Assamese movie Bulu Film:অসমত দেখোন চাৰিওফালে এতিয়া বুলু ফিল্মৰ জ্বৰ

author img

By

Published : Sep 8, 2022, 7:13 PM IST

Updated : Sep 8, 2022, 10:57 PM IST

assamese movie

অসমত এতিয়া জোৰদাৰ গতিত চলিছে বুলু ফিল্মৰ প্ৰচাৰ ৷ মাজত মাথো এটা দিন বাকী বুলু ফিল্মৰ মুক্তিৰ বাবে (New Assamese movie Bulu Film) ৷ এই বুলু ফিল্মক লৈ এতিয়া উৎসুক অসমৰ চলচিত্ৰপ্ৰেমী ৰাইজ ৷

চিটাৰা ডেস্ক, 8 ছেপ্টম্বৰ : অসমত এতিয়া আকাশে বতাহে সকলোৰে মুখে মুখে দুটাই শব্দ ‘বুলু ফিল্ম’ ৷ এক আছুতীয়া নাম আৰু বিষয়বস্তুৰে অসমত মুক্তি পাব বুলু ফিল্ম ৷

কিন্তু কি এই বুলু ফিল্ম ?

অসমৰ জনপ্ৰিয় চিত্ৰ নিৰ্মাতা হিমাংশু প্ৰসাদ দাসৰ এটা নতুন প্ৰজেক্ট ‘বুলু ফিল্ম’ ৷ ক’ভিডৰ সময়ত লকডাউনৰ মাজতে এই ছবিখনৰ শিৰোনাম মনলৈ অহাৰ পৰা সকলো কাম সম্পূৰ্ণ কৰি তোলে হিমাংশু প্ৰসাদ দাস আৰু টীমে ৷ এতিয়া এখন পূৰ্ণাংগ ছবিৰ ৰূপত 9 ছেপ্টেম্বৰত আহি আছে এই বুলু ফিল্ম অসমীয়া দৰ্শকৰ মাজলৈ ৷

কেনেকৈ আৰম্ভণি হৈছিল বুলু ফিল্মৰ পটভূমি ?

স্বাভাৱিকভাৱে চলি থকা জীৱনলৈ অমানিশা নমাই আনিছিল ক’ভিডে ৷ অকস্মাতে স্তব্ধ হৈ পৰিছিল মানৱ জীৱন ৷ সমগ্ৰ পৃথিৱীৰে গতি ৰুদ্ধ হৈ পৰিছিল ক’ভিড মহামাৰীত ৷ একো আগজাননী নিদিয়াকৈ অহা এই ক’ভিডে মাৰি নিলে অসংখ্য প্ৰাণ, লগতে জীয়াই থকা বহুতৰে অভিজ্ঞতা হ’ল মৃত্যুৰ মুখৰ পৰা উভতি অহাৰ ৷

ক’ভিডৰ বাবে যেতিয়া প্ৰথমটো লকডাউন ঘোষণা কৰা হৈছিল মানুহে উৱাদিহ পোৱা নাছিল কি কৰিব, কেনেকৈ খাব ৷ যিসকল ব্যৱসায়ী, চাকৰিয়ালৰ হাতত উপাৰ্জনেৰে পইচা জমা আছিল তেনে লোকসকলৰ ক্ষেত্ৰত লকডাউন স্বাভাৱিক আছিল যদিও একাংশৰ বাবে ই আহিছিল ভূতৰ ওপৰত দানহ হৈ ৷

  • " class="align-text-top noRightClick twitterSection" data="">

সেই সময়তে অসমৰ কোনোবা এটা পিছপৰা অঞ্চলৰ তিনিজন যুৱকে উপাৰ্জনৰ পথ বিচাৰি ব্লু ফিল্ম নিৰ্মাণৰ কথা ভাবিছিল ৷ কিন্তু তেওঁলোক আগবাঢ়িব নোৱাৰিলে এই লক্ষ্যত ৷ সেই কথাই কাণত পৰিছিল চিত্ৰ নিৰ্মাতা হিমাংশু প্ৰসাদ দাসৰ ৷ প্ৰথমটো লক ডাউনতেই কাণত পৰা ব্লু ফিল্মৰ কথাটো এবছৰ হৈ যোৱাৰ পিছত ধেমালি সুৰতে এদিন বন্ধুৰ আগত কওঁতে আচৰিত হৈ পৰিছিল হিমাংশুৰ বন্ধুসকল ৷ সেই ধেমালিয়েই আজি ছবিৰ আকাৰ লৈ অসমৰ চলচ্চিত্ৰ প্ৰেমী ৰাইজৰ মাজলৈ আহিছে এখন পূৰ্ণাংগ অসমীয়া ছবি হিচাপে ৷

