Ae Watan Mere Watan teaser:অখ্যাত নায়িকা উষা মেহতাৰ ৰূপত ছাৰা আলী খান

author img

By

Published : Jan 23, 2023, 12:30 PM IST

Sara Ali Khan

এ ৱতন মেৰে ৱতনৰ নিৰ্মাতাসকলে সোমবাৰে ছাৰা আলী খান অভিনীত ছবিখনৰ টিজাৰ উন্মোচন কৰে । কান্নন আয়াৰৰ দ্বাৰা পৰিচালিত এই চলচ্চিত্ৰখন 1942 চনত ভাৰত ত্যাগ আন্দোলনৰ পটভূমিত নিৰ্মাণ কৰা হৈছে ।

চিটাৰা ডেস্ক, 23 জানুৱাৰী : 2018 চনত মুক্তি পোৱা ছবি কেদাৰনাথৰ সৈতে বলীউডত অভিষেক ঘটোৱাৰ পিছত প্ৰথমবাৰৰ বাবে নিজাববীয়াকৈ এখন ছবিৰ দায়িত্ব নিজৰ কান্ধত উঠাবলৈ সাজু হৈছে বলীউডৰ অভিনেত্ৰী ছাৰা আলী খান । আগন্তুক ছবি Ae Watan Mere Watan ত ছাৰাক মুখ্য চৰিত্ৰত অভিনয় কৰা দেখিবলৈ পোৱা যাব । কৰণ জোহৰে বেংকৰোল কৰা ছবিখনত ছাৰাই স্বাধীনতা সংগ্ৰামী উষা মেহতাৰ চৰিত্ৰ ৰূপায়ন কৰিছে ।

সোমবাৰে ছবিখনৰ নিৰ্মাতা সকলে এ ৱতন মেৰে ৱতনৰ টিজাৰ শ্বেয়াৰ কৰে । এই ছবিখনত ছাৰাই নিজৰ কেৰিয়াৰত প্ৰথমবাৰৰ বাবে বাস্তৱ জীৱনৰ কোনোবা নায়কৰ চৰিত্ৰত অভিনয় কৰিবলৈ আগবাঢ়িছে ৷ চিম্বা, কুলি নং 1 আৰু আত্ৰাংগীৰ দৰে বাণিজ্যিক ছবিৰ পিছত এইবাৰ গহীন-গম্ভীৰ চৰিত্ৰত দেখিবলৈ পোৱা যাব ছাৰাক । গুৰুত্বপূৰ্ণ চৰিত্ৰত ছাৰাৰ ভূমিকা কেনে হ’ব সেইয়াও লক্ষণীয় হ’ব ৷

এগৰাকী বীৰ, সিংহৰ দৰে সাহসী হৃদয়ৰ স্বাধীনতা সংগ্ৰামীক কেন্দ্ৰ কৰি ছবিখন নিৰ্মাণ হৈছে । 1942 চনত ভাৰত ত্যাগ আন্দোলনৰ পটভূমিত ৰচিত হৈছে কাহিনীটো । এ ৱতন মেৰে ৱতন হৈছে সঁচা পৰিঘটনাৰ পৰা অনুপ্ৰাণিত এখন থ্ৰিলাৰ নাটক । ছবিখন ৰচনা কৰিছে দৰব ফাৰুকী আৰু কান্নান আয়েৰে । বিগত ডিচেম্বৰ মাহত এ ৱতন মেৰে ৱতনৰ শ্বুটিং শেষ কৰিছিল নিৰ্মাতা সকলে ।

Sara Ali Khan
ছাৰা আলী খানৰ আগন্তুক ছবিৰ এক দৃশ্য

এই ধৰ্মা এণ্টাৰটেইনমেণ্ট প্ৰডাকচনৰ ছবিখনৰ নেতৃত্বত আছে কান্নান আয়াৰ । জনপ্ৰিয় ষ্ট্ৰীমিং প্লেটফৰ্ম এমাজন অৰিজিনেলৰ এই ছবিখন মুক্তিৰ লগে লগে 240 খনতকৈও অধিক দেশ আৰু অঞ্চলত প্ৰাইমৰ সদস্যসকলৰ বাবে উপলব্ধ হ’ব ।

Sara Ali Khan
সংগ্ৰামী উষা মেহতাৰ ৰূপত ছাৰা আলী খান

ছাৰা আলী খান কেইবাখনো ছবিৰে সৈতে বছৰটোৰ বাবে ব্যস্ত হৈ আছে ৷ বিক্ৰান্ত মেছিৰ বিপৰীতে পৱন কৃপলানিৰ গেছলাইট, বিকী কৌশলৰ সৈতে লক্ষ্মণ উটেকাৰৰ শিৰোনামহীন এখন ছবি আৰু আনখন এ ৱতন মেৰে ৱতন আদি বিভিন্ন ধাৰাৰ অন্তৰ্গত ছবিৰে ছাৰা বৰ্তমান ব্যস্ত । এই সকলোবোৰৰ বাহিৰেও অনুৰাগ বসু আৰু আদিত্য ৰয় কাপুৰৰ সৈতে তেওঁৰ নতুন ছবি মেট্ৰ’: ইন দিনোও তেওঁৰ হাতত আছে ।

লগতে পঢ়ক : ‘ছাৰা দা চাৰা সচ বোল দিয়া’, ছাৰাৰে সম্পৰ্ক সন্দৰ্ভত এই মন্তব্য সুবমন গীলৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.