ETV Bharat / entertainment

টিম ইণ্ডিয়াৰ জাৰ্চি পিন্ধি আহমেদাবাদলৈ ৰাওনা হ’ল দীপিকা-ৰণবীৰ

author img

By ANI

Published : Nov 19, 2023, 1:39 PM IST

Cricket Fever: Deepika, Ranveer sport Indian jersey, head to Ahmedabad for WC final
বিশ্বকাপ ২০২৩ৰ ফাইনেল

World Cup 2023 Final: বিশ্বকাপৰ ফাইনেলক লৈ সমগ্ৰ দেশ অতিশয় উৎফুল্লিত । এনে পৰিস্থিতিত পিচ পৰি থকা নাই বলীউডৰ চেলিব্ৰিটিসকল । টিম ইণ্ডিয়াক সমৰ্থন কৰিবলৈ আহমেদাবাদলৈ ৰাওনা হৈছে দীপিকা পাডুকন আৰু ৰণবীৰ সিং ।

চিটাৰা ডেস্ক, 19 নৱেম্বৰ : 19 নৱেম্বৰৰ দিনটো, অৰ্থাৎ আজিৰ দিনটো সমগ্ৰ দেশৰ বাবে এক বিশেষ দিন । আজি আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত বিশ্বকাপৰ চূড়ান্ত খেল । এনে পৰিস্থিতিত এই মেচখনক লৈ সমগ্ৰ দেশ অতিশয় উৎফুল্লিত হৈ পৰিছে । বলীউডৰ তাৰকাসকলৰ মাজতো এই খেলখনক লৈ এক আচৰিত উন্মাদনা দেখা গৈছে । এই মেচখনত বহুকেইগৰাকী চেলিব্ৰিটিয়ে অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে ।

টিম ইণ্ডিয়াৰ জাৰ্চি পৰিধান কৰি আহমেদাবাদলৈ ৰাওনা হ’ল দীপিকা আৰু ৰণবীৰ

বলীউডৰ জনপ্ৰিয় দম্পতী দীপিকা পাডুকন আৰু ৰণবীৰ সিঙক দেখা গ’ল মুম্বাই বিমানবন্দৰত । দুয়োগৰাকী তাৰকাই টিম ইণ্ডিয়াৰ জাৰ্চি পৰিধান কৰি আহমেদাবাদলৈ ৰাওনা হৈছে । দীপিকা আৰু ৰণবীৰৰ উপৰিও আন বহু তাৰকা মেচখন ষ্টেডিয়ামৰ পৰা উপভোগ কৰিবলৈ আহমেদাবাদলৈ ৰাওনা হৈছে ।

ইফালে টিম ইণ্ডিয়াক সমৰ্থন জনাবলৈ পুৱাই আহমেদাবাদত উপস্থিত হৈছে বলীউডৰ সুন্দৰী অভিনেত্ৰী উৰ্বশী ৰাউটেলা । মেচখনক লৈ বিমানবন্দৰত দেখা গ’ল অভিনেত্ৰীগৰাকীৰ উচাহ । উৰ্বশী ৰাউটেলাই কয়, ‘‘মই অতিশয় উৎসাহিত আৰু মই জানো যে টিম ইণ্ডিয়াই নিশ্চিতভাৱে ট্ৰফী আজৰি আনিব’’ ।

  • #WATCH | Gujarat: Ahead of the ICC World Cup final between India and Australia, actress Urvashi Rautela says, "I am very excited. I am sure India will win the trophy..." pic.twitter.com/6jZf1VRpbr

    — ANI (@ANI) November 19, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

আনফালে শচীন তেণ্ডুলকাৰৰ কন্যা ছাৰা তেণ্ডুলকাৰো উপস্থিত হৈছে আহমেদাবাদত । ছ’চিয়েল মিডিয়াত তেওঁৰ এটা ভিডিঅ’ প্ৰকাশ পাইছে, য’ত তেওঁক বিমানবন্দৰৰ পৰা ওলাই অহা দেখা গৈছে ।

মুঠৰ ওপৰত এই মেচখনকলৈ এক আচৰিত উন্মাদনা দেখা পোৱা গৈছে সাধাৰণ জনতাৰ লগতে চলচ্চিত্ৰ জগততো । ইফালে ছ’চিয়েল মিডিয়াৰ যোগেদি চেলিব্ৰিটিসকলে টিম ইণ্ডিয়াক জনাইছে আন্তৰিক শুভেচ্ছা ।

লগতে পঢ়ক: পংকজ ত্ৰিপাঠী পৰা উৰ্বশী ৰাউটেলালৈ চলচ্চিত্ৰ তাৰকাৰ মাজত দেখা গৈছে বিশ্বকাপক উন্মাদনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.