ETV Bharat / entertainment

আত্মহত্যা লাই চুক য়িনৰ, হংকঙত পৰিয়ালৰ সৈতে উদযাপন কৰিছিল বৰদিন

author img

By ETV Bharat Assamese Team

Published : Dec 29, 2023, 11:40 AM IST

Hong Kong actress Lai Suk yin committed suicide after celebrating Christmas
লাই চুক য়িন আত্মহত্যা

Lai Suk Yin Suicide: কোৰিয়ান অভিনেত্ৰী বনি লাই চুক য়িনৰ অনুৰাগীৰ বাবে আহিছে এটা বেয়া খবৰ । খবৰ অনুসৰি যোৱা ২৬ ডিচেম্বৰত নিজৰ ঘৰতে আত্মহত্যা কৰিছিল অভিনেত্ৰীগৰাকীয়ে ।

চিটাৰা ডেস্ক, ২৯ ডিচেম্বৰ: কোৰিয়াৰ চলচ্চিত্ৰ জগতৰ পৰা আহিছে এটা বেয়া খবৰ । অভিনেত্ৰী লি ছুন ক্যুনৰ পিচত এতিয়া অভিনেত্ৰী বনি লাই চুক য়িনে মৃত্যুক সাৱটি লৈছে । খবৰ অনুসৰি, অভিনেত্ৰীগৰাকীয়ে ২৬ ডিচেম্বৰত আত্মহত্যা কৰিছিল । এই খবৰ নিশ্চিত কৰিছে তেওঁৰ প্ৰাক্তন স্বামীয়ে । এই খবৰৰ পিচতে সৰগ ভাঙি পৰিছে অভিনেত্ৰীগৰাকীৰ পৰিয়ালৰ মাজত । উল্লেখনীয় যে, আত্মহত্যাৰ মাত্ৰ এদিন পূৰ্বে অভিনেত্ৰীগৰাকীয়ে পৰিয়ালৰ সৈতে ধুমধামেৰে উদযাপন কৰিছিল বৰদিন ।

বৰদিন উদযাপনৰ পিচতে আত্মহত্যা অভিনেত্ৰীগৰাকীৰ

অভিনেত্ৰীগৰাকীৰ মৃত্যুৰ সন্দৰ্ভত প্ৰকাশ পোৱা খবৰ অনুসৰি, অভিনেত্ৰীগৰাকীয়ে আত্মহত্যা কৰিবলৈ নিজৰ কোঠাটোত জ্বলাইছিল বৃহৎ কয়লা । যাৰ বাবে শ্বাসৰুদ্ধ হৈ অচেতন হৈ পৰে লাই চুক। ইয়াৰ পিচতে অভিনেত্ৰীগৰাকীৰ পুত্ৰই খৰখেদাকৈ তেওঁক চিকিৎসালয়লৈ লৈ যায়, যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে । বৰ্তমান প্ৰাৰম্ভিক তদন্তত আৰক্ষী আৰু চিকিৎসকে ইয়াক আত্মহত্যাৰ গোচৰ বুলি ঘোষণা কৰিছে । এই খবৰত স্তম্ভিত হৈ পৰিছে অভিনেত্ৰীগৰাকীৰ পৰিয়ালৰ লগতে তেওঁৰ অনুৰাগীসকল ।

মৃত্যুৰ পূৰ্বে অভিনেত্ৰীগৰাকীয়ে স্বামীক দিছিল মেছেজ

আত্মহত্যাৰ মাত্ৰ এদিন পূৰ্বে অভিনেত্ৰীগৰাকীয়ে পৰিয়ালৰ সৈতে হংকঙত ধুমধামেৰে বৰদিন উদযাপন কৰিছিল । যাৰ বহুতো ফটো তেওঁ ছ’চিয়েল মিডিয়াতো শ্বেয়াৰ কৰিছিল । এনে পৰিস্থিতিত অভিনেত্ৰীগৰাকীৰ পৰিয়ালে বিশ্বাস কৰিব পৰা নাই যে তেওঁ আৰু নাই । বহু সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি, মৃত্যুৰ পূৰ্বে অভিনেত্ৰীগৰাকীয়ে স্বামী ডাঃ এংগাছ হুইক মেছেজ কৰিছিল । য’ত লিখা আছিল- ‘‘মই আপোনাক পৰৱৰ্তী জীৱনত লগ পাম ।’’ কোৱা হৈছে যে অভিনেত্ৰীগৰাকী বহু বছৰ ধৰি হতাশাত ভুগি আছিল ।

উল্লেখ্য যে, ১৯৯৮ চনত অভিনেত্ৰীগৰাকীয়ে কেনেথ ল’ৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল আৰু তেওঁলোকৰ দুটা পুত্ৰ সন্তান আছিল । তাৰ পিচত ২০০৬ চনত দুয়োৰে মাজত বিচ্ছেদ ঘটে । তাৰ পিচত ২০০৭ চনত লাইয়ে দ্বিতীয়বাৰৰ বাবে এংগুছ হুই চি-চিঙৰ সৈতে বিবাহপাশত আৱদ্ধ হয় ।

লগতে পঢ়ক: সন্দেহজনক অৱস্থাত উদ্ধাৰ অস্কাৰ বিজয়ী ছবি পেৰাচাইট খ্যাত অভিনেতা লি ছান-কিউনৰ মৃতদেহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.