ETV Bharat / elections

ডিমৰীয়াত বিজেপিৰ বিশাল বাইক ৰেলী

author img

By

Published : Apr 21, 2019, 4:29 PM IST

ডিমৰীয়াত বিজেপিয়ে এক বিশাল বাইক ৰেলী উলিয়াই,য'ত অংশগ্ৰহণ কৰে বহু যুৱ ভোটাৰে ৷

ডিমৰীয়াত বিশাল বাইক ৰেলী

গুৱাহাটী,২১ এপ্ৰিল : দেওবাৰে অন্ত পৰিব তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযান । ৰাজ্যৰ কোকৰাঝাৰ,ধুবুৰী, বৰপেটা আৰু গুৱাহাটীত অনুষ্ঠিত হ'ব এই তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া । দেওবাৰে এই নিৰ্বাচনৰ বাবে ডিমৰীয়াত ভাৰতীয় জনতা পাৰ্টীয়ে এক বিশাল বাইক ৰেলী উলিয়ায় । ৭নং লোকসভা সমষ্টিৰ বিজেপি দলৰ মনোনীত প্ৰাৰ্থী কুইন ওজাৰ সমৰ্থনত উলিওৱা হয় এই বিশাল বাইক ৰেলী । এই বাইক ৰেলী সোণাপুৰৰ মিনি ষ্টেডিয়ামৰ পৰা যোৰাবাট , সোণাপুৰ , চামতা , কলংপাৰ, হঁহৰা , বগিবাৰী তেতেলীয়া , ক্ষেত্ৰী , মালয়বাৰী হৈ টোপাতলি পৰ্যন্ত উলিওৱা হয় । বাইক ৰেলীত বিজেপিৰ নেতা-কৰ্মীসকলৰ লগতে বহু সংখ্যক যুৱ ভোটাৰেও অংশগ্ৰহণ কৰে।

ডিমৰীয়াত বিশাল বাইক ৰেলী
A_GHY_804_21APRIL_BJP_RALLY_VISUAL_BYTE_ASRAR

আজি অন্ত পৰিব তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ । ৭নং লোকসভা সমষ্টিৰ বিজেপি দলৰ মনোনীত প্ৰাৰ্থী কুইন ওজাৰ সমৰ্থনত আজি ডিমৰীয়াত ভাৰতীয় জনতা পাৰ্টীয়ে এক বিশাল বাইক ৰেলী উলিয়ায় । এই বিশাল বাইক ৰেলী সোণাপুৰৰ মিনি ষ্টেডিয়ামৰ পৰা যোৰাবাট , সোণাপুৰ , চামতা , কলংপাৰ  হঁহৰা , বগিবাৰী তেতেলীয়া , ক্ষেত্ৰী , মালয়বাৰী হৈ টোপাতলি পৰ্যন্ত উলিওৱা হয় । বিশাল বাইক ৰেলী বিজেপিৰ নেতা-কৰ্মী সকলৰ লগত বহু সংখ্যক যুৱ ভোটাৰে অংশগ্ৰহণ কৰে।

Byte 

Asrar Ansari 
  Guwahati 
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.