ETV Bharat / entertainment

Akanksha Dubey Case : আকাংক্ষা ডুবেৰ মৃত্যু সন্দৰ্ভত আৰক্ষীয়ে লাভ কৰিছে এক গুৰুত্বপূৰ্ণ তথ্য

author img

By

Published : May 30, 2023, 1:50 PM IST

ভোজপুৰী অভিনেত্ৰী আকাংক্ষা ডুবেৰ মৃত্যু সন্দৰ্ভত পোহৰলৈ আহিছে এক চাঞ্চল্যকৰ তথ্য (Akanksha Dubey Case) । আচলতে তদন্তৰ অন্তত অভিনেত্ৰীগৰাকীৰ কাপোৰত শুক্ৰাণু পোৱা গৈছে। যাৰ বাবে আৰক্ষীয়ে আদালতৰ অনুমতি লৈ সন্দেহজনক চাৰিজন লোকৰ ডি এন এ টেষ্ট কৰিব ।

A new in Akanksha death case there is found sperm on her cloth
আকাংক্ষা ডুবেৰ মৃত্যু সন্দৰ্ভত পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য

চিটাৰা ডেস্ক, 30 মে’: ২০২৩ চনৰ ২৬ মাৰ্চত বাৰাণসীৰ হোটেলৰ কোঠাত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ হৈছিল ভোজপুৰী অভিনেত্ৰী আকাংক্ষা ডুবেৰ মৃতদেহ (Akanksha Dubey Suicide Case) । ইয়াৰ পিচতে তেওঁৰ আত্মীয়ই অভিযোগ কৰিছিল যে এয়া আত্মহত্যা নাছিল বৰং হত্যা হে আছিল । ইয়াৰ সমান্তৰালকৈ পৰিয়ালবৰ্গই ভোজপুৰী গায়ক সমৰ সিং আৰু সঞ্জয়ৰ ওপৰত আকাংক্ষা দুবেৰ হত্য়াৰ অভিযোগ উত্থাপন কৰিছিল । ইয়াৰ পিচতেই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল সমৰ সিং আৰু সঞ্জয়ক (Akanksha Dubey Case)।

অভিনেত্ৰীগৰাকীৰ কাপোৰত উদ্ধাৰ হৈছে শুক্ৰাণু

শেহতীয়াকৈ আকাংক্ষা ডুবেৰ গোচৰত পোহৰলৈ আহিছে এক চাঞ্চল্যকৰ তথ্য (Akanksha Dubey Death Case)। আকাংক্ষাৰ কাপোৰ পৰীক্ষা কৰাৰ পিচত অভিনেত্ৰীগৰাকীৰ কাপোৰত শুক্ৰাণু পোৱা গৈছিল । এতিয়া এই সন্দৰ্ভত আৰক্ষীয়ে অধিক তথ্যৰ বাবে অভিযান অব্যাহত ৰাখিছে (Akanksha Dubey death mystery deepens) ৷ যাৰ অধীনত আৰক্ষীয়ে সন্দেহৰ আওতালৈ অহা মূল অভিযুক্ত ভোজপুৰী গায়ক সমৰ সিং, সঞ্জয় সিং আৰু তেওঁলোকৰ বন্ধু-বান্ধৱীকে ধৰি চাৰিজন লোকৰ ডি এন এ টেষ্ট কৰিব বুলি জানিব পৰা গৈছে । যাৰ বাবে ইতিমধ্যেই আদালতৰ পৰা অনুমতি বিচৰা হৈছে । এই কথা নিশ্চিত কৰিছে অভিনেত্ৰীগৰাকীৰ অধিবক্তাই ।

উল্লেখ্য যে, ২৬ মাৰ্চত বাৰাণসীৰ এখন হোটেলত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ হৈছিল ভোজপুৰী অভিনেত্ৰীগৰাকীৰ মৃতদেহ (Major development in Akanksha Dubey suicide case) । বাৰাণসীত তেওঁৰ ছবি ‘লায়ক হুন মে নালায়ক নহি’ৰ শ্বুটিংৰ বাবে গৈছিল । ইয়াৰ পিচত পৰিয়ালৰ লোকে অভিযোগ কৰে যে এয়া আত্মহত্যা নহয়, এয়া হত্যা হে ৷ সেয়ে পৰিয়ালবৰ্গই হত্যাৰ অভিযোগ উত্থাপন কৰি ৰুজু কৰে গোচৰ । জানিব পৰা মতে, তেওঁৰ মৃত্যুৰ কেইমিনিটমান পূৰ্বে ১৭ মিনিটৰ বাবে তেওঁৰ কোঠাত এজন লোকক দেখা গৈছিল । অৱশ্যে হোটেলৰ কোঠাটোত কোনো চুইচাইড নোট পোৱা নাছিল আৰক্ষীয়ে ।

আকাংক্ষা ডুবেৰ মাতৃ মধু ডুবেই কন্যাৰ মৃত্যুৰ বাবে দুজন লোকক দোষাৰোপ কৰিছে । সমৰ সিং আৰু সঞ্জয় সিঙে আকাংক্ষাক হত্যা কৰাৰ অভিযোগ উত্থাপন কৰিছে অভিনেত্ৰীগৰাকীৰ মাতৃয়ে। তেওঁ প্ৰকাশ কৰে যে ২১ মাৰ্চত সমৰ সিঙৰ ভাতৃ সঞ্জয় সিঙে আকাংক্ষা ডুবেক হত্যাৰ ভাবুকি দিছিল । যাৰ তথ্য নিজেই ফোনযোগে দিছিল অভিনেত্ৰীগৰাকীয়ে (Akanksha Dubey suicide case update)।

১৭ বছৰ বয়সত ‘মেৰী জং মেৰা ফাইছলা’ৰ জৰিয়তে এই উদ্যোগত আত্মপ্ৰকাশ কৰিছিল আকাংক্ষাই (Bhojpuri actress Akanksha Dubey) । ইয়াৰ উপৰিও তেওঁ ‘মুঝছে ছাদি কৰোগী’ (ভোজপুৰী), বীৰো কে বীৰ, ফাইটাৰ কিং আদি ছবিতো অভিনয় কৰিছিল ।

লগতে পঢ়ক: Akanksha Dubey: আত্মহত্যাৰ পূৰ্বে এস্কেলেটৰৰ সন্মুখত নৃত্য আকাংক্ষা ডুবেৰ, চিচিটিভিত বন্দী সমগ্ৰ দৃশ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.