ETV Bharat / entertainment

আমিৰ খানৰ কন্যা ইৰা খানৰ হালধি অনুষ্ঠান, মাৰাঠী লুকত অভিনেতাগৰাকীৰ দুই প্ৰাক্তন পত্নী

author img

By ETV Bharat Assamese Team

Published : Jan 2, 2024, 2:31 PM IST

Ira Khan-Nupur Shikhare Wedding: ইৰা খান আৰু নুপুৰ শিখাৰেৰ প্ৰি-ৱেডিং ফাংচনৰ প্ৰস্তুতি আৰম্ভ হৈছে । আমিৰ খানৰ প্ৰাক্তন পত্নী কিৰণ ৰাও আৰু ৰীণা দত্তকো কন্যাৰ বিয়াৰ অনুষ্ঠানত একেলগে দেখা গৈছে । চাওক ভিডিঅ’ ৷

Aamir Khan's ex-wives Kiran Rao, Reena Dutta arrive for Ira's Haldi ceremony - watch
আমিৰ খানৰ কন্যা ইৰা খানৰ হালদী অনুষ্ঠান

চিটাৰা ডেস্ক, ২ জানুৱাৰী: কইনা হ’বলৈ সাজু আমিৰ খানৰ কন্যা ইৰা খান । কাইলৈ প্ৰেমিক নুপুৰ শিখাৰেৰ সৈতে বিবাহপাশত আৱদ্ধ হ’ব ইৰা খান । ইফালে বিবাহৰ প্ৰাকক্ষণত খান পৰিয়ালত পূৰ্ণ গতিত চলিছে বিয়াৰ প্ৰস্তুতি । যাৰ বহু ফটো আৰু ভিডিঅ’ ছ’চিয়েল মিডিয়াত প্ৰকাশ পাইছে ৷

আৰম্ভ হ’ল আমিৰ খানৰ কন্যা ইৰা খানৰ বিবাহ অনুষ্ঠান

আজিৰে পৰা আৰম্ভ হৈছে ইৰা-নুপুৰৰ প্ৰি-ৱেডিং ফাংচন । ছ’চিয়েল মিডিয়াত বহু ফটো আৰু ভিডিঅ’ প্ৰকাশ পাইছে, য’ত আমিৰ খানৰ সমগ্ৰ পৰিয়াল বিবাহ অনুষ্ঠানৰ প্ৰস্তুতিত ব্যস্ত হৈ পৰা দেখা গৈছে । দৰাচলতে আজি ইৰাৰ হালধি অনুষ্ঠান ৷ হালধি অনুষ্ঠানৰ বাবে সাজু হৈছে ইৰা আৰু শিখাৰেৰ পৰিয়াল ৷

Aamir Khan's ex-wives Kiran Rao, Reena Dutta arrive for Ira's Haldi ceremony - watch
ইৰা খানৰ পোষ্ট

অভিনেতাগৰাকীৰ দুয়োগৰাকী প্ৰাক্তন পত্নী ৰীণা দত্ত আৰু কিৰণ ৰাওক একেলগে দেখা গ’ল

ইৰা খানৰ বিবাহ উপলক্ষে আমিৰ খানৰ প্ৰাক্তন পত্নী কিৰণ ৰাও আৰু ৰীণা দত্তক কন্যাৰ বিয়াত একেলগে দেখা গ’ল । ভাইৰেল হোৱা ভিডিঅ’বোৰত দেখা গৈছে যে কিৰণ ৰাওৱে গাড়ীৰ পৰা লাগেজ উলিয়াই আনিছে ।

ইফালে, আমিৰ খানৰ প্ৰথম পত্নী ৰীণা দত্তকো এই সময়চোৱাত ঘৰৰ পৰা ওলাই অহা দেখা গ’ল, য’ত সেউজীয়া ৰঙৰ শাৰী পৰিধান কৰা দেখা গৈছিল ৰীণা দত্তক । ইয়াৰ মাজতে তেওঁ হ’বলগীয়া জোঁৱাই নুপুৰৰ সৈতে ফটোৰ বাবেও পোজ দিয়ে ৷ ৰীণা দত্তৰ ঘৰটো ফুলেৰে সজাই তোলা হৈছে । অৱশ্যে এই সময়চোৱাত পৰিয়ালৰ সৈতে দেখা নগ’ল আমিৰ খানক ।

সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি কাইলৈ ​অৰ্থাৎ ​অহা ৩ জানুৱাৰীত নুপুৰ-ইৰাৰ আদালতৰ বিবাহ হ’ব । বিয়াৰ পিচত আমিৰ খানে মুম্বাইত এক বৃহৎ বিবাহ অভ্যৰ্থনা অনুষ্ঠানত আয়োজন কৰিব, য’ত বলীউডৰ সকলো চেলিব্ৰিটিয়ে অংশগ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক: কন্যাৰ সৈতে চাইকেল চলোৱাৰ আমোদ ল’লে অক্ষয় কুমাৰে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.