ETV Bharat / entertainment

বেকগ্ৰাউণ্ড মডেলৰ পৰা কেনেকৈ বলীউডৰ শীৰ্ষ অভিনেত্ৰী হ’ল দীপিকা পাডুকন ?

author img

By ETV Bharat Assamese Team

Published : Jan 5, 2024, 10:21 AM IST

Deepika Padukone Bday Special: Know unknown facts about Deepika
দীপিকা পাডুকনৰ ৩৮ সংখ্যক জন্মদিন

Deepika Padukone Bday Special: আজি দীপিকা পাডুকনৰ ৩৮ সংখ্যক জন্মদিন । এই বিশেষ দিনটোত অভিনেত্ৰীগৰাকীৰ সৈতে জড়িত এনে কিছুমান কথা জানো আহক, যিবোৰ হয়তো খুব কম সংখ্যক লোকেহে জানে ৷

চিটাৰা ডেস্ক, ৫ জানুৱাৰী: চলচ্চিত্ৰ জগতখনো বৰ আচৰিত, কাৰণ ইয়াত কেতিয়া কাৰ ভাগ্য সলনি হৈ যাব সেয়া কোনেও ক’ব নোৱাৰে ৷ তেনে বহু লোকৰ উদাহৰণ নোহোৱা নহয় ৷ ইয়াৰ মাজতে অন্যতম হৈছে বলীউডৰ মহিলা ছুপাৰষ্টাৰ দীপিকা পাডুকন । আজি অভিনেত্ৰীগৰাকীৰ ৩৮ সংখ্যক জন্মদিন ৷ গতিকে দীপিকাৰ জন্মদিনত জানো আহক তেওঁৰ বিষয়ে কিছু নজনা কথা ৷

সফলতাৰ শীৰ্ষত কেনেকৈ উপনীত হ’ল দীপিকা পাডুকন ?

১৯৮৬ চনৰ ৫ জানুৱাৰীত ডেনমাৰ্কত জন্ম হৈছিল দীপিকা পাডুকনৰ ৷ বেডমিণ্টন খেলুৱৈ প্ৰকাশ পাডুকনৰ কন্যা দীপিকা পাডুকন । প্ৰথমে ৰাষ্ট্ৰীয় পৰ্যায়ত বেডমিণ্টন খেলাৰ সিদ্ধান্ত লৈছিল দীপিকাই ৷ কিন্তু তাৰ ২ বছৰৰ ভিতৰতে এগৰাকী মডেল ৰূপে পৰিগণিত হয় দীপিকা । ইয়াৰ পিচত ফেশ্বন জগতৰ পৰা বলীউডলৈ ঢাপলি মেলে অভিনেত্ৰীগৰাকীয়ে ৷ সৌভাগ্যক্ৰমে প্ৰথমখন ছবি কৰিবলৈ সুযোগ পাই উদ্যোগটোৰ কিং শ্বাহৰুখ খানৰ সৈতে । শ্বাহৰুখ খানৰ ঔম শান্তি ঔমৰ জৰিয়তে বলীউডত আত্মপ্ৰকাশ কৰে দীপিকাই ৷ ছবিখন বক্স অফিচত চুপাৰহিট ৰূপে পৰিগণিত হয় ।

বেকগ্ৰাউণ্ড মডেল আছিল দীপিকা

অভিনয়ত আত্মপ্ৰকাশ কৰাৰ পূৰ্বে দীপিকাই মডেল হিচাপে বহু কাম কৰিছিল । সেই সময়ত অভিনেত্ৰীগৰাকীয়ে তাৰকাৰ পিচফালে মডেলিং কৰিছিল অৰ্থাৎ বেকগ্ৰাউণ্ড মডেল হিচাপে কাম কৰিছিল । কেইবছৰমান পূৰ্বে দীপিকাৰ এখন ফটোও ভাইৰেল হৈ পৰিছিল, য’ত তেওঁক বেকগ্ৰাউণ্ড মডেল হিচাপে দেখা গৈছিল ।

সেই সময়ত ফৰদীন খানৰ ষ্টাৰডম তুংগত আছিল আৰু এটা শ্ব’ত তেওঁক শ্ব’ ষ্টপাৰ কৰা হৈছিল । এই ইভেণ্টত বেকগ্ৰাউণ্ড মডেল আছিল দীপিকা পাডুকন । সেই সময়ত হয়তো কোনেও দীপিকাৰ প্ৰতি ইমান গুৰুত্বও দিয়া নাছিল ।

