ETV Bharat / entertainment

অনুষ্কা-আথিয়াক লৈ মন্তব্য কৰি ছ’চিয়েল মিডিয়াত ট্ৰ’ল হ’ল হৰভজন সিং

Harbhajan Singh on Anushka-Athiya: নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত বিশ্বকাপত অনুষ্কা শৰ্মা আৰু আথিয়া শ্বেট্টীক লৈ এক চাঞ্চল্যকৰ মন্তব্য কৰে হৰভজন সিঙে । ইয়াকে লৈ এতিয়া ছ’চিয়েল মিডিয়াত বেয়াকৈ ট্ৰ’ল হৈছে হৰভজন সিং ।

Harbhajan Singh faces backlash over controversial remarks on Anushka Sharma and Athiya Shetty at World Cup final 2023
অনুষ্কা-আথিয়াক লৈ বিতৰ্কিত মন্তব্য হৰভজন সিঙৰ

Published : November 20, 2023 at 11:30 AM IST

Choose ETV Bharat

চিটাৰা ডেস্ক, 20 নৱেম্বৰ: দেওবাৰে আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হৈছিল বিশ্বকাপ ২০২৩ ৰ অন্তিমখন খেল । য’ত শ্বাহৰুখ খান, অনুষ্কা শৰ্মা আৰু আথিয়া শ্বেট্টীৰ দৰে বহু তাৰকা আহিছিল টিম ইণ্ডিয়াক সমৰ্থন কৰিবলৈ । ইফালে, খেলখন চলি অৱস্থাতে অনুষ্কা আৰু আথিয়াক লৈ ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ তথা স্পিনাৰ হৰভজন সিঙে এনে এক মন্তব্য কৰে, যাৰ বাবে ছ’চিয়েল মিডিয়াত ব্যাপকভাৱে ট্ৰ’ল হয় হৰভজন সিং ।

অনুষ্কা আৰু আথিয়াক লৈ বিতৰ্কিত মন্তব্য হৰভজন সিঙৰ

আচলতে কমেন্ট্ৰী কৰাৰ সময়ত হৰভজন সিঙে বিৰাট কোহলীৰ পত্নী তথা অভিনেত্ৰী অনুষ্কা শৰ্মা আৰু কে এল ৰাহুলৰ পত্নী তথা বলীউডৰ অভিনেত্ৰী আথিয়া শেট্টীক লৈ বিতৰ্কিত মন্তব্য কৰিছিল । মেচৰ সময়ত যেতিয়া কেমেৰাই অনুষ্কা আৰু আথিয়াৰ ওপৰত জুম কৰে, তেতিয়া দুয়োগৰাকী অভিনেত্ৰী ইগৰাকীয়ে সিগৰাকীৰ সৈতে কথা পাতি থকা পৰিলক্ষিত হয় । ইয়াকে লৈ হৰভজন সিঙে কৈছিল, “মই অনুভৱ কৰোঁ যে হয়তো এই দুয়োগৰাকীয়ে নিজৰ ছবিৰ বিষয়ে আলোচনা কৰিছে ৷ কাৰণ অনুষ্কা শৰ্মা আৰু আথিয়া শ্বেট্টীয়ে হয়তো ক্ৰিকেটৰ বিষয়ে বৰ বিশেষ একো নাজানে ।”

হৰভজন সিঙক ছ’চিয়েল মিডিয়াত ট্ৰ’ল ব্যৱহাৰকাৰীৰ

হৰভজন সিঙৰ এই মন্তব্যৰ বাবেই এতিয়া নেটিজেনে তেওঁক ছচিয়েল মিডিয়াত ব্যাপকভাৱে ট্ৰ’ল কৰা পৰিলক্ষিত হৈছে । আনকি এজন ব্যৱহাৰকাৰীয়ে ক্ৰিকেটাৰগৰাকীক ক্ষমা খুজিবলৈও দাবী জনাইছে । এজন ব্যৱহাৰকাৰীয়ে লিখিছে, “@harbhajan_singh মহিলাসকলে ক্ৰিকেট বুজি পাওক বা নাপাওক তাতে আপোনাৰ কি হ’ল ? লগে লগে ক্ষমা বিচাৰক ।’’ আনহাতে আন এজনে লিখিছে, "এয়া আটাইতকৈ ঘৃণনীয় কথা ৷"

  • Harbhajan Singh, made a rather 'misogynistic' remark where he questioned the actresses' understanding of cricket.

    Harbhajan, during the commentary, said, "Aur yeh main soch raha tha ki baat cricket ki ho rahi hai ya filmon ki. Kyunki filmon ke barein mein toh janta nahi kitni… pic.twitter.com/2gCjnj6QSO

    — Mahua Moitra Fans (@MahuaMoitraFans) November 19, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

ষ্টেডিয়ামত খেল চাবলৈ উপস্থিত হৈছিল এইসকল তাৰকা

উল্লেখ্য যে, শ্বাহৰুখ খান, গৌৰী খান, ৰণবীৰ সিং, দীপিকা পাডুকন, আয়ুষ্মান খুৰানা, সুহানা খান, আৰিয়ান খান, অব্ৰাম খান, শানয়া কাপুৰ আৰু দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীও টিম ইণ্ডিয়াক উৎসাহিত কৰিবলৈ উপস্থিত হৈছিল ষ্টেডিয়ামত । অমিত শ্বাহকো তেওঁৰ লগত দেখা গৈছিল ষ্টেডিয়ামত । অৱশ্যে এই খেলখনত অষ্ট্ৰেলিয়াৰ হাতত পৰাস্ত হয় ভাৰত ৷

লগতে পঢ়ক: অষ্ট্ৰেলিয়াৰ হাতত পৰাস্ত ভাৰত, টিম ইণ্ডিয়াৰ মনোবল বৃদ্ধিৰ বাবে শ্বাহৰুখে ক’লে এই কথা