ETV Bharat / entertainment

FIR against Ranveer: নগ্ন ফটোশ্বুটক লৈ ৰণভীৰ সিঙৰ বিৰুদ্ধে FIR

author img

By

Published : Jul 26, 2022, 1:03 PM IST

Updated : Jul 27, 2022, 9:56 AM IST

ৰণভীৰ সিঙৰ নগ্ন ফটোশ্বুটক লৈ মুম্বাই আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰে (FIR against Ranveer Singh over his nude photoshoot) । সোমবাৰে, মুম্বাই আৰক্ষীৰ ওচৰত ৰণভীৰৰ বিৰুদ্ধে "মহিলাৰ অনুভূতিক আঘাত কৰাৰ" অভিযোগত এজাহাৰ দাখিল কৰা হয় ।

Ranveer Singh
নগ্ন ফটোশ্বুটক লৈ ৰণভীৰ সিঙৰ বিৰুদ্ধে FIR

চিটাৰা ডেস্ক, 26 জুলাই: মুম্বাই আৰক্ষীয়ে বলীউডৰ অভিনেতা ৰণভীৰ সিঙৰ বিৰুদ্ধে ছ’চিয়েল মিডিয়াত নগ্ন ফটো আপলোড কৰাকলৈ গোচৰ ৰুজু কৰা বুলি জানিব পৰা গৈছে (FIR against Ranveer) ।

সোমবাৰে মুম্বাই আৰক্ষীক ৰণভীৰৰ বিৰুদ্ধে "মহিলাৰ অনুভূতিক আঘাত কৰাৰ" অভিযোগত গোচৰ আবেদন দাখিল কৰা হয় । মুম্বাইস্থিত শ্যাম মংগাৰাম নামৰ বেচৰকাৰী সংস্থাৰ এগৰাকী বিষয়ববীয়াই চেম্বুৰ আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ ৷

মুম্বাইস্থিত বেচৰকাৰী সংস্থা এটাই চেম্বুৰ আৰক্ষীৰ কাষ চাপিছিল অভিনেতাজনৰ বিৰুদ্ধে এজাহাৰ লৈ । এই এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ৰণভীৰৰ বিৰুদ্ধে বিভিন্ন ভাৰতীয় দণ্ডবিধিৰ ধাৰা যেনে ২৯২ (অশ্লীল কিতাপ বিক্ৰী আদি), ২৯৩ (যুৱকক অশ্লীল বস্তু বিক্ৰী কৰা), ৫০৯ (নাৰীক অসন্তুষ্ট কৰাৰ উদ্দেশ্যে কৰা শব্দ, ইংগিত বা কাৰ্য্য) ৰ অধীনত গোচৰ ৰুজু কৰিছে ৷

এন জি অ’টোৰ এজন বিষয়ববীয়াই অভিনেতাগৰাকীয়ে মহিলাসকলৰ আৱেগক আঘাত কৰাৰ লগতে তেওঁৰ ফটোৰ জৰিয়তে মহিলাসকলৰ বিনম্ৰতাক অপমান কৰিছে বুলি অভিযোগ উত্থাপন কৰিছিল বুলি আৰক্ষীয়ে পূৰ্বে প্ৰকাশ কৰিছিল । ৰণবীৰে এখন আলোচনীৰ বাবে কৰা ফটোশ্বুটৰ ছবিসমূহ ২১ জুলাইত অনলাইনযোগে প্ৰকাশ হৈছিল । চিত্ৰসমূহত ৰণভীৰ নিবস্ত্ৰ আছিল । ইয়াৰে এখন ফটোত তেওঁক উলংগ হৈ কাৰ্পেটৰ ওপৰত পৰি থকা বাৰ্ট ৰেইনল্ডৰ বিখ্যাত ফটোখন পুনৰ সৃষ্টি কৰা দেখা গৈছিল ।

পিছত বেচৰকাৰী সংস্থাটোৰ লগতে এগৰাকী মহিলা অধিবক্তাই অভিনেতাগৰাকীৰ বিৰুদ্ধে চেম্বুৰ থানাত সুকীয়াকৈ এজাহাৰ দাখিল কৰে । প্ৰাক্তন সাংবাদিক অধিবক্তাগৰাকীয়ে দাখিল কৰা আবেদনখনত মহিলাৰ শালীনতাক ক্ষুব্ধ কৰাৰ উদ্দেশ্যে সিঙৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছিল বুলি আৰক্ষীয়ে পূৰ্বে জনাইছিল ।

কেইবাটাও বঁটা লাভ কৰা ৰণভীৰ সিঙে বাজিৰাও মস্তানী, পদ্মাৱত, গাল্লী বয় আদি ছবিত অভিনয় কৰি দৰ্শকৰ হৃদয় জিনিছিল । শেহতীয়াকৈ নেটফ্লিক্সৰ ইন্টাৰেক্টিভ বিশেষ Ranveer vs Wild with Bear Grylls ত ৰণভীৰক দেখা গৈছিল যিয়ে সমগ্ৰ বিশ্বৰ নেটিজেনসকলৰ পৰা ইতিবাচক সঁহাৰি লাভ কৰিছিল । তেওঁক পৰৱৰ্তী সময়ত দেখা যাব ৰোহিত শেট্টীৰ পৰৱৰ্তী পৰিচালনামূলক ছবি চাৰ্কাছত জেকলিন ফাৰ্নাণ্ডেছ আৰু পূজা হেগড়েৰ সৈতে । ২০২২ চনৰ বৰদিন উপলক্ষে মুক্তি পাব এই ছবিখনে ।

ইয়াৰ উপৰিও ৰণভীৰৰ হাতত আলিয়া ভাট, ধৰ্মেন্দ্ৰ, শ্বাবানা আজমী আৰু জয়া বচ্চনে অভিনয় কৰিবলগীয়া ৰকি ঔৰ ৰাণী কী প্ৰেম কাহানীও আছে । ২০২৩ চনৰ ১১ ফেব্ৰুৱাৰীত ছবিগৃহত মুক্তি পাবলৈ সাজু হৈছে ছবিখন ।

লগতে পঢ়ক: ৰণবীৰ সিঙৰ পূৰ্বে কেমেৰাৰ সন্মুখত নগ্ন হোৱা তাৰকাসকল

Last Updated : Jul 27, 2022, 9:56 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.