ETV Bharat / entertainment

Black N White Movie: ৰাজ্যৰ ৫০টা ছবিগৃহত চলিছে ৰবি শৰ্মাৰ Black n white

author img

By

Published : Feb 27, 2023, 11:18 AM IST

Assamese Movie Black N White released in at least 50 cinema halls across Assam
ৰবি শৰ্মাৰ অভিনীত ছবি Black n white

অৱশেষত মুক্তি লাভ কৰিলে ৰবি শৰ্মাৰ অভিনীত ছবি Black n white ৷ ৰাজ্যৰ প্ৰতিখন জিলাৰ ছবিগৃহত চলিছে Black n white ৷ ইতিমধ্যেই ছবিখনে যথেষ্ট সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে দৰ্শকৰ ৷

চিটাৰা ডেস্ক, 27 ফেব্ৰুৱাৰী: মুক্তি লাভ কৰিলে অসমীয়া ছবি জগতৰ জনপ্ৰিয় অভিনেতা ৰবি শৰ্মাৰ (Ravi Sarma) অভিনীত ছবি Black n white ৷ ২৪ ফেব্ৰুৱাৰীত সমগ্ৰ ৰাজ্যতে মুক্তি লাভ কৰিছে অসমীয়া ছবি Black n white । সম্প্ৰতি অসমৰ ৫০টা ছবিগৃহত চলি আছে Black n white ছবিখন ৷ ছবিখন মুক্তিৰ পিচতে যথেষ্ট সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে দৰ্শকৰ (Black N White Assamese Movie) ৷

ধনজিৎ দাসে পৰিচালনা কৰা Black n white ছবিখনত অভিনয় কৰিছে জনপ্ৰিয় অভিনেতা ৰবি শৰ্মা, চিন্ময় কটকী, স্বগতা ভৰালী, হিমাংশু গগৈ, অতনু মহন্ত ,দৰথী ভৰদ্বাজ, ৰাজু ৰয়েকে ধৰি আনকেইবাগৰাকী অভিনেতা-অভিনেত্ৰীয়ে (Black N White released in Assam) ।

গুৱাহাটী, গোৱালপাৰা , মাৰ্ঘেৰিটা, ধুবুৰী, বৰপেটা, বৰপেটা ৰোড, দুমদুমা, দুধনৈ, সোণাৰী, পাঠাশালা, মঙলদৈ, বিজয়নগৰ, নগাঁও, বঙাইগাঁও, ৰঙিয়া, ডিব্ৰুগড়, টংলা, মৰাণহাট, শিৱসাগৰ, যোৰহাট, তিনিচুকীয়, নাজিৰা, ছয়গাঁও, গোলাঘাট, উত্তৰ লক্ষিমপুৰকে ধৰি ৰাজ্যৰ মুঠ ৫০ টা ছবিগৃহত চলি আছে ছবিখন (Ravi Sarma New film Black n white)।

ইফালে Black n white ছবিখন চাবলৈ অসমবাসী ৰাইজক আহ্বান জনাইছে ৰবি শৰ্মাই (New Assamese movie 2023) । অভিনেতা ৰবি শৰ্মাই ছবিখনৰ সন্দৰ্ভত কয়, "৬ বছৰৰ পিচত মোৰ নতুন ছবি Black n white ৰিলিজ হৈছে । দৰ্শকে আকোৱালি লৈছে ছবিখনক । ভাল লাগিছে মোৰ ।"

আনফালে এক প্ৰেছ বিবৃতি যোগে ছবিখনৰ প্ৰযোজক ৰোহিত শৰ্মাই কয়, " আমি সঁচাকৈয়ে আনন্দিত যে অৱশেষত Black n white আহিল, ছবছৰৰ দীৰ্ঘদিনীয়া বিৰতিৰ অন্তত ৰবি শৰ্মাক চাবলৈ পাই অসমৰ চলচ্চিত্ৰ প্ৰেমীসকল উৎফুল্লিত হৈ পৰিছে । মই এজন অনা অসমীয়া হৈও অসমীয়া চিনেমাত এক বৃহৎ সম্ভাৱনা দেখিছোঁ, সেইবাবেই মই অসমীয়া চলচ্চিত্ৰ উদ্যোগটোত Black N White ৰ জৰিয়তে মোৰ এটা সৰু অৱদান আগবঢ়াবলৈ চিন্তা কৰিছো, মই নিশ্চিত যে অসমৰ মানুহে Black N White ভাল পাব।"

ইতিমধ্যে গুৱাহাটী, যোৰহাট আৰু তেজপুৰৰ কেইটামান হলত Black n white ৰ অভূতপূৰ্ব সঁহাৰি দেখা পোৱা গৈছে ৷ অভিনেতা ৰবি শৰ্মাই বিভিন্ন স্থানত ছবিখনকলৈ প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে । দেওবাৰে পাঠশালা আৰু ৰঙিয়াত ছবিখন দৰ্শকৰ লগত উপভোগ কৰি দৰ্শকৰ লগত মত বিনিময় কৰে অভিনেতাগৰাকীয়ে ।

লগতে পঢ়ক: Mrs Chatterjee vs Norway Trailer OUT: 'য়ে দেশ কা মেটাৰ হ্য়ে', ৰাণী মুখাৰ্জীৰ নতুন ছবিৰ ট্ৰেইলাৰ চালেনে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.