ETV Bharat / entertainment

Honey Singh Divorce: বিবাহ বিচ্ছেদ হ’ল হানি সিঙৰ, ক্ষতিপূৰণৰ বাবে হানিয়ে দিব লগা হ’ল মোটা অংকৰ ধন

author img

By ETV Bharat Assamese Team

Published : Nov 8, 2023, 11:04 AM IST

Honey Singh and Shalini Talwar granted divorce, domestic violence case settled
শালিনীৰ সৈতে বিবাহ বিচ্ছেদ হ’ল হানি সিঙৰ

অৱশেষত বিবাহ বিচ্ছেদ হ’ল হানি সিং আৰু তেওঁৰ পত্নী শালিনীৰ । মঙলবাৰে দিল্লীৰ আদালতে গায়ক তথা ৰেপাৰ হানী সিং আৰু তেওঁৰ পত্নীৰ বিবাহ বিচ্ছেদত অনুমোদন জনায় ।

চিটাৰা ডেস্ক, 8 নৱেম্বৰ: চূড়ান্ত হৈছে ৰেপাৰ হানি সিং আৰু তেওঁৰ পত্নী শালিনী তালৱাৰৰ বিবাহ বিচ্ছেদ । মঙলবাৰে দিল্লীৰ আদালতে হানি সিং আৰু তেওঁৰ পত্নী শালিনীৰ বিবাহ বিচ্ছেদত অনুমতি দিয়ে । যোৱা বছৰ শালিনীয়ে হানি সিঙৰ বিৰুদ্ধে ঘৰুৱা হিংসাৰ অভিযোগ উত্থাপন কৰিছিল । অৱশেষত ২০ বছৰীয়া বিবাহৰ অন্ত পৰে হানি সিং আৰু শালিনীৰ ৷

শালিনীৰ পৰা বিবাহ বিচ্ছেদ ল’বলৈ হানি সিঙে দিবলগীয়া হ’ল বৃহৎ পৰিমাণৰ ধন

সংবাদ মাধ্যমৰ খবৰ অনুসৰি ক্ষতিপূৰণৰ বাবে হানি সিঙৰ পৰা ১০ কোটি টকা দাবী কৰিছিল শালিনীয়ে । কিন্তু এতিয়া দুয়োৰে মাজত এক কোটি টকাৰ ক্ষতিপূৰণৰ চুক্তি হৈছে । উল্লেখ্য যে, শালিনীয়ে হানি সিঙৰ বিৰুদ্ধে বহু গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল । তেওঁ নিজৰ বিবৃতিত কৈছিল যে হানি সিঙে তেওঁক প্ৰতাৰণা কৰিছিল । ৰেপাৰগৰাকীয়ে আন মহিলাৰ সৈতেও শাৰীৰিক সম্পৰ্ক স্থাপন কৰিছিল । কেৱল এয়াই নহয়, ৰেপাৰগৰাকীয়ে তেওঁক মানসিক আৰু শাৰীৰিকভাৱে শোষণ কৰা বুলিও দাবী কৰিছিল শালিনীয়ে ।

এই অভিযোগৰ সন্দৰ্ভত হানি সিঙৰ প্ৰতিক্ৰিয়া

এই অভিযোগৰ সন্দৰ্ভত হানি সিঙে কৈছিল যে, ‘‘বহু সময়ত মোৰ গীতবোৰক ঠাট্টা কৰা হৈছিল । মোৰ স্বাস্থ্য সম্পৰ্কীয় নেতিবাচক খবৰৰ সন্দৰ্ভতো মই কেতিয়াও কোনো বক্তব্য দিয়া নাছিলো । কিন্তু এনে অভিযোগত মৌনতা অৱলম্বন কৰাটো মই সঠিক বুলি নাভাবিলোঁ । মোৰ বিৰুদ্ধে এনে গুৰুতৰ অভিযোগত মই গভীৰভাৱে দুখী হৈছো ।’’ ইফালে কিছুদিনৰ পৰা হানী সিঙৰ নাম মডেল টিনা থাদানীৰ সৈতে জড়িত হৈ পৰিছে । কোৱা হৈছে হানিয়ে টিনাক ডেট কৰি আছে ৷ অৱশ্যে এই সন্দৰ্ভত হানিয়ে কোনো আনুষ্ঠানিক বক্তব্য প্ৰদান কৰা নাই ৷

লগতে পঢ়ক: Kalaastar song out : ৯ বছৰৰ পিচত কালাষ্টাৰৰ সৈতে পুনৰ উভতিল হানি সিং, 4 ঘণ্টাত 11 মিলিয়ন ভিউজ লাভ গীতটিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.