‘সাৱৰীয়া’ ছবিখনৰ জৰিয়তে বলীউডত আত্মপ্ৰকাশ কৰিলে হয় দীপিকাই

২০০৭ চনৰ ‘ঔম শান্তি ঔম’ ছবিৰ জৰিয়তে বলিউডত অভিনয় জীৱন আৰম্ভ কৰিছিল দীপিকাই । অভিনেত্ৰীগৰাকীৰ প্ৰথমখন ছবিয়েই ব্লকবাষ্টাৰ ৰূপে প্ৰমাণিত হৈছিল । অৱশ্যে অতি কম সংখ্যকেহে জানে যে দীপিকাই প্ৰথমে সঞ্জয় লীলা ভানশালীৰ ‘সাৱৰিয়া’ ছবিখনৰ সৈতে বলীউডত আত্মপ্ৰকাশ কৰিলগীয়া আছিল । এই সন্দৰ্ভত তেওঁৰ সৈতে আলোচনা হৈছিল যদিও পিচত ভানশালীয়ে তেওঁক ছবিখনৰ পৰা আঁতৰাই সোনম কাপুৰক এই সুযোগ দিয়াৰ সিদ্ধান্ত লয় । ভানশালীয়ে ঋষি কাপুৰৰ পুত্ৰ ৰণবীৰ কাপুৰৰ সৈতে অনিল কাপুৰৰ কন্যা সোনমক লঞ্চ কৰিব বিচাৰিছিল । সেইবাবেই তেওঁ দীপিকাক নিজৰ ছবিখনৰ পৰা আঁতৰাই পেলায় ।

মালাইকা অৰোৰাৰ বাবেই লাভ কৰিছিল প্ৰথমখন ছবি

কোৱা হয় যে মালাইকা অৰোৰাৰ পৰামৰ্শত হে দীপিকাক ‘ঔম শান্তি ঔম’ ছবিখনত সুযোগ দিয়া হৈছিল । সেই সময়ত ফাৰাহ খানে শ্বাহৰুখ খানৰ সৈতে তেওঁৰ ছবিখনৰ বাবে নতুন মুখ বিচাৰি আছিল । ফাৰাহ খানে মালাইকাৰ আগত এই কথা কওঁতে তেওঁৰ বন্ধু ৱাণ্ডেল ৰড্ৰিক্সৰ মডেল দীপিকালৈ মনত পৰিল । দীপিকাই ৱাণ্ডেলৰ লগত এটা কৰ্মশালাত বহুদিন কাম কৰিছিল । এই সময়চোৱাত মালাইকাই দীপিকাৰ কঠোৰ পৰিশ্ৰমত অতিশয় আপ্লুত হৈছিল । এনে অৱস্থাত ভাণ্ডেলেও তেওঁৰ বন্ধু মালাইকাৰ সৈতে দীপিকাক চিনাকি কৰাই দিয়ে ।

দীপিকাৰ প্ৰতি আপ্লুত হৈ পৰিছিল মালাইকা

কোৱা হয় যে মালাইকাই দীপিকাক লগ পোৱাৰ সময়ত দীপিকাৰ পৰিশ্ৰমত আপ্লুত হৈ পৰিছিল । ইয়াৰ পিচত যেতিয়া ফাৰাহাই তেওঁৰ পৰৱৰ্তী ছবি ‘ঔম শান্তি ঔম’ৰ বাবে অভিনেত্ৰীগৰাকীৰ কথা উল্লেখ কৰিছিল, তেতিয়া মালাইকাই দীপিকাৰ বিষয়ে অৱগত কৰে ফাৰাহক ৷ ইয়াৰ পিচত ফাৰাহ খানে দীপিকাক লগ পায় আৰু অৱশেষত শ্বাহৰুখৰ সৈতে ছবিখনৰ বাবে নতুন মুখ বিচাৰি পায় ।

ৰাষ্ট্ৰীয় পৰ্যায়ৰ বেডমিণ্টন খেলুৱৈ আছিল দীপিকা

এগৰাকী অভিনেত্ৰী হোৱাৰ উপৰিও দীপিকা এগৰাকী বেডমিণ্টন খেলুৱৈও । তেওঁ নিজেই এক সাক্ষাৎকাৰত প্ৰকাশ কৰিছিল যে মডেলিঙৰ ক্ষেত্ৰখনত অহাৰ পূৰ্বে তেওঁ ৰাষ্ট্ৰীয় পৰ্যায়ত বেডমিণ্টন খেলিছিল । অৱশ্যে মডেলিং ভাল পোৱাৰ বাবেই এই উদ্যোগটোত কেৰিয়াৰ গঢ়িবলৈ আহিছিল, যদিও সেই সময়ত অভিনয় কৰাৰ উদ্দেশ্য নাছিল । ২ বছৰ মডেলিং কৰাৰ পিচত দীপিকাই অভিনয়ৰ অফাৰ পাবলৈ আৰম্ভ কৰে, সেয়েহে তেওঁ অভিনয়ক নিজৰ কেৰিয়াৰ হিচাপে বাছি লৈছিল ।

আজি দীপিকা বলীউডৰ শীৰ্ষ অভিনেত্ৰী

দীপিকাই এতিয়ালৈকে নিজৰ কেৰিয়াৰৰ প্ৰতিটো পৰ্যায়তে নিজকে প্ৰমাণ কৰি দেখুৱাইছে । আজি দীপিকা বলীউডৰ অন্যতম ব্যয়বহুল অভিনেত্ৰী হিচাপে পৰিগণিত হৈছে । খবৰ অনুসৰি অভিনেত্ৰীগৰাকীয়ে এখন ছবিৰ বাবে ১২ৰ পৰা ১৪ কোটি টকা লয় ।

লগতে পঢ়ক: হামাৰে তুমহাৰেৰ পৰা এনিমেললৈকে, কেনে আছিল অনিল কাপুৰৰ চাৰি দশকৰ চলচ্চিত্ৰ কেৰিয়াৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.