ETV Bharat / entertainment

Gauhar Khan: বিমানত চুৰি হ’ল গৌহৰ খানৰ এটা বিলাসী বস্তু; অভিযোগ দাখিল কৰিলে অভিনেত্ৰীগৰাকীয়ে

author img

By ETV Bharat Assamese Team

Published : Sep 21, 2023, 5:53 PM IST

টিভি আৰু বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী গৌহৰ খানে শেহতীয়াকৈ টুইটাৰত এটা পোষ্ট শ্বেয়াৰ কৰিছে । পোষ্টটোত তেওঁৰ এটা বিলাসী বস্তু বিমানত চুৰি হোৱা বুলি উল্লেখ কৰে ৷ সবিশেষ জানিবলৈ পঢ়ক এই প্ৰতিবেদন ৷

gauahar-khans-sunglasses-stolen-in-a-flight-while-returning-from-dubai
বিমানত চুৰি হ’ল গৌহৰ খানৰ এটা বিলাসী বস্তু

চিটাৰা ডেস্ক, ২১ ছেপ্টেম্বৰ: ‘বিগ বছ ৭’ ৰ বিজয়ী তথা টিভি অভিনেত্ৰী গৌহৰ খান আকৌ এবাৰ বাতৰিৰ শিৰোনামত । শেহতীয়াকৈ অভিনেত্ৰীগৰাকীয়ে ডুবাইলৈ যাত্ৰা কৰিছিল যদিও গৌহৰৰ এই যাত্ৰা নাছিল বৰ ভাল নাছিল ৷

এয়াৰলাইন কোম্পানী এটাৰ সৈতে সন্মুখীন হোৱা সমস্যাৰ বিষয়ে অভিনেত্ৰীয়ে ছ’চিয়েল মিডিয়াত প্ৰকাশ কৰিছে। শেহতীয়াকৈ মাতৃ হোৱা গৌহৰে টুইটাৰযোগে কয় যে ডুবাইৰ পৰা মুম্বাইলৈ উভতি অহাৰ সময়ত তেওঁৰ বস্তু চুৰি হৈছিল । কোনোবাই চুৰি কৰিছে অভিনেত্ৰীগৰাকীৰ বিলাসী ছানগ্লাছ । এই সন্দৰ্ভত গৌহৰে টুইটাৰত শ্বেয়াৰ কৰিছে এটা পোষ্ট ।

গৌহৰে নিজৰ ছ’চিয়েল একাউণ্টত এটা টুইট শ্বেয়াৰ কৰি পোষ্টটোত বিমান কোম্পানীটোক টেগ কৰে । অভিনেত্ৰীগৰাকীয়ে তেওঁৰ বিশেষ বস্তুটো চুৰি হোৱাৰ অভিযোগ উত্থাপন কৰি কোম্পানীক পৰীক্ষা কৰিবলৈ কয় ।

বিমান কোম্পানীয়ে গৌহৰক যোগান ধৰা ছানগ্লাছ তেওঁৰ নাছিল। এনে পৰিস্থিতিত তেওঁ অভিযোগ কৰিব লগা হ’ল । গৌহৰে লিখিছে যে এইটো তেওঁৰ বাবে অতি হতাশাজনক আৰু অভিনেত্ৰীগৰাকীয়ে এই সন্দৰ্ভত বিমান কোম্পানীটোক ফোন কৰিছিল যদিও তেওঁলোকৰ ডেস্কৰ পৰা কোনেও গৌহৰৰ ফোন বা ইমেইলৰ কোনো সঁহাৰি নিদিলে ।

  • Hey @emirates , my sunglasses was stolen yesterday on ur flight ek508 from Dubai to mumbai , it was left behind on the aircraft when I disembarked n I informed the Indian ground staff immediately, they said they found a pair on my seat pocket of 9j but to my shock the packet…

    — Gauahar Khan (@GAUAHAR_KHAN) September 21, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

গৌহৰে টুইট কৰি লিখিছে, ‘@Emirates, কালি আপোনাৰ বিমান ek508 ৰ পৰা মোৰ দামী ছানগ্লাছ চুৰি হৈছিল । ডুবাইৰ পৰা মুম্বাইলৈ, অৱতৰণ কৰাৰ সময়ত বিমানত থৈ ​​দিয়া হৈছিল, লগে লগে ভাৰতীয় গ্ৰাউণ্ড ষ্টাফক খবৰ দিলোঁ, তেওঁলোকে ক’লে যে তেওঁলোকে মোৰ ৯j চিটৰ পকেটত চশমা এযোৰ পাইছিল, কিন্তু মই আচৰিত হ’লো যে, তেওঁলোকে মোক দিয়া ছানগ্লাছযোৰ মোৰ নাছিল ৷ মই আপোনাৰ হেল্পলাইন নম্বৰত কেইবাবাৰো ফোন কৰিলোঁ আৰু প্ৰমাণৰ সৈতে ইমেইলো পঠালোঁ, কোনো সঁহাৰি নাপালোঁ... অনুগ্ৰহ কৰি চোৰজনক অনুসৰণ কৰক ৷ কাৰণ আপোনাৰ সুনামধন্য বিমান সংস্থাত কেমেৰা আছে, যিয়ে সেৱাৰ বাবে বিপুল ধন লয় ।

উল্লেখ্য যে টিভি আৰু বলীউডৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী গৌহৰ খান । শেহতীয়াকৈ অভিনেত্ৰীগৰাকীয়ে জন্ম দিছে এটি সন্তান । জাইদ দৰবাৰৰ লগত বিয়া হোৱাৰ পিচত গৌহৰ খানে লাইমলাইটৰ পৰা আঁতৰি থাকে।

লগতে পঢ়ক: Tanushree on Rakhi Sawant: আদিলৰ সমৰ্থনত নামিল অভিনেত্ৰী তনুশ্ৰী দত্ত; ৰাখীৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.