ETV Bharat / entertainment

World Cup 2023: অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টিম ইণ্ডিয়াৰ জয়ত আনন্দিত অনুষ্কা শৰ্মা, স্বামী বিৰাটৰ সৈতে শ্বেয়াৰ কৰিলে এইগৰাকী বিশেষ ক্ৰিকেটাৰৰ ফটো

author img

By ETV Bharat Assamese Team

Published : Oct 9, 2023, 1:53 PM IST

cricket-world-cup-anushka-sharma-drops-heart-after-virat-kohli-kl-rahul-shine-against-australia
অনুষ্কা শৰ্মাই টিম ইণ্ডিয়াৰ এই জয়ত সুখ প্ৰকাশ কৰিছে

দেওবাৰে ‘বিশ্বকাপ ২০২৩’ৰ পঞ্চমখন খেলত ভাৰতে অষ্ট্ৰেলিয়াক ৬ উইকেটত পৰাস্ত কৰে । অনুষ্কা শৰ্মাই টিম ইণ্ডিয়াৰ এই জয়ত সুখ প্ৰকাশ কৰিছে ।

চিটাৰা ডেস্ক, 9 অক্টোবৰ: দেওবাৰে সমগ্ৰ দেশতে উদযাপনৰ পৰিৱেশ দেখা পোৱা গৈছিল । ‘বিশ্বকাপ ২০২৩’ৰ পঞ্চমখন খেলত ভাৰতে অষ্ট্ৰেলিয়াক ৬ উইকেটত পৰাস্ত কৰে । টিম ইণ্ডিয়াৰ এই জয়ত বিৰাট কোহলীয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল । অনুৰাগীয়ে বিৰাটক অভিনন্দন জ্ঞাপন কৰিছে । কোহলীৰ পত্নী বলীউডৰ অভিনেত্ৰী অনুষ্কা শৰ্মাইও এই বিজয়ত আনন্দ-উল্লাস কৰা দেখা গৈছে ৷

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টিম ইণ্ডিয়াৰ জয়ত বিজয় উল্লাস অনুষ্কা শৰ্মাৰ

ছ’চিয়েল মিডিয়াত বিশেষ ধৰণেৰে সুখ প্ৰকাশ কৰিছে অভিনেত্ৰীগৰাকীয়ে । আইচিচিৰ এটা পোষ্ট শ্বেয়াৰ কৰি অভিনেত্ৰীগৰাকীয়ে নীলা ৰঙৰ হৃদয়ৰ ইমোজি শ্বেয়াৰ কৰিছে । এই ছবিখনত বিৰাট কোহলীৰ সৈতে কে এল ৰাহুলক দেখা গৈছে । অনুষ্কাৰ লগতে সমগ্ৰ দেশে টিম ইণ্ডিয়াৰ বিজয় উদযাপন কৰিছে । ছ’চিয়েল মিডিয়াত সকলোৱে বিৰাট কোহলী আৰু টিম ইণ্ডিয়াক জয়ৰ বাবে অভিনন্দন জনাইছে ।

Cricket World Cup: Anushka Sharma drops heart, after Virat Kohli KL Rahul shine against Australia
অনুষ্কা শৰ্মাৰ পোষ্ট

ইফালে দ্বিতীয় বাৰৰ বাবে মাতৃ হ’ব অনুষ্কা শৰ্মা

উল্লেখ্য যে অতি সোনকালে অনুষ্কা শৰ্মা আৰু বিৰাট কোহলীৰ ঘৰত আগমন ঘটিব পাৰে আন এটি কণমানি আলহীৰ ৷ সংবাদ মাধ্যমৰ খবৰ অনুসৰি অনুষ্কা শৰ্মা অন্তঃসত্বা । দ্বিতীয় বাৰৰ বাবে পিতৃ-মাতৃ হ’ব এই দম্পতী । অভিনেত্ৰীগৰাকীৰ গৰ্ভধাৰণৰ খবৰ পোহৰলৈ অহাৰ পাচৰে পৰা অভিনেত্ৰীগৰাকীয়ে বাতৰিৰ শিৰোনাম দখল কৰিছে ৷ অৱশ্যে পুনৰ অন্তঃসত্বা হোৱাৰ সন্দৰ্ভত বিৰাট আৰু অনুষ্কাৰ পৰা এতিয়াও কোনো নিশ্চিতকৰণ দিয়া হোৱা নাই । কিন্তু এই ভাল খবৰটো অতি সোনকালে অনুৰাগীৰ সৈতে শ্বেয়াৰ কৰিব বুলিও অনুমান কৰা হৈছে ।

ইফালে প্ৰথম কন্যাৰ মুখ এতিয়াও দৰ্শকক দেখুওৱা নাই এই দম্পতীয়ে

উল্লেখ্য যে বিৰাট আৰু অনুষ্কাৰ দুবছৰীয়া কন্যা সন্তান আছে, যাৰ নাম বামিকা । অৱশ্যে এই দম্পতীয়ে এতিয়াও নিজৰ কন্যাৰ মুখ বিশ্ববাসীক দেখুৱা নাই । দুয়োগৰাকীয়ে নিজৰ ব্যক্তিগত জীৱনটো ব্যক্তিগতভাৱে ৰাখি ভাল পায় । অভিনেত্ৰীগৰাকীয়ে কন্যাৰ ছবি ক্লিক কৰাৰ বাবে নিষেধ কৰিছে পাপাৰাজীক ।

লগতে পঢ়ক: World Cup 2023 : অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে পাণ্ডিয়াৰ অভ্যাসগত খেল, শতকৰ পৰা বঞ্চিত কে এল ৰাহুল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.