ছবিখনৰ প্ৰিমিয়াৰ চাই অভিভূত হৈ পৰিছে অসমীয়া মনোৰঞ্জন ক্ষেত্ৰখনৰ তাৰকাসকল ৷ অসমৰ বাহিৰত কলকাতা দিল্লী মুম্বাইতো প্ৰদৰ্শিত হৈছে ছবিখন ৷ ছবিখন চাই দৰ্শকৰ পৰা লাভ কৰা প্ৰতিক্ৰিয়াই যথেষ্ট যোগাত্মক অনুভূতি যোগাইছে ছবিখনৰ নিৰ্দেশক গৰাকীক ৷

‘বুলু ফিল্ম’ ৰ চিত্ৰনাট্য লিখিছে হিমাংশু প্ৰসাদ দাস, মহৰ্ষি তুহীন কাশ্যপ, সাংকু নিৰঞ্জন নাথে ৷ ‘বুলু ফিল্ম’ বুলি মনলৈ ভাৱটো আহোঁতেই আৰু থমকি ন’ৰল হিমাংশু প্ৰসাদ দাস ৷ মাত্ৰ 42 দিনৰ ভিতৰতে সকলো কাম সম্পূৰ্ণ কৰি তোলে সকলোৱে মিলি ৷ 12 দিনতে দিন-ৰাতি একাকাৰ কৰি লিখা হৈছিল সংলাপ ৷ 18 19 দিন ধৰি একেলেথাৰিয়ে শ্বুটিং কৰা হৈছিল বুলু ফিল্মৰ ৷

‘বুলু ফিল্ম’ৰ পৰিচালনা প্ৰযোজনা হিমাংশু প্ৰসাদ দাসৰ ৷ ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে প্ৰণামী বৰাই (Bulu Film cast) ৷ তেওঁৰ লগতে অভিনয়ত আছে সাংকু নিৰঞ্জন নাথ, অপূৰ্ব বৰ্মণ (থিয়েটাৰ অভিনেতা) ৷

ইতিমধ্যেই শিলচৰত অনুষ্ঠিত হৈ যোৱা প্ৰাগ চিনে এৱাৰ্ডছত 2022 বৰ্ষৰ শ্ৰেষ্ঠ অসমীয়া চলচ্চিত্ৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে ছবিখনে ৷ লগতে লাভ কৰিছে শ্ৰেষ্ঠ চিত্ৰনাট্যৰ বঁটা ৷

পিছে উৎসুকতাৰ মাজতে দুভাগো হৈ পৰিছে অসমৰ মানুহ ৷ অসুবিধা হৈছে বুলু ফিল্ম নামটো লৈ ৷ আমাৰ সমাজখন বহুত আগবাঢ়ি গৈছে যদিও কিছু কিছু কথা এতিয়াও মুকলিকৈ পাতিবলৈ বা ক’বলৈ, শুনিবলৈ দ্বিধাবোধ কৰে বহুতেই ৷ বুলু ফিল্ম নামটোৰ ক্ষেত্ৰতো এয়ে হৈছে ৷ পিছে এক সংবেদনশীল বিষয়বস্তুৰে নিৰ্মাণ কৰা বুলু ফিল্মক লৈ যথেষ্ট আশাবাদী হিমাংশু প্ৰসাদ দাস ৷

9 ছেপ্টেম্বৰত অসমৰ ছবিগৃহত মুক্তি পাব বুলু ফিল্মে (Bulu Film release date) ৷ সপৰিয়ালে যাওক বুলু ফিল্ম চাওক, উপভোগ কৰক আৰু অসমীয়া চিনেমাৰ উন্নয়নমুখী গতিটো মসৃণ কৰি তোলাত সহায় কৰক ৷

লগতে পঢ়ক : ১৬ ছেপ্টেম্বৰত মিচিং কথাছবি বোম্বা ৰাইডৰ শুভমুক্তি

Last Updated :Sep 8, 2022, 10:57 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.