ETV Bharat / entertainment

Box Office Record: আদিপুৰুষে ভংগ কৰিব পাৰিব নে আমিৰ খানৰ এই ছবিখনৰ উপাৰ্জনৰ অভিলেখ ?

author img

By

Published : Jun 14, 2023, 3:34 PM IST

উপাৰ্জনৰ ক্ষেত্ৰত আমিৰ খানৰ ছবি দংগলে এনে এক অভিলেখ গঢ়িবলৈ সক্ষম হৈছে যিটো এতিয়ালৈকে কোনো ছবিয়ে ভাঙিব পৰা নাই । আনকি পাঠান আৰু বাহুবলীৰ দৰে ছবিয়েও দংগলৰ এই অভিলেখ স্পৰ্শ কৰিব পৰা নাই। এতিয়া প্ৰশ্ন হয় আদিপুৰুষে ভংগ কৰিব পাৰিব নে এই অভিলেখ ?

Ahead of Adipurush release know box office record dangal is the highest grossing india film worldwid
আদিপুৰুষে ভংগ কৰিব পাৰিব নে দংগলৰ অভিলেখ

চিটাৰা ডেস্ক, 14 জুন : প্ৰভাস আৰু কৃতি সেননৰ অভিনীত বহু প্ৰত্যাশিত ছবি ‘আদিপুৰুষ’ ছবিগৃহত মুক্তি পাবলৈ গৈ আছে । এই ছবিখনক লৈ চৌদিশে চলিছে চৰ্চা ৷ ইফালে পূৰ্ণগতিত চলি আছে ছবিখনৰ এডভান্স বুকিং । ইতিমধ্যে বহু ঠাইত প্ৰথম দিনৰ প্ৰথম শ্ব’ হাউছফুল হৈ গৈছে ৷ এনে পৰিস্থিতিত ‘আদিপুৰুষে’, ‘পাঠান’ আৰু ‘বাহুবলী’ৰ অভিলেখ ভংগ কৰিব পাৰে বুলি অনুমান কৰা হৈছে ৷ কিন্তু আমিৰ খানৰ ছবি ‘দংগল’ৰ বিশ্বব্যাপী সংগ্ৰহৰ অভিলেখ ভংগ কৰিব পাৰিব নে আদিপুৰুষে ?

পাঠান আৰু বাহুবলীয়ে অভিলেখ ভংগ কৰিব নোৱাৰিলে আমিৰ খানৰ ছবিৰ

২০২৩ চনৰ ২৫ জানুৱাৰীত ছবিগৃহত মুক্তি লাভ কৰে শ্বাহৰুখ খানৰ অভিনীত ছবি ‘পাঠান’ । এই ছবিখন মুক্তিৰ পিচতে বক্স অফিচত সৃষ্টি কৰে আলোড়নৰ ৷ কেৱল দেশতে নহয় বিদেশতো বহু ধন উপাৰ্জন কৰে ছবিখনে । কেইবা সপ্তাহ ছবিগৃহত উপাৰ্জন কৰি বলীউডৰ সৰ্বাধিক উপাৰ্জন কৰা ছবি হিচাপে পৰিগণিত হয় দংগল । যদিও ২০১৬ চনত মুক্তি পোৱা আমিৰ খান অভিনীত ছবি ‘দংগল’ৰ বিশ্বব্যাপী সংগ্ৰহৰ অভিলেখ ভংগ কৰাত ‘পাঠান’ সম্পূৰ্ণৰূপে ব্যৰ্থ হয় ।

আনহাতে ভাৰতীয় চিনেমাৰ ইতিহাসৰ মাইলৰ খুঁটি বুলি অভিহিত ‘বাহুবলী’ আৰু ‘বাহুবলী ২’ ছবিয়ে বিশ্বজুৰি বহু উপাৰ্জন কৰিছিল যদিও এই ছবিসমূহেও ‘দংগল’ৰ বিশ্বব্যাপী সংগ্ৰহৰ অভিলেখ ভংগ কৰিব নোৱাৰিলে ৷ বিশ্বজুৰি এই ছবিসমূহৰ উপাৰ্জনৰ কথা ক’বলৈ গ’লে ‘পাঠান’ আৰু ‘বাহুবলী’তকৈ বহু আগবাঢ়ি আছে ‘দংগল’ ।

দংগলে বিশ্বব্যাপি সংগ্ৰহ কৰে - ১৯৬৮.০৩ কোটি টকা

বাহুবলীৰ বিশ্বজুৰি সংগ্ৰহ কৰে - ১,৭৮৮.০৬ কোটি টকা

বাহুবলী ২ য়ে বিশ্বজুৰি সংগ্ৰহ কৰে - ১৩০০ কোটি টকা

পাঠানে বিশ্বজুৰি সংগ্ৰহ কৰে - ১,০৫০.৩ কোটি টকা

আদিপুৰুষে ‘দংগল’ৰ বিশ্বব্যাপী সংগ্ৰহৰ অভিলেখ ভংগ কৰিব পাৰিব নে ?

১৯০০ কোটিৰো অধিক উপাৰ্জন কৰা দংগলে বিশ্বব্যাপী সংগ্ৰহৰ অভিলেখ গঢ়িবলৈ সক্ষম হৈছে ৷ এতিয়ালৈকে কোনো ছবিয়ে দংগলক স্পৰ্শ কৰিব পৰা নাই । ‘দংগল’ চীনতে ১৩০০ কোটি টকা সংগ্ৰহ কৰিছিল । একে সময়তে এই ছবিখনে ঘৰুৱা বক্স অফিচত ৩৮৮ কোটি টকা উপাৰ্জন কৰে। মেগা ব্লক বাষ্টাৰ ছবি পাঠান আৰু বাহুবলীয়ে দংগলৰ বিশ্বব্যাপী সংগ্ৰহত ব্যৰ্থ হৈছিল ৷ এতিয়া প্ৰভাসৰ ‘আদিপুৰুষ’ ছবিখনে ‘দংগল’ৰ এই অভিলেখ ভংগ কৰিবলৈ সক্ষম হ’বনে সেয়া লক্ষণীয় বিষয় হ’ব ৷

লগতে পঢ়ক: Yash As Ravana: ৰামায়ণত ৰাৱণৰ চৰিত্ৰত অভিনয় কৰাৰ প্ৰস্তাৱ নাকচ কৰিলে যশে, ক’লে নাকচ কৰাৰ কাৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.