ETV Bharat / entertainment

Aishwarya Rai: মাছৰ বক্তব্যক লৈ বিতৰ্ক, শিন্দে চৰকাৰৰ মন্ত্ৰীয়ে এইবাৰ দিলে স্পষ্টীকৰণ

author img

By ETV Bharat Assamese Team

Published : Aug 22, 2023, 4:58 PM IST

শেহতীয়াকৈ মহাৰাষ্ট্ৰ চৰকাৰৰ মন্ত্ৰী বিজয় কুমাৰ গাভিটে এটা বিতৰ্কিত মন্তব্য কৰি কৈছিল যে ‘ঐশ্বৰ্য ৰায় বচ্চনে প্ৰতিদিনে মাছ খায় সেইবাবেই তেওঁৰ চকুজুৰি ধুনীয়া’। ইয়াৰ পিচতে এই মন্তব্যক লৈ সৃষ্টি হয় ব্যাপক বিতৰ্ক ৷ এতিয়া এই সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰি কৈছে যে ঐশ্বৰ্য ৰায় মোৰ ছোৱালীৰ দৰে ।

Aishwarya Rai is like my daughter- Controversy over fish statement, Maharashtra minister gave clarification
ঐশ্বৰ্য ৰায়ৰ চকু ধুনীয়া কাৰণ তাই মাছ খায়, শিন্দে চৰকাৰৰ মন্ত্ৰীয়ে দিলে অদ্ভুত বক্তব্য

চিটাৰা ডেস্ক, 22 আগষ্ট: বলীউডৰ অভিনেত্ৰী ঐশ্বৰ্য ৰায় বচ্চনক লৈ এক অদ্ভুত বক্তব্য দি বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছে মহাৰাষ্ট্ৰৰ মন্ত্ৰী বিজয় কুমাৰ গাভিট ৷ অৱশ্যে মন্ত্ৰীগৰাকীয়ে শেহতীয়াকৈ এই সন্দৰ্ভত স্পষ্টীকৰণ দিয়ে ৷ জনজাতি পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে এতিয়া কৈছে যে ঐশ্বৰ্য ৰায় বচ্চন তেওঁৰ কন্যাৰ দৰে । গাভিটে দাবী কৰে যে মাছৰ বিষয়ে তেওঁ দিয়া বক্তব্যক বিকৃত কৰি প্ৰচাৰ কৰা হৈছে ৷

বিজয় কুমাৰ গাভিটে সোমবাৰে কৈছিল যে ঐশ্বৰ্য ৰায় বচ্চনে মাছ খায়, সেইবাবেই অভিনেত্ৰীগৰাকীৰ চকুজুৰি ইমান ধুনীয়া । সেই সময়ছোৱাত বিজয় কুমাৰ গাভিটে সেই স্থানত উপস্থিত থকা ৰাইজক উপদেশ দিছিল যে যদি আপোনালোকেও মাছ খায়, তেতিয়াহ’লে আপোনাৰো চকু ঐশ্বৰ্য ৰায়ৰ দৰে সুন্দৰ হৈ পৰিব । ইয়াৰ পিচতে গাভিটৰ এই বক্তব্য ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে আৰু এই বক্তব্যক লৈ সৃষ্টি হয় তীব্ৰ চাঞ্চল্য ৷ তেওঁৰ এই বক্তব্যক লৈ বহু বিৰোধী নেতাই তেওঁক সমালোচনা কৰে । সৃষ্টি হোৱা প্ৰতিক্ৰিয়া দেখি বিজয় কুমাৰ গাভিটে এতিয়া এই সন্দৰ্ভত স্পষ্টীকৰণ প্ৰদান কৰিছে ৷

মঙলবাৰে গাভিটে কয় যে মোৰ বক্তব্য বিকৃত কৰা হৈছে । ঐশ্বৰ্য ৰায় মোৰ ছোৱালীৰ দৰে । মই জনজাতীয় লোকসকলক মাছৰ তেলৰ উপকাৰিতাৰ কথা কৈ আছিলো । তেওঁ কয় যে মাছ স্বাস্থ্যৰ বাবে উপকাৰী ।

ৰাজ্যিক মহিলা আয়োগে উত্তৰ বিচাৰিলে মন্ত্ৰীগৰাকীৰ পৰা

বিজয় কুমাৰ গাভিটৰ বক্তব্যক লৈ বিতৰ্ক ইমানেই বৃদ্ধি পালে যে মহাৰাষ্ট্ৰ মহিলা আয়োগে তেওঁক জাননী দি উত্তৰ বিচাৰিছে এই সন্দৰ্ভত । ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ ৰূপালী চকনকাৰে গাভিটক তিনিদিনৰ ভিতৰত তেওঁৰ বক্তব্য সন্দৰ্ভত ব্যাখ্যা দাখিল কৰিবলৈ কয় । বিজয়ৰ এই বক্তব্যৰ সন্দৰ্ভত বিজেপিৰ বিধায়ক নিতেশ ৰাণে কয় যে এই সন্দৰ্ভত গাভিটক সুধিব যে কোনো গৱেষণা হৈছে নেকি ।

বিজয় কুমাৰ গাভিটে কৈছিল, “যিসকলে দৈনিক মাছ খায়, তেওঁলোকৰ ছাল কোমল হৈ পৰে আৰু চকু দুটা জিলিকিবলৈ আৰম্ভ কৰে । কোনোবাই যদি আপোনাক দেখে তেন্তে তেওঁ আপোনাৰ প্ৰতি আকৰ্ষিত হয় ৷ মই আপোনাক ঐশ্বৰ্য ৰায়ৰ কথা কৈছিলো নেকি ? মেংগালুৰুত ঐশ্বৰ্য বসবাস কৰিছিল আৰু দৈনিক মাছ খাইছিল । ঐশ্বৰ্যৰ চকু দুটা দেখিছেনে ? আপোনাৰ চকু দুটাও তেওঁৰ দৰে হ’ব পাৰিব যদিহে আপুনি মাছ খায় ।

লগতে পঢ়ক: Sunny Deol: বেংক অৱ বৰোদাৰ সম্পত্তিৰ নিলামৰ জাননী সন্দৰ্ভত ছানী দেওলে প্ৰকাশ কৰিলে প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.