ETV Bharat / crime

দলগাঁৱৰ নমাটিত মাকৈ খেতিত অচিনাক্ত যুৱতীৰ মৃতদেহ উদ্ধাৰ

author img

By

Published : Apr 10, 2021, 6:22 PM IST

দলগাঁৱৰ নমাটিত মাকৈ খেতিত অচিনাক্ত যুৱতীৰ মৃতদেহ উদ্ধাৰ ৷ যুৱতী গৰাকীক কোনো দুষ্ট চক্ৰই হত্যা কৰি মাকৈ খেতিত পেলাই থৈ যোৱাৰ সন্দেহ কৰে স্থানীয় ৰাইজে ৷ ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি চাঞ্চল্য ৷

দলগাঁৱৰ নমাটিত মাকৈ খেতিত অচিনাক্ত যুৱতীৰ মৃতদেহ উদ্ধাৰ
দলগাঁৱৰ নমাটিত মাকৈ খেতিত অচিনাক্ত যুৱতীৰ মৃতদেহ উদ্ধাৰ

দলগাঁও, ১০ এপ্