ETV Bharat / entertainment

Shyamantika Sarma controversy: জানমণিক কোনে চলাইছে মানসিক নিৰ্যাতন!

author img

By

Published : Jul 1, 2023, 5:45 PM IST

আইনৰ কাষ চাপিছে জানমণি খ্যাত অভিনেত্ৰী শ্যামন্তিকা শৰ্মা ৷ সামাজিক মাধ্যম যোগে এই বিষয়ে ব্যক্ত কৰে অভিনেত্ৰীগৰাকীয়ে ৷ পঢ়ক সবিশেষ...

Shyamantika Sarma controversy
জানমণিক কোনে চলাইছে মানসিক নিৰ্যাতন!

গুৱাহাটী, ১ জুলাই : এই কেইদিন জানমণিৰ বৰ খং উঠিছে ৷ জানমণিৰ দুখ লাগিছে ৷ সামাজিক মাধ্যমে জানমণিক বৰ আমনি দিছে ৷ হয়, জানমণি মানে আমি অভিনেত্ৰী শ্যামন্তিকা শৰ্মাৰ কথাকে কৈছো ৷ আইনৰ কাষ চাপিছে জানমণি খ্যাত অভিনেত্ৰী শ্যামন্তিকা শৰ্মা ৷ সামাজিক মাধ্যম যোগে এই বিষয়ে ব্যক্ত কৰে অভিনেত্ৰী গৰাকীয়ে ৷

  • " class="align-text-top noRightClick twitterSection" data="">

তিনিটা ফেচবুক পেজৰ ওপৰত আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে আগবাঢ়িছে শ্যামন্তিকা । এই তিনিওটা পেজৰ বিৰুদ্ধে মানসিক নিৰ্যাতনৰ অভিযোগ তুলিছে তেওঁ ৷ অৱশ্যে পেজ কেইটাত কি আছে বা কি ধৰণে পেজ কেইটাই মানসিক নিৰ্যাতন চলাইছে সেয়া শ্যামন্তিকাৰ এফবি পোষ্টটোত স্পষ্টকৈ উল্লেখ নাই ।

Shyamantika Sarma controversy
জানমণিক কোনে চলাইছে মানসিক নিৰ্যাতন

শেহতীয়াকৈ অসমৰ সামাজিক মাধ্যমত শ্যামন্তিকাৰ ব্যক্তিগত জীৱনক লৈ ব্যাপক ৰূপত চৰ্চা চলিছে ৷ এটা মাধ্যমত শ্যামন্তিকা শৰ্মাই অলপতে তেওঁৰ বিবাহ অসফল হোৱাৰ কথা নিজ মুখে সদৰী কৰিছিল । কলকাতাৰ এজন লোকৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল তেওঁ । তাৰ পিছতে এসময়ত জানমণিৰূপে সকলোৰে নয়নৰ মণি হৈ পৰা অভিনেত্ৰীগৰাকী পুনৰ এবাৰ চৰ্চালৈ আহে ৷

ফেচবুকত ইতিমধ্যে অভিনেত্ৰীগৰাকীয়ে এটা ৱেব পৰ্টেল আৰু তিনিটা ফেচবুক পেজে তেওঁৰ সন্দৰ্ভত ভুৱা তথ্য প্ৰচাৰ কৰাৰ বাবে আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ কথা উল্লেখ কৰে ৷ লগতে এই তিনিটা পেজে তেওঁক যি ধৰণে মানসিকভাৱে আঘাত কৰিছে তেওঁলোক কেতিয়াও সুস্থ মানসিকতাৰ ব্যক্তি হ'ব নোৱাৰে বুলি তেওঁ কয় । ইয়াৰ উপৰিও ভৱিষ্যতে যাতে তেওঁৰ বিষয়ে নজনাকে বা নেদেখাকে ভুৱা বাতৰি সামাজিক মাধ্যমত প্ৰচাৰ নকৰিবলৈ তেওঁ সকীয়াই দিয়ে ৷

এতিয়া কথা হ’ল শ্যামন্তিকা শৰ্মাক এই স্বল্পখ্যাত পেজ কেইটাই কিদৰে মানসিক নিৰ্যাতন চলাইছিল ? কাৰণ পেজকেইটাত এতিয়া নাই কোনো শ্যামন্তিকা শৰ্মাৰ নাম জড়িত পোষ্ট ৷ আইনী ব্যৱস্থা ল’ব বুলি অভিনেত্ৰী গৰাকীয়ে কোৱাৰ লগে লগে বিতৰ্কিত মন্তব্য মচি দিয়া বুলি ধাৰণা কৰা হৈছে ৷

ইতিমধ্যে এটা ফেচবুক পেজে এই প্ৰসংগত ক্ষমা খুজিছে অভিনেত্ৰী শ্যামন্তিকাৰ ওচৰত। পেজটো চলোৱা ল’ৰাজনক মাফ কৰি দিয়াৰ কথাও ৰাজহুৱা কৰিছে তেওঁ ৷ ইফালে নিউজ ৱেব পৰ্টেলটোক অভিনেত্ৰীগৰাকীৰ বিষয়ে ভুৱা বাতৰি সম্প্ৰচাৰ কৰাৰ বাবে তেওঁৰ ওচৰত ক্ষমা খুজিবলৈও আহ্বান জনাইছে ৷

উল্লেখ্য যে, শ্যামন্তিকাই পʼষ্টত কৈছে যে অতিশীঘ্ৰেই তেওঁৰ ভিডিঅ’ ডিলিট নকৰিলে ৱেব পৰ্টেলটোৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিব বুলি সকিয়নী প্ৰদান কৰে । লগতে কোনো অন্য় সংবাদ প্ৰতিষ্ঠান বা ৱেব পৰ্টেলেও তেওঁৰ বিষয়ে কোনো ভুৱা ফটো বা ভিডিঅ’ প্ৰচাৰ কৰিলে তেওঁ আইনী ব্যৱস্থা গ্ৰহণ কৰিব বুলিও উল্লেখ কৰে ৷

উল্লেখ্য যে, শ্যামন্তিকা শৰ্মা জড়িত বিষয়টো প্ৰসংগত শুকুৰবাৰে পৰ্টেলটোৱে এটা পোষ্ট শ্বেয়াৰ কৰে যাৰ পিছতেই পৰ্টেলটোৰ বিৰুদ্ধে জনপ্ৰিয় অভিনেত্ৰীগৰাকীয়ে ভুৱা ফটো আৰু ভিডিঅ’ ব্যৱহাৰৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে ৷

লগতে পঢ়ক: Jatin Bora in Nagaon : পুনৰ আৱেগিক হৈ পৰিল অভিনেতা যতীন বৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.