ETV Bharat / entertainment

Al Pacino: ৮৩ বছৰ বয়সত চতুৰ্থবাৰৰ বাবে পিতৃ হ’বলৈ গৈ আছে এইগৰাকী অভিনেতা

author img

By

Published : May 31, 2023, 1:25 PM IST

গডফাদাৰৰ তাৰকা আল পেচিনো ৮৩ বছৰ বয়সত চতুৰ্থবাৰৰ বাবে পিতৃ হ’বলৈ ওলাইছে । আঠ মাহৰ অন্তঃসত্ত্বা আল পেচিনোৰ ২৯ বছৰীয়া প্ৰেমিকা ৷

Al Pacino to Welcome Fourth Child at 83
৮৩ বছৰ বয়সত পিতৃ হ’ব আল পেচিনো

চিটাৰা ডেস্ক, 31 মে’: ৮৩ বছৰ বয়সত চতুৰ্থবাৰৰ বাবে পিতৃ হ’বলৈ ওলাইছে হলিউডৰ প্ৰবীণ অভিনেতা আল পেচিনো (Al Pacino Fourth Time Father At 83 Age) । অভিনেতাগৰাকীৰ প্ৰতিনিধিয়ে জনোৱা মতে, আল পেচিনো আৰু তেওঁৰ অন্তঃসত্বা প্ৰেমিকা নূৰ আলফাল্লাই এটি সন্তানক আদৰিবলৈ সাজু হৈছে । নুৰ আঠ মাহৰ অন্তঃসত্ত্বা ।

কেতিয়া সন্তান জন্ম দিব আল পেচিনোৰ প্ৰেমিকা নূৰে ?

আল পেচিনোৰ প্ৰেমিকা অন্তঃসত্ত্বা হোৱাৰ খবৰটো প্ৰথমে শ্বেয়াৰ কৰিছিল টিএমজেডে । টিএমজেডক এক সূত্ৰই জনোৱা মতে, অভিনেতাগৰাকীৰ প্ৰেমিকাৰ প্ৰসৱৰ তাৰিখলৈ মাত্ৰ এমাহ বাকী আছে । ২৯ বছৰীয়া নূৰ আলফাল্লাই ২০২২ চনৰ এপ্ৰিল মাহৰ পৰা দ্য গডফাদাৰৰ তাৰকাক ডেট কৰি আছিল বুলি জানিব পৰা গৈছে (Al Pacino to Welcome Fourth Child)। তেওঁলোকৰ ৰোমাঞ্চৰ বাতৰি প্ৰথম আৰম্ভ হৈছিল যেতিয়া দুয়োকে একেলগে নিশাৰ আহাৰ গ্ৰহণ কৰি থকাৰ সময়ত দেখা পোৱা গৈছিল (Al Pacino) ৷

আল পেচিনোৰ ৩ টা শিশু আছে

উল্লেখ্য যে আল পেচিনোৰ এইটো প্ৰথম সন্তান নহয় ৷ চতুৰ্থবাৰৰ বাবে হে পিতৃ হ’বলৈ ওলাইছে আল পাচিনো (Al Pacino Fourth Child at 83)। আনহাতে ইয়াৰ পূৰ্বে তেওঁ প্ৰাক্তন প্ৰেমিকা তথা অভিনয় প্ৰশিক্ষক জন টাৰেণ্টৰ সৈতে ৩৩ বছৰীয়া কন্যা জুলি মেৰীৰ পিতৃ । ১৯৯৭ চনৰ পৰা ২০০৩ চনলৈকে তেওঁ ডেট কৰা প্ৰাক্তন প্ৰেমিকা বেভাৰলী ডি এঞ্জেলোৰ সৈতে যমজ সন্তান এণ্টন আৰু অলিভিয়া (২২) ৰ পিতৃ হয় আল পেচিনো । আনহাতে চলচ্চিত্ৰ নিৰ্মাতা নূৰ আলফাল্লাই পূৰ্বে প্ৰবীণ কণ্ঠশিল্পী মিক জেগাৰ আৰু কোটিপতি নিকোলাছ বাৰ্গগ্ৰেনৰ সৈতে ডেট কৰিছিল ।

আল পেচিনোৱে বহু আইকনিক ছবিত কাম কৰিছে

ক্লাছিক দ্য গডফাদাৰ ছিৰিজৰ তাৰকা আল পেচিনোৱে ‘স্কাৰফেচ’, ‘চেণ্ট অৱ এ উইমেন’, ‘হিট’, ‘ছাৰ্পিকো’, ‘ছি অৱ লাভ’, ‘দ্য ডেভিলছ এডভোকেট’, ‘দ্য ইনচাইডাৰ’ত ', 'এণ্ড জাষ্টিচ ফৰ অল', 'কাৰ্লিটোৰ ৱে', 'ডনি ব্ৰাস্কো', 'অ'চেনছ থাৰটিন' আৰু আৰু বহুতো আইকনিক ছবি অভিনয় কৰিছে ।

শেহতীয়াকৈ অভিনেতাগৰাকীয়ে ‘ৱান্স আপন এ টাইম ইন হলিউড’, ‘দ্য আইৰিছমেন’, ‘হাউছ অৱ গুচি’, ‘দ্য পাইৰেটছ অৱ ছ’মালিয়া’, ‘ডেনি কলিন্স’ আদি ছবিত অভিনয় কৰিছে ।

লগতে পঢ়ক: Akanksha Dubey Case : আকাংক্ষা ডুবেৰ মৃত্যু সন্দৰ্ভত আৰক্ষীয়ে লাভ কৰিছে এক গুৰুত্বপূৰ্ণ তথ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.