ETV Bharat / entertainment

Allu Arjun Wax Statue: ডুবাইৰ মেডাম টুছাডত পুষ্পা ষ্টাৰৰ ম’মৰ প্ৰতিমূৰ্তি স্থাপন, চাওক ভিডিঅ’

author img

By ETV Bharat Assamese Team

Published : Oct 6, 2023, 2:19 PM IST

ডুবাইৰ মেডাম টুছাডত মিউজিয়ামত স্থাপন হ’ল তেলুগু ছুপাৰষ্টাৰ আল্লু অৰ্জুনৰ প্ৰতিমূৰ্তি । চাওক ভিডিঅ’ ৷

Allu Arjun meets his wax statue at Madame Tussauds Dubai
টুছাডত মিউজিয়ামত স্থাপন হ’ল তেলুগু ছুপাৰষ্টাৰ আল্লু অৰ্জুনৰ প্ৰতিমূৰ্তি

চিটাৰা ডেস্ক, 6 অক্টোবৰ: ‘পুষ্পা’ ছবিখনৰ বিপুল সফলতাৰে তেলুগু ছুপাৰষ্টাৰ আল্লু অৰ্জুনে ভাৰতীয় চলচ্চিত্ৰ জগতৰ সৰ্ববৃহৎ পান ইণ্ডিয়ান তাৰকা হিচাপে নিজকে প্ৰতিষ্ঠা কৰিছে । বক্স অফিচত এই ছবিখন ব্লকবাষ্টাৰ বুলি প্ৰমাণিত হৈছিল ৷ এই ছবিখন পৰিচালনা কৰিছে পৰিচালক সুকুমাৰে ৷ পুষ্পা ছবিৰ বাবে তেওঁ শ্ৰেষ্ঠ অভিনেতাৰ 69 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছে । দক্ষিণৰ কোনো অভিনেতাই প্ৰথমবাৰৰ বাবে লাভ কৰিছে এই বঁটা ৷ অভিনেতাজনৰ অনুৰাগী কেৱল দেশতে নহয়, বিদেশতো আছে ৷

শেহতীয়াকৈ অভিনেতাগৰাকীৰ বিষয়ে এটা খবৰ পোৱা গৈছিল ৷ ডুবাইৰ বিশ্ববিখ্যাত মেডাম টুছাডৰ ম’ম সংগ্ৰহালয়ত আল্লু অৰ্জুনৰ ম’মৰ প্ৰতিমূৰ্তি নিৰ্মাণ হ’ব বুলি খবৰ পোৱা গৈছিল । শেহতীয়াকৈ মেডাম টুছাডৰ অফিচিয়েল এক্স হেণ্ডেলে পুষ্পা অভিনেতাগৰাকীক লৈ এটা আকৰ্ষণীয় ভিডিঅ’ শ্বেয়াৰ কৰি এই খবৰ নিশ্চিত কৰিছে ।

  • National Award winner; the first Telugu Actor in 69 years to win this award and icon of dance moves, the one and only Allu Arjun is all set to come face to face with his wax twin at Madame Tussauds Dubai later this year.

    Stay tuned for an event like never before 🎬✨#alluarjun pic.twitter.com/ePHhfvWfru

    — Madame Tussauds Dubai (@Tussauds_Dubai) October 5, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

শেহতীয়াকৈ মেডাম টুছাড ডুবাইয়ে নিজৰ অফিচিয়েল টুইটাৰ হেণ্ডেলত শ্বেয়াৰ কৰা এটা ভিডিঅ’ত নিশ্চিত কৰা হৈছে যে ২০২৩ চনৰ শেষৰ ফালে আল্লু অৰ্জুনে নিজাকৈ ম’মৰ মূৰ্তি লাভ কৰিবলৈ সাজু হৈছে । ভিডিঅ’টো শ্বেয়াৰ কৰি কেপচনত লিখিছে, "ৰাষ্ট্ৰীয় বঁটা বিজয়ী; ৬৯ বছৰৰ ভিতৰত এই বঁটা লাভ কৰা প্ৰথমজন তেলুগু অভিনেতা আৰু নৃত্যৰ খোজৰ আইকন, এই বছৰৰ শেষৰ ফালে মেডাম টুছাড ডুবাইত নিজৰ ম’মৰ প্ৰতিমূৰ্তিৰ সৈতে মুখামুখি হোৱাৰ বাবে সাজু হৈছে আল্লু অৰ্জুন ।"

ভিডিঅ’টোত পুষ্পা অভিনেতাগৰাকীয়ে কয়, “এক প্ৰকাৰে মোৰ বাবে ই এক অতি অবাস্তৱ অভিজ্ঞতা, কাৰণ সৰুতে যেতিয়া মই মেডাম টুছাডলৈ গৈছিলো তেতিয়া মই কেতিয়াও ভবা নাছিলো যে মই নিজকে মেডাম টুছাডত ম’মৰ প্ৰতিমূৰ্তি হিচাপে বিচাৰি পাম ৷” ভিডিঅ’টোত ছুপাৰষ্টাৰগৰাকীক অল ব্লেক লুক আৰু পুষ্পা হেয়াৰষ্টাইলত দেখা গৈছে।

লগতে পঢ়ক: Prabhas wax statue: মহীশূৰ সংগ্ৰহালয়ৰ পৰা কিয় আঁতৰোৱা হ’ব প্ৰভাসৰ প্ৰতিমূৰ্তি ? জানি লওক কাৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.