ETV Bharat / entertainment

Aditya Roy Kapur news: আদিত্য ৰয় কাপুৰক বলপূৰ্বক চুম্বনৰ চেষ্টা কৰিলে কোন মহিলাই ?

author img

By

Published : Feb 16, 2023, 5:59 PM IST

Aditya Roy Kapur
আদিত্য ৰয় কাপুৰ

বলীউডৰ অভিনেতা আদিত্য ৰায় কাপুৰৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে, য’ত দেখা গৈছে এগৰাকী মহিলা অনুৰাগীয়ে আদিত্যক জোৰকৈ চুমা খাবলৈ চেষ্টা কৰিছে (Aditya Roy Kapur viral video) । মহিলাগৰাকীৰ এই কাৰ্য দেখি নেটিজেনৰ খং উঠিছে । সকলোৱে কৈছে যে, এইয়া সম্পূৰ্ণ হাৰাশাস্তি ।

চিটাৰা ডেস্ক, 16 ফেব্ৰুৱাৰী : বলীউডৰ অভিনেতা আদিত্য ৰয় কাপুৰ অভিনীত ৱেব চিৰিজ ‘দ্য নাইট মেনেজাৰ’ 17 ফেব্ৰুৱাৰীত ডিজনী প্লাছ হটষ্টাৰত মুক্তি পাব (Aditya Roy Kapur streaming debut) । তেওঁৰ আগন্তুক ৱেব চিৰিজখনৰ বিশেষ প্ৰদৰ্শনৰ পিচত বুধবাৰে মুম্বাইৰ এটা থিয়েটাৰৰ বাহিৰত তেওঁৰ অনুৰাগীৰ মাজত উপস্থিত হয় আদিত্য (Aditya Roy Kapur latest news) । ইয়াত তেওঁৰ অনুৰাগীসকলৰ সৈতে কথা-বতৰা হৈছিল । ইয়াৰ মাজতে এগৰাকী মহিলা অনুৰাগীয়ে তেওঁৰ সৈতে চেলফি লৈছিল আৰু তাৰ পিচত তেওঁক চুমা খাবলৈ চেষ্টা কৰিছিল । অশান্তিৰ মাজতে আদিত্যই পৰিস্থিতিটো অতি বুদ্ধিমত্তাৰে চম্ভালিছিল ।

আদিত্য ৰায় কাপুৰৰ এই ঘটনাৰ ভিডিঅ’টো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ৷ ভিডিঅ’টোত দেখা গৈছে যে, মহিলা অনুৰাগী গৰাকীয়ে আদিত্য ৰয়ক দুবাৰকৈ চুমা খাবলৈ চেষ্টা কৰিছে । ভিডিঅ’টোত স্পষ্টকৈ দেখা গৈছে যে, এই মহিলা গৰাকীয়ে প্ৰথমে অভিনেতাজনৰ ওচৰলৈ চেলফি তুলিবলৈ আহে (Aditya Roy Kapur Fan)। ফটোখনত ক্লিক কৰাৰ পিচত মহিলা অনুৰাগী গৰাকীয়ে আদিত্যৰ মুখৰ ফালে আগবাঢ়ি গৈ তেওঁক চুমা খাবলৈ চেষ্টা কৰে । তেওঁ অভিনেতাজনক কয়, ‘‘ছাৰ প্লিজ এটা চুমা খাওঁ’’ । আদিত্যই হাঁহি এটা মাৰি পৰিস্থিতিটো চম্ভালি লয় । তাৰ পিচত মহিলাগৰাকীয়ে আদিত্যৰ হাতত চুমা খাই গুচি যায় । সেই সময়তে এগৰাকী মহিলাই আদিত্য ৰয়ক সোধে, আপুনি মাত্ৰ ডুবাইৰ পৰা আহিছে নেকি ? আদিত্যই এই কথাৰ উত্তৰ দিয়ে ‘হয়’ বুলি দিয়ে ।

আদিত্যৰ এই ভিডিঅ'টোত বহুত প্ৰতিক্ৰিয়া আহি আছে । এই ভিডিঅ’টোত এজন অনুৰাগীয়ে লিখিছে, ‘‘কল্পনা কৰকচোন, যদি কোনো ব্যক্তিয়ে এগৰাকী অভিনেত্ৰীক এনেকুৱা কৰিলেহেঁতেন তেন্তে এতিয়ালৈকে হাৰাশাস্তিৰ গোচৰ ৰুজু হ’লহেঁতেন’’ ৷ একে সময়তে এজন অনুৰাগীয়ে লিখিছে, ‘‘হে ভগৱান, এনেকৈ হাৰাশাস্তি কৰাটো উচিত নহয় । ৰাইজৰ কি সমস্যা, এয়া সম্পূৰ্ণ হাৰাশাস্তি’’ ।

দ্য নাইট মেনেজাৰ' হৈছে টম হিডলষ্টন অভিনীত মিনি চিৰিজৰ ৰিমেক (the night manager hindi remake) । এইটো আদিত্য ৰয় কাপুৰৰ প্ৰথম ষ্ট্ৰীমিং ৱেব চিৰিজ (Aditya Roy Kapur ott debut)। "দ্য নাইট মেনেজাৰ"ত অনিল কাপুৰ, শোভিতা ধুলিপালা আৰু তিলোত্তমা শ্বোমেও অভিনয় কৰিছে । চিৰিজটো 17 ফেব্ৰুৱাৰীত ডিজনী প্লাছ হটষ্টাৰত মুক্তি দিয়া হ'ব (Aditya Roy Kapur The Night Manager) । আদিত্যৰ কৰ্মক্ষেত্ৰৰ বিষয়ে ক'বলৈ গ'লে আদিত্যক অনুৰাগ বসুৰ ছবি 'মেট্ৰ'-ইন দিনো' ত ছাৰা আলীৰ বিপৰীতে দেখা যাব ।

লগতে পঢ়ক: Shah Rukh Khan:যিখন চিনেমাই দিছিল অনন্য পৰিচয়, সেইখন চিনেমাই কৰিব বিচৰা নাছিল শ্বাহৰুখে !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.