ETV Bharat / entertainment

Shehnaaz Gill: ৰাঘৱ জুৱালৰ সৈতে ডেটিঙৰ খবৰৰ মাজতে শ্বেহনাজে শ্বেয়াৰ কৰিলে হৃদয়বিদাৰক গীত

author img

By

Published : Apr 11, 2023, 2:17 PM IST

কিচি কা ভাই কিচি কি জানৰ ট্ৰেইলাৰ লঞ্চত বিশেষ চৰ্চা লাভ কৰিছে শ্বেহনাজ গীলে ৷ ছলমান খানে ৰাঘৱ জুৱাল আৰু শ্বেহনাজৰ মাজত ‘কেমিষ্ট্ৰী’ৰ ইংগিত দিয়ে ৷ ইয়াৰ মাজতে শ্বেহনাজে নিজৰ ইনষ্টাগ্ৰামত এটা জনপ্ৰিয় হৃদয়বিদাৰক গীত শ্বেয়াৰ কৰি কিহৰ ইংগীত দিলে ?

Amid dating rumours with Raghav Juyal, Shehnaaz Gill listens to popular heartbreak song
শ্বেহনাজে জনপ্ৰিয় হৃদয় বিদাৰক গীত শ্বেয়াৰ কৰিলে ছ’চিয়েল মিডিয়াত

চিটাৰা ডেস্ক, 11 এপ্ৰিল: কিচি কা ভাই কিছি কি জানৰ ট্ৰেইলাৰ মুকলি অনুষ্ঠানত ছলমান খানে শ্বেহনাজ গীল আৰু ৰাঘৱ জুৱালৰ মাজত ‘কেমেষ্ট্ৰি’ৰ ইংগিত দিয়ে (Shehnaaz Kisi Ka Bhai Kisi Ki Jaan trailer launch) । ট্ৰেইলাৰ মুকলি অনুষ্ঠানটোত ছলমানে এই মন্তব্য কৰাৰ পিচতে শ্বেহনাজ আৰু ৰাঘৱৰ ডেটিঙৰ খবৰে চৰ্চা লাভ কৰে ৷

অৱশ্যে ৰাঘৱ আৰু শ্বেহনাজে তেওঁলোকৰ মাজত কিবা কেমেষ্ট্ৰিৰ সৃষ্টি হৈছে নে নাই সেই বিষয়ে নিশ্চিত কৰা নাই যদিও শ্বেহনাজে শেহতীয়াকৈ ইনষ্টাগ্ৰামত এটা ষ্ট’ৰী শ্বেয়াৰ কৰি ‘ম’ভ অন’ নকৰাৰ ইংগীত প্ৰদান কৰে ৷ শ্বেহনাজ গীলে নিজৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীজত এটা জনপ্ৰিয় হৃদয়বিদাৰক গীতৰ এটা চুটি ভিডিঅ’ ক্লিপ শ্বেয়াৰ কৰিছে (Shehnaaz Gill listens to popular heartbreak song)।

Amid dating rumours with Raghav Juyal, Shehnaaz Gill listens to popular heartbreak song
শ্বেহনাজে জনপ্ৰিয় হৃদয় বিদাৰক গীত শ্বেয়াৰ কৰিলে ছ’চিয়েল মিডিয়াত

কিচি কা ভাই কিচি কি জানৰ ট্ৰেইলাৰ মুকলি অনুষ্ঠানত শ্বেহনাজে নিজকে ভাল পোৱাৰ কথা উল্লেখ কৰি লাইমলাইটত আহিছিল ৷ লগতে অনুষ্ঠানটোত ছলমানে শ্বেহনাজ গীলক ‘ম’ভ অন’ কৰিবলৈ দিয়া পৰামৰ্শই বিগ বছ ১৩ৰ তাৰকাগৰাকীক লৈ ছ’চিয়েল মিডিয়াত উন্মাদনা বৃদ্ধি কৰিলে (Shehnaaz Gill Raghav juyal dating) । আপাত দৃষ্টিত ৰাঘৱ আৰু শ্বেহনাজক তেওঁলোকৰ কথিত ৰোমাঞ্চৰ বাবে জোকাইছিল ছলমানে ।

অৱশ্যে শ্বেহনাজে সকলোৰে সন্মুখত ম’ভ অন কৰিছে বুলি উল্লেখ কৰিছিল যদিও বৰ্তমানলৈকে ম’ভ অন নাই যেন লাগে শ্বেহনাজক ৷ কিয়নো শেহতীয়াকৈ এই অনুষ্ঠানটোৰ পিচত শ্বেহনাজে নিজৰ ইনষ্টাগ্ৰাম একাউন্টত এটা জনপ্ৰিয় হৃদয় বিদাৰক গীতৰ এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে (Shehnaaz Gill dating Raghav Juyal) ৷

সোমবাৰে শ্বেহনাজে তেওঁৰ টেলিভিছন বাজি থকা পাকিস্তানী কণ্ঠশিল্পী কাইফি খলিলৰ ভাইৰেল হাৰ্টব্ৰেক এন্থম কাহানি ছুনো ২.০ ৰ ভিডিঅ’ শ্বেয়াৰ কৰে । অভিনেত্ৰীগৰাকীয়ে এই ভিডিঅ’টো শ্বেয়াৰ কৰি প্ৰয়াত অভিনেতা সিদ্ধাৰ্থ শুক্লাৰ সৈতে নিজৰ অতীতৰ ইংগিত দিছে । আন এটা ভিডিঅ’ত শ্বেহনাজে ইমেলিনৰ চিণ্ডেৰেলাছ ডেড গীতটোও শুনি থকা দেখা পোৱা গৈছে ।

ইফালে, ২১ এপ্ৰিলত ছবিগৃহত মুক্তি পাবলগীয়া কিচি কা ভাই কিছি কি জান ছবিখনৰ জৰিয়তে বলীউডত আত্মপ্ৰকাশ কৰিব শ্বেহনাজে । শ্বেহনাজক ছাজিদ খানৰ পৰিচালনাৰ ১০০ শতাংশ ছবিখনতো দেখা পোৱা যাব । ছবিখনত জন আব্ৰাহাম, ৰিতেশ দেশমুখ আৰু নোৰা ফাতেহীৰ সৈতে শ্বেহনাজত দেখা পোৱা যাব পৰ্দা ।

লগতে পঢ়ক: KKBKKJ Trailer : ছলমানে শ্বেহনাজক দিলে আগবাঢ়ি যোৱাৰ পৰামৰ্শ, উত্তৰত পঞ্জাৱৰ কেটৰিণা কাইফে ক’লে এই কথা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.