কৰিব লাগিব যে এই বিশ্বকাপৰ প্ৰতিখন খেলেই গুৰুত্বপূৰ্ণ যদিও, ভাৰত-পাকিস্তানৰ খেলখনক লৈ অনুৰাগীৰ মাজত দেখা যায় তীব্ৰ উৎসাহ আৰু এই কথা এক প্ৰকাৰে স্পষ্ট হৈ পৰে শনিবাৰে ৷ কিয়নো এই খেলখন উপভোগ কৰিবলৈ ষ্টেডিয়ামত দৰ্শকৰ বিপুল ভিৰ দেখা গৈছিল ।

ইফালে যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব অৰিজিৎ সিং আৰু অনুষ্কা শৰ্মাইও এই খেলখন চাবলৈ উপস্থিত হৈছিল আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত । খেলখনৰ পাচত অনুষ্কা শৰ্মাৰ কেইবাটাও ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ৷ ইয়াৰ ভিতৰত এটা ভিডিঅ’ আছিল অন্যতম ৷ যিটো ভিডিঅ’ সম্প্ৰতি ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত ৷ ভাইৰেল হোৱা ভিডিঅ’টোত অৰিজিৎ সিঙে অনুষ্কাক এখন ফটোৰ বাবে অনুৰোধ কৰা দেখা গৈছে ।

উল্লেখ্য যে, ভাৰতীয় দলৰ তাৰকা বেটছমেন বিৰাট কোহলীৰ পত্নী-অভিনেত্ৰী অনুষ্কা শৰ্মাই ভাৰতক সমৰ্থন কৰিবলৈ নৰেন্দ্ৰ মোদীৰ ষ্টেডিয়ামত উপস্থিত হৈছিল ৷ ইফালে অৰিজিত সিঙেও প্ৰি-মেচৰ বাবে দৰ্শকৰ উৎসাহ বৃদ্ধি কৰিবলৈ সংগীতানুষ্ঠান পৰিৱেশন কৰিছিল ৷ ইফালে মেচখন চলি থকাৰ সময়ত কণ্ঠশিল্পীগৰাকীয়ে লক্ষ্য কৰিলে যে অনুষ্কা তেওঁৰ পৰা কিছু দূৰৈত বহি আছে । এই মুহূৰ্তটো বন্দী কৰিবলৈ অৰিজিতে অভিনেত্ৰীগৰাকীক ফটো এখনৰ বাবে অনুৰোধ জনায় । এই ভিডিঅ’টো সম্প্ৰতি ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত ।

অৰিজিত সিং আৰু অনুষ্কা শৰ্মাৰ এই ভিডিঅ’টো কণ্ঠশিল্পীগৰাকীৰ ফেন পেজে পোষ্ট কৰিছে । ক্লিপটোত অৰিজিতে বগা চাৰ্ট আৰু নীলা পেণ্ট পৰিধান কৰা দেখা গৈছে । একে সময়তে বগা ৰঙৰ কেজুৱেল ড্ৰেছত অনুষ্কা শৰ্মাকো ধুনীয়া দেখা গৈছে। ভাইৰেল ভিডিঅ’টোত অনুষ্কা শৰ্মাৰ পৰা অলপ দূৰৈত থিয় হৈ থকা অৰিজিৎ সিঙক দেখিবলৈ পোৱা গৈছে । অৰিজিতে অনুষ্কাৰ ফটো এখন তুলিবলৈ অনুৰোধ কৰা দেখা যায় । কণ্ঠশিল্পীগৰাকীৰ অনুৰোধত অভিনেত্ৰীগৰাকীয়ে আনন্দৰে বিজয়ৰ চিন লৈ পোজ দিয়ে, যিটো অৰিজিৎ সিঙে নিজৰ কেমেৰাত বন্দী কৰে ।

লগতে পঢ়ক: India vs Pakistan World Cup 2023: এঘাৰ জনেই বাঘ; ভাৰতীয় দললৈ ছলমান খানৰ শুভেচ্ছা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.