ETV Bharat / entertainment

মুক্তিৰ দশম দিনতো অব্যাহত এনিমেলৰ উপাৰ্জন, ছবিখনৰ এই পৰ্যন্ত মুঠ উপাৰ্জন জানি লওক

author img

By ETV Bharat Assamese Team

Published : Dec 11, 2023, 10:56 AM IST

Animal Box Office Collection Day 10: বক্স অফিচত ৰণবীৰ কাপুৰৰ ছবি ‘এনিমেল’ৰ যাদু অব্যাহত । ছবিখনৰ উপাৰ্জনৰ গতি লেহেমীয়া হোৱা নাই আৰু দশম দিনতো ছবিখনে ব্যাপক ধন উপাৰ্জন কৰিছে ।

Animal box office collection day 10: Ranbir Kapoor starrer outperforms SRK's Pathaan and Jawan in domestic haul
এনিমেল বক্স অফিচ উপাৰ্জন

চিটাৰা ডেস্ক, ১১ ডিচেম্বৰ: মুক্তিৰ ১০ দিনৰ পাচতো বক্স অফিচত অব্যাহত ৰণবীৰ কাপুৰ অভিনীত ‘এনিমেল’ৰ ব্যাপক প্ৰদৰ্শন ৷ এই ছবিখনৰ উন্মাদনা এতিয়াও দৰ্শকৰ মাজত প্ৰবল হৈ আছে আৰু ছবিগৃহত এতিয়াও দৰ্শকৰ ব্যাপক সমাগম দেখা পোৱা গৈছে । এনে পৰিস্থিতিত প্ৰতিদিনে বহু ছবিৰ অভিলেখ ভংগ কৰি বক্স অফিচত ব্যাপক ধন উপাৰ্জন কৰিছে এনিমেলে । জানো আহক ছবিখনে মুক্তিৰ দশম দিনটোত কিমান কোটি টকা উপাৰ্জন কৰিছে ?

  • " class="align-text-top noRightClick twitterSection" data="">

মুক্তিৰ দশম দিনটোত কিমান উপাৰ্জন কৰিছে এনিমেলে ?

একশ্যন, অপৰাধ, অন্তৰংগ মুহূৰ্ত, আৱেগ আৰু ৰোমাঞ্চকে ধৰি সম্পূৰ্ণ মনোৰঞ্জনৰ মছলাৰে ভৰা ‘এনিমেল’ মুক্তিৰ প্ৰথম দিনাৰ পৰাই বক্স অফিচত ঢৌ তুলিছে । ছবিখনে দৰ্শকৰ পৰা ব্যাপক সঁহাৰি লাভ কৰিছে আৰু মুক্তিৰ ১০ দিনৰ পাচতো অব্যাহত আছে উপাৰ্জন । ‘এনিমেল’ এ মুক্তিৰ প্ৰথম সপ্তাহতে ৩৩৭.৫৮ কোটি টকাৰ ব্যাপক ধন উপাৰ্জন কৰিছিল । দ্বিতীয় সপ্তাহতো ছবিখনে ভাল ব্যৱসায় কৰিছে । দ্বিতীয় শুকুৰবাৰে ছবিখনে ২২.৯৫ কোটি টকা উপাৰ্জন কৰাৰ বিপৰীতে দ্বিতীয় শনিবাৰে ছবিখনৰ উপাৰ্জন ৫১.৩৭ শতাংশ বৃদ্ধি পায় আৰু ৩৪.৭৪ কোটি টকা উপাৰ্জন হয় । এতিয়া দ্বিতীয় দেওবাৰ অৰ্থাৎ ছবিখন মুক্তিৰ দশম দিনটোৰ উপাৰ্জনৰ সংখ্যা পোহৰলৈ আহিছে ।

  • " class="align-text-top noRightClick twitterSection" data="">
  • সেকনিল্কৰ ট্ৰেণ্ড ৰিপৰ্ট অনুসৰি মুক্তিৰ দশম দিন অৰ্থাৎ দ্বিতীয় দেওবাৰে ‘এনিমেল’এ ৩৭ কোটি টকা উপাৰ্জন কৰিছে ।
  • ইয়াৰ লগে লগে ভাৰতত এনিমেলৰ মুক্তিৰ ১০ দিনৰ উপাৰ্জন হৈছেগৈ ৪২৭ কোটি টকা ।

উল্লেখ্য যে ‘এনিমেল’ ছবিখন পৰিচালনা কৰিছে সন্দীপ ৰেড্ডী ভাংগাই । ছবিখনত ৰণবীৰ কাপুৰৰ উপৰিও ৰশ্মিকা মন্দন্না, ববি দেওল, অনিল কাপুৰ আৰু তৃপ্তি ডিমৰীয়ে গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে । এই ছবিখন ১ ডিচেম্বৰত চিনেমাগৃহত মুক্তি পাইছিল ।

লগতে পঢ়ক: শীঘ্ৰেই বক্স অফিচত ৭০০ কোটি টকাৰ সীমা অতিক্ৰম কৰিব এনিমেলে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.