Jacqueline Fernandez news 12 ছেপ্তেম্বৰত উপস্থিত থাকিবলৈ জেকলিনলৈ দিল্লী আৰক্ষীৰ চমন

author img

By

Published : Aug 31, 2022, 5:35 PM IST

Jacqueline Fernandez
12 ছেপ্তেম্বৰত উপস্থিত থাকিবলৈ জেকলিনলৈ দিল্লী আৰক্ষীৰ চমন ()

সোধপোছ কৰাৰ বাবে 12 ছেপ্টেম্বৰত দিল্লী আৰক্ষীৰ সন্মুখত হাজিৰ হ’বলৈ বলীউড অভিনেত্ৰী জেকলিন ফাৰ্ণাণ্ডেজলৈ চমন জাৰি কৰিছে দিল্লী আৰক্ষীয়ে (Delhi Police summons Jacqueline Fernandez) ।

চিটাৰা ডেস্ক, 31 আগষ্ট : অসুবিধাই লগ নেৰা হৈছে অভিনেত্ৰী জেকলিন ফাৰ্ণাণ্ডেজক ৷ ঠগবাজ সুকেশ চন্দ্ৰশেখৰৰ সৈতে নাম সাঙোৰ খাই পৰাৰ পিছৰে পৰা বিতৰ্কই লগ এৰি দিয়া নাই জেকলিনৰ ৷ শেহতীয়াকৈ অভিনেত্ৰী গৰাকীৰ নামত জাৰি কৰা হৈছে চমন ৷

দিল্লী আৰক্ষীয়ে বুধবাৰে অভিনেত্ৰীগৰাকীক সুকেশ চন্দ্ৰশেখৰৰ 200 কোটি টকাৰ ধন দাবী গোচৰত চমন জাৰি কৰিছে । চমন অনুসৰি অভিনেত্ৰীগৰাকীয়ে 12 ছেপ্টেম্বৰত দিল্লী আৰক্ষীৰ ওচৰত সোধা-পোছাৰ বাবে হাজিৰ হ’ব লাগিব (Delhi Police summons Jacqueline Fernandez) ।

আনহাতে দিল্লীৰ পাটিয়ালা হাউছ ক’ৰ্টে অভিনেত্ৰী জেকলিন ফাৰ্ণাণ্ডেজক চমন জাৰি কৰি অহা ২৬ ছেপ্টেম্বৰত আদালতত হাজিৰ হ’বলৈ নিৰ্দেশ দিছে (Jacqueline Fernandez news) । শেহতীয়াকৈ আদালতে এই গোচৰত দাখিল কৰা চাৰ্জশ্বীটৰ তদাৰক কৰিছে ।

প্ৰৱঞ্চক সুকেশ চন্দ্ৰশেখৰৰ সৈতে জড়িত 200 কোটি টকাৰ পিএমএলএ গোচৰত বলীউডৰ অভিনেত্ৰী জেকলিন ফাৰ্ণাণ্ডেজৰ বিৰুদ্ধে দ্বিতীয় পৰিপূৰক অভিযোগনামাত ইডিয়ে কিছুমান গুৰুত্বপূৰ্ণ তথ্য বিচাৰি পাইছে ।

ইডিয়ে যোৱা বছৰ চন্দ্ৰশেখৰ আৰু জেকলিনক গোচৰৰ সত্যতা জেৰা কৰিছিল । ইডিয়ে প্ৰথমে দুয়োকে নিজৰ পৰিচয় দিবলৈ কৈছিল ৷ ইডিয়ে আন এটা প্ৰশ্ন আছিল যে তেওঁলোকে ইজনে সিজনক কেনেকৈ চিনি পাইছিল । প্ৰত্যুত্তৰত জেকলিনে কয় যে 2021 চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা তেওঁলোকে ফোনত কথা পাতি আছিল, কিন্তু যোৱা বছৰৰ আগষ্টৰ পিছত তেওঁলোকে ইজনে সিজনৰ লগত কথা পতা নাছিল ।

লগতে 2021 চনৰ জুন মাহত চেন্নাইত চন্দ্ৰশেখৰক দুবাৰকৈ লগ পোৱা বুলিও জানিবলৈ দিয়ে অভিনেত্ৰী গৰাকীয়ে । চন্দ্ৰশেখৰে জেকলিনে কোৱা কথাবোৰ সঁচা বুলিও নিশ্চিত কৰে । ইডিয়ে চন্দ্ৰশেখৰক তৃতীয়টো প্ৰশ্ন কৰে যে তেওঁ কেনেকৈ জেকলিনৰ আগত নিজৰ পৰিচয় দিছিল ? চন্দ্ৰশেখৰে মাত্ৰ কৈছিল যে তেওঁ জেকলিনক শেখৰ বুলিয়ে চিনাকি দিছিল ।

ফাৰ্ণাণ্ডেজে লগতে কয় যে চন্দ্ৰশেখৰে নিজকে ছান টিভিৰ মালিক বুলি দাবী কৰি নিজকে শেখৰ ৰত্ন ভেলা বুলি পৰিচয় দিছিল । তেওঁ লগতে জানিবলৈ দিয়ে যে তেওঁ প্ৰয়াত নেতা জয়ললিতাৰ ভতিজা ।

লগতে পঢ়ক : Rajkummar Rao birthday একমাত্ৰ সাধনাৰ বলত নিজৰ অন্য এক পৰিচয় গঢ়ি তোলা অভিনেতাজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.