ETV Bharat / entertainment

Brother alleges Nawazuddin: নৱাজুদ্দিন ছিদ্দিকীৰ বিৰুদ্ধে বিস্ফোৰক মন্তব্য ভাতৃ শ্বামছৰ

author img

By

Published : Mar 1, 2023, 7:58 PM IST

After wife, now brother alleges Nawazuddin Siddiqui 'abandons people'
নৱাজুদ্দিন ছিদ্দিকীৰ বিৰুদ্ধে কি ক’লে ভাতৃয়ে

পত্নী আলিয়াৰ পিচত এইবাৰ ভাতৃৰ অভিযোগ অভিনেতা নৱাজুদ্দিন ছিদ্দিকীৰ বিৰুদ্ধে ৷ নৱাজৰ ভাতৃ তথা চলচ্চিত্ৰ নিৰ্মাতা শ্বামছে কেইবাটাও বিস্ফোৰক মন্তব্য কৰিলে অভিনেতাজনৰ বিৰুদ্ধে (Brother alleges Nawazuddin)। সবিশেষ জানিবলৈ পঢ়ক সম্পূৰ্ণ প্ৰতিবেদন ৷

চিটাৰা ডেস্ক, 1 মাৰ্চ: শেহতীয়াকৈ ঘৰুৱা সংঘাতৰ বাবে চৰ্চালৈ আহিছে বলীউডৰ অভিনেতা নৱাজুদ্দিন ছিদ্দিকী ৷ অভিনেতাগৰাকীৰ প্ৰাক্তন পত্নীয়ে নৱাজুদ্দিন ছিদ্দিকীৰ বিৰুদ্ধে এক চাঞ্চল্যকৰ অভিযোগ উত্থাপন কৰিছিল ৷ প্ৰাক্তন পত্নীৰ পিচত এইবাৰ নৱাজৰ ভাতৃয়ে তেওঁৰ বিৰুদ্ধে কেইবাটাও অভিযোগ উত্থাপন কৰিছে (After wife now brother alleges Nawazuddin) ৷ অভিনেত্ৰী কংগনা ৰানাৱটে নৱাজৰ পক্ষত কোৱা কথাখিনিৰ সম্পূৰ্ণ বিপৰীত পক্ষ ল’লে এইবাৰ ভাতৃ ছামছ ছিদ্দিকীয়ে (Brother alleges Nawazuddin) ।

চলচ্চিত্ৰ নিৰ্মাতা শ্বামছে অস্বীকাৰ কৰা নাছিল যে নৱাজে নিজৰ পৰিয়ালৰ যত্ন লয় । আনহাতে নৱাজে পৰিয়ালৰ বাবে সম্পত্তি ক্ৰয় কৰে ঠিকেই কিন্তু নিজৰ ধন তথা শক্তি প্ৰয়োগ কৰি ভায়েকৰ কেৰিয়াৰ গঢ়ি দিয়া নাছিল বুলি উল্লেখ কৰে ভাতৃয়ে । শ্বামছে লগতে কয় যে নৱাজুদ্দিনৰ ৰাজহুৱা চৰিত্ৰ আৰু প্ৰকৃত চৰিত্ৰ সম্পূৰ্ণ ব্যতিক্ৰম ৷ শ্বামছৰ মতে তেওঁৰ ভাতৃ আপোন মানুহক পৰিত্যাগ কৰিব পৰা এজন কঠিন অন্তৰৰ ব্যক্তি । শ্বামছে লগতে কয় যে প্ৰাক্তন পত্নী আলিয়া আৰু মই ইয়াৰ জলন্ত উদাহৰণ (Nawazuddins brother accuses him) ।

আলিয়া আৰু নৱাজুদ্দিনৰ সম্পৰ্কৰ কথা কওঁতে ছামাছে কয় যে, তেওঁলোকৰ বিবাহত আৰম্ভণিৰে পৰা যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছিল ৷ আলিয়াৰ “সহনশীলতাৰ মাত্ৰা অতিক্ৰম কৰি গৈছিল ”। সেয়াহে ৰাজহুৱাভাৱে সকলোকে জনোৱাৰ সিদ্ধান্ত ল’লে আলিয়াই ৷ নৱাজৰ সৈতে থকা সম্পৰ্কত আলিয়াই বহুত সহ্য কৰিছে ।

ভাতৃক ‘স্বাৰ্থপৰ’ আৰু ‘লোভী’ বুলি অভিহিত কৰা ছবি নিৰ্মাতাগৰাকীয়ে লগতে অভিযোগ কৰে যে নিৰ্মাতাৰ পৰা বাবদ ধন নোপোৱালৈকে Bole Chudiyan patchwork শ্বুটিং কৰিবলৈ অস্বীকাৰ কৰাৰ সময়ত নৱাজে তেওঁক ভাতৃ হিচাপে নিৰাশ কৰিছিল । শ্বামছে লগতে কয় যে তেওঁ বুজিব পৰা নাছিল যে নৱাজে তেওঁৰ ছবি Bole Chudiyanক কিয় ভেঙুচালি কৰিছিল ৷ যিখন ছবি ২০১৯ চনত শ্বুটিং সম্পূৰ্ণ হৈছিল যদিও বৰ্তমানেও মুক্তি পোৱা নাই ছবিগৃহত (Nawazuddin Siddiqui Brother Allegations) ।

উল্লেখ্য যে, নৱাজুদ্দিনৰ প্ৰাক্তন পত্নী আলিয়াই অভিনেতাগৰাকীৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ উত্থাপন কৰি থানাত ৰুজু কৰিছিল গোচৰ (Nawazuddins estranged wife accuses him of rape)। বৰ্তমান দুয়োৰে মাজত সন্তানৰ জিম্মা বিচাৰি চলি আছে সংঘাত ৷

লগতে পঢ়ক: Nawazuddin Siddiqui : নৱাজুদ্দিন ছিদ্দিকীৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ আলিয়াৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.