ETV Bharat / entertainment

Bigg Boss 16 fame Archana Gautam: অৰ্চনা গৌতমক মৃত্যুৰ ভাবুকি প্ৰদান প্ৰিয়ংকা গান্ধীৰ পি এৰ

author img

By

Published : Mar 8, 2023, 1:20 PM IST

কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী ভাদ্ৰাৰ পি এ সন্দীপ সিঙে বিগ বছ ১৬ৰ খ্যাতি অৰ্চনা গৌতমক ভাবুকি প্ৰদান কৰাৰ অভিযোগ উত্থাপন হৈছে (Bigg Boss 16 fame Archana Gautam) ৷ সবিশেষ জানিবলৈ পঢ়ক সম্পূৰ্ণ প্ৰতিবেদন ৷

Bigg Boss 16 fame Archana Gautam gets death threat from Priyanka Gandhi's PA
প্ৰিয়ংকা গান্ধী ভাদ্ৰাৰ পি এ সন্দীপ সিঙে বিগ বছ ১৬ৰ খ্যাতি অৰ্চনা গৌতমক ভাবুকি প্ৰদান কৰাৰ অভিযোগ

চিটাৰা ডেস্ক, 8 মাৰ্চ: জনপ্ৰিয় টিভি ৰিয়েলিটি শ্ব’ বিগ বছত প্ৰত্যেক বছৰে বহু প্ৰাৰ্থীয়ে অংশগ্ৰহণ কৰি জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হয় (Colors Tv Show Bigg Boss) ৷ এইবাৰৰ বিগ বছ ছিজন 16 অংশগ্ৰহণ কৰিছিল বহুকেইগৰাকী প্ৰাৰ্থী ৷ এই প্ৰাৰ্থীসকলৰ ভিতৰত এগৰাকী আছিল অভিনেত্ৰী অৰ্চনা গৌতম ৷ বিগ বছত অকলে খেলা প্ৰাৰ্থী আছিল অৰ্চনা ৷ যিকোনো প্ৰসংগত মাত মাতিছিল অৰ্চনাই ৷ ইয়াৰ পিচতেই সামাজিক মাধ্য়মত বহুলভাৱে চৰ্চিত হৈছিল অৰ্চনাৰ নাম (Bigg Boss 16 fame Archana Gautam) ৷

সম্প্ৰতি বিগ বছ ছিজন 16 ৰ সফল সমাপ্তি ঘটিছে ৷ বিগ বছ শ্ব’ৰ সামৰণি পৰাৰ লগে লগে অৰ্চনা বিগ বছ শ্ব’ৰ বাহিৰত আহি অৰ্চনাই অংশগ্ৰহণ কৰিছে বিভিন্ন কাৰ্যসূচীত ৷ কিন্তু শেহতীয়াকৈ অৰ্চনা গৌতমক কগ্ৰেছৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী ভাদ্ৰাৰ পি এ সন্দীপ সিঙে হত্যাৰ ভাবুকি প্ৰদান কৰাৰ অভিযোগ উত্থাপন কৰিছে । ইয়াৰ পিচতে অৰ্চনাৰ পিতৃ গৌতম বুধে পাৰ্টাপুৰ থানাত প্ৰিয়ংকাৰ পি এৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে (Archana Gautam gets death threat)।

উল্লেখ্য যে ২০২৩ চনৰ ২৬ ফেব্ৰুৱাৰীত কংগ্ৰেছৰ সাধাৰণ অধিৱেশনত অংশগ্ৰহণ কৰিবলৈ গৈছিল অৰ্চনা ৷ কিন্তু অধিৱেশনতে অৰ্চনাৰ সৈতে সন্দীপে “অসৎ আচৰণ” কৰাৰ অভিযোগ উত্থাপন কৰিছে অৰ্চনাৰ পিতৃয়ে । অৰ্চনাৰ পিতৃৰ মতে, যেতিয়া অৰ্চনাই প্ৰিয়ংকাক লগ কৰিবলৈ পি এ সন্দীপ সিঙৰ পৰা সময় বিচাৰিছিল তেতিয়া সন্দীপ সিঙে নাকচ কৰিছিল আৰু অৰ্চনাৰ ওপৰত "জাতিবাদী শব্দ" নিক্ষেপ কৰিছিল (Archana Gautam Files Complaint) ।

অৰ্চনাৰ পিতৃয়ে অভিযোগ কৰি কয়, "সন্দীপ সিঙে প্ৰিয়ংকা গান্ধীৰ সৈতে অৰ্চনাক চিনাকি কৰাই দিবলৈ অস্বীকাৰ কৰিছিল । লগতে অৰ্চনাৰ সৈতে অভদ্ৰ আচৰণ কৰিছিল ৷ কেৱল ইমানেই নহয়, জাতিবাদী শব্দ আৰু অশ্লীল ভাষাও ব্যৱহাৰ কৰিছিল । ইয়াৰ উপৰিও হত্যাৰ ভাবুকিও দিছিল ।" খবৰ অনুসৰি জানিব পৰা মতে অৰ্চনা গৌতমে নিজেই ফেচবুক লাইভত প্ৰকাশ কৰিছে এই তথ্য (Priyanka Gandhi PA gives death threat to Archana) ।

মীৰুটৰ আৰক্ষী অধীক্ষক পিয়ুষ সিঙে কয় যে অৰ্চনা গৌতমৰ পিতৃৰ অভিযোগত গোচৰ ৰুজু কৰা হৈছে । বিগ বছৰ প্ৰাক্তন প্ৰতিযোগী আৰু কংগ্ৰেছ নেত্ৰী অৰ্চনা গৌতমক ভাবুকি দিয়াৰ অভিযোগত কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী ভাদ্ৰাৰ পিএৰ বিৰুদ্ধে প্ৰথম তথ্য প্ৰতিবেদন পঞ্জীয়ন কৰা হৈছে (Archana father complaint against Priyanka PA) । অধিক তদন্ত চলি আছে বুলিও উল্লেখ কৰে আৰক্ষী অধীক্ষকগৰাকীয়ে । সন্দীপ সিঙৰ বিৰুদ্ধে পাৰ্টাপুৰ থানাত ৫০৪, ৫০৬ আৰু অনুসূচিত জাতি আইনৰ অধীনত গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে (FIR against Priyanka Gandhi aide) ।

লগতে পঢ়ক: MC Stan: বিগ বছ ১৬ৰ বিজয়ী এম চি ষ্টেনক হত্যাৰ চেষ্টা, চকুৰ সন্মুখতে বন্ধুক দাৰে ঘপিয়াই হত্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.