ETV Bharat / entertainment

Anupam Kher: মনমোহন সিঙৰ পিছত এইবাৰ ৰবীন্দ্ৰনাথ ঠাকুৰৰ ৰূপত অনুপম খেৰ, কিন্তু কিয় ?

author img

By

Published : Jul 8, 2023, 9:13 PM IST

বলীউডৰ প্ৰবীণ অভিনেতা অনুপম খেৰে প্ৰতিবাৰেই নিজৰ অভিনয়েৰে সকলোকে সুখী কৰে । এনে পৰিস্থিতিত অভিনেতাজনে নতুন ছবিখনৰ কথা ঘোষণা কৰাৰ লগতে ছবিখনৰ সৈতে জড়িত ভিডিঅ’ এটাও শ্বেয়াৰ কৰিছে ।

Anupam Kher, who became Manmohan Singh, will now become Rabindranath Tagore, first look surprised
মনমোহন সিঙৰ পিছত এইবাৰ ৰবীন্দ্ৰনাথ ঠাকুৰৰ ৰূপত অনুপম খেৰ, কিন্তু কিয় ?

চিটাৰা ডেস্ক, 8 জুলাই: হিন্দী চিনেমাৰ প্ৰবীণ অভিনেতা অনুপম খেৰে এতিয়ালৈকে পৰ্দাত এখনৰ পিছত আনখন ছবিত বিভিন্ন চৰিত্ৰত অভিনয় কৰিছে । অনুপম খেৰে নিজৰ চৰিত্ৰত মন প্ৰাণ লগাই দিয়ে ।

তেওঁৰ ছবি আৰু তেওঁৰ কাম দুয়োখনেই ৰাইজে অতিশয় ভাল পায় । ৬৮ বছৰ বয়সতো অনুপমে অহৰহ ডাঙৰ পৰ্দাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা দেখা যায় । ইফালে তেওঁৰ আগন্তুক ছবিৰ কথা ঘোষণা কৰিছে । যিটো তেওঁৰ হৃদয়ৰ বহুত ওচৰত ।

অনুপম খেৰৰ হাতত বৰ্তমান বহুকেইখন ছবি আছে । অভিনেতাগৰাকীয়ে নিজৰ প্ৰজেক্টৰ শ্বুটিঙত অহৰহ ব্যস্ত হৈ থাকে । অনুপমে নিজৰ ছ’চিয়েল মিডিয়া একাউণ্টত এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে ।

যাৰ সৈতে তেওঁ নিজৰ আগন্তুক ছবিৰ কথাও ঘোষণা কৰিছে । শ্বেয়াৰ কৰা ভিডিঅ’টো তেওঁ ব্লেক এণ্ড হোৱাইটত শ্বেয়াৰ কৰিছে । য’ত অনুপম খেৰক ৰবীন্দ্ৰনাথ ঠাকুৰৰ ৰূপত দেখা গৈছে । বগা ৰঙৰ চুলি আৰু ডাঙৰ দাড়িত অনুপম খেৰক চিনি পোৱাটো বৰ কঠিন হৈ পৰিছে ।

এই ভিডিঅ'টো শ্বেয়াৰ কৰি অনুপম খেৰে কেপচনত লিখিছে যে, তেওঁ নিজৰ ৫৩৮ সংখ্যক প্ৰজেক্টত ৰবীন্দ্ৰনাথ ঠাকুৰৰ চৰিত্ৰত অভিনয় কৰিবলৈ ওলাইছে । অভিনেতাগৰাকীয়ে কয় যে, তেওঁৰ সৌভাগ্য যে তেওঁ পৰ্দাত ৰবীন্দ্ৰনাথ ঠাকুৰৰ চৰিত্ৰত অভিনয় কৰাৰ সুযোগ লাভ কৰিছে । ইয়াৰ লগতে তেওঁ কয় যে, ছবিখনৰ বাকী তথ্য অতি সোনকালে শ্বেয়াৰ কৰিব । এই ভিডিঅ’টো ওলোৱাৰ পিছত অনুপম খেৰৰ প্ৰশংসাৰে অনুৰাগীয়ে ভৰাই তুলিছে ছ’চিয়েল মিডিয়া ।

ব্যৱহাৰকাৰীসকলে মন্তব্যৰ জৰিয়তে লিখিছে যে, তেওঁলোকে এই লুকত অনুপম খেৰক চিনিব পৰা নাছিল । একে সময়তে বহু ব্যৱহাৰকাৰীয়ে অভিনেতাগৰাকীক তেওঁৰ ৫৩৮ সংখ্যক প্ৰজেক্টৰ বাবে অভিনন্দন জনাইছে । উল্লেখ্য যে, অনুপম খেৰে পৰ্দাত বায়’পিকত কাম কৰিবলৈ যোৱাটো প্ৰথম নহয় । ইয়াৰ পূৰ্বে তেওঁ প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ বায়’পিকতো অভিনয় কৰিছে । য’ত প্ৰবীণ অভিনেতাগৰাকীয়ে তেওঁৰ কামৰ বাবে যথেষ্ট শলাগ লাভ কৰিছিল ।

লগতে পঢ়ক: Ranbir Kapoor: মাতৃ নীতু সিঙক ছাৰপ্ৰাইজ দিবৰ বাবে ক’লৈ গৈছে ৰণবীৰ কাপুৰ, ছ’চিয়েল মিডিয়াত ভিডিঅ’ ভাইৰেল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.