ETV Bharat / entertainment

মাতৃ হ’বলৈ ওলাইছে দক্ষিণৰ অভিনেত্ৰী অমলা পল, বেবী বাম্প প্ৰদৰ্শন কৰি অনুৰাগীক দিলে এই সুখবৰ

author img

By ETV Bharat Assamese Team

Published : Jan 4, 2024, 1:01 PM IST

Amala Paul Pregnancy Announcement: মাতৃ হ’ব দক্ষিণৰ অভিনেত্ৰী অমলা পল ৷ অভিনেত্ৰীগৰাকীয়ে খোদ ছ’চিয়েল মিডিয়াত প্ৰকাশ কৰিছে এই কথা ৷

AMALA PAUL AND JAGAT DESAI ANNOUNCE PREGNANCY SHARE GLIMPSE OF BABY BUMP
মাতৃ হ’ব দক্ষিণৰ অভিনেত্ৰী অমলা পল

চিটাৰা ডেস্ক, ৪ ডিচেম্বৰ: শেহতীয়াকৈ দক্ষিণ ভাৰতৰ জনপ্ৰিয় অভিনেত্ৰী অমলা পলে দীৰ্ঘদিনীয়া প্ৰেমিক জগত দেশাইৰ সৈতে বিবাহপাশত আবদ্ধ হয় । বিয়াৰ পিচত এতিয়া অভিনেত্ৰীগৰাকীয়ে অনুৰাগীক দিলে এটা ভাল খবৰ ৷ দৰাচলতে মাতৃ হ’ব অভিনেত্ৰীগৰাকী ৷ হয়, গৰ্ভধাৰণৰ কথা খোদ ঘোষণা কৰিছে অমলাই । এই ভাল খবৰটো তেওঁ ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে । গৰ্ভধাৰণক লৈ অতিশয় উৎফুল্লিত অভিনেত্ৰীগৰাকী । ৩২ বছৰ বয়সত প্ৰথম সন্তান জন্ম দিব অমলাই । ইয়াকে লৈ এতিয়া উৎফুল্লিত অনুৰাগীও ৷

বেবী বাম্প প্ৰদৰ্শন কৰি গৰ্ভধাৰণৰ কথা ঘোষণা কৰে অমলাই

অমলাই নিজৰ ইনষ্টাগ্ৰাম হেণ্ডেলত স্বামী জগতৰ সৈতে ফটো পোষ্ট কৰি গৰ্ভধাৰণৰ কথা ঘোষণা কৰিছে । ছবিকেইখনত ৰঙা ৰঙৰ সাজ পৰিধান কৰি সাগৰৰ পাৰত পোজ দিয়া দেখা গ’ল অমলাক । এখন ছবিত অমলাই নিজৰ বেবী বাম্পটো প্ৰদৰ্শন কৰা দেখা গৈছে । আন এখন ছবিত স্বামীৰ সৈতে পোজ দিয়া দেখা গৈছে ৷ এই ছবিসমূহ শ্বেয়াৰ কৰি অভিনেত্ৰীগৰাকীয়ে কেপশ্যনত লিখিছে, “এতিয়া মই জানো তোমাৰ লগত ১+১ ৩ !”

২০২৩ চনৰ নৱেম্বৰ মাহত বিবাহপাশত আবদ্ধ হৈছিল অমলা

উল্লেখ্য যে, ২০২৩ চনৰ ৫ নৱেম্বৰত কোচিত অমলা আৰু জগতৰ বিয়া হৈছিল । বিয়াত অমলাই লেভেণ্ডাৰ ৰঙৰ লেহেংগাৰ সৈতে গধুৰ গহনাৰে ব্ৰাইডেল লুক সম্পূৰ্ণ কৰিছিল । আনহাতে জগতেও কইনা অমলাৰ সৈতে মিলাবলৈ একে ৰঙৰে শ্বেৰৱানী পৰিধান কৰিছিল । উল্লেখ্য যে, এইখন অমলাৰ দ্বিতীয় বিবাহ আছিল । ইয়াৰ পূৰ্বে অভিনেত্ৰীগৰাকীয়ে ২০১৪ চনত পৰিচালক এ এল বিজয়ৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল । কিন্তু ২০১৭ চনত দুয়োৰে মাজত আনুষ্ঠানিকভাৱে বিবাহ বিচ্ছেদ হয় ।

লগতে পঢ়ক: শীঘ্ৰেই ভাল খবৰ পাব অনুৰাগীয়ে ! সন্তানৰ পৰিকল্পনা কৰিছে দীপিকা-ৰণবীৰে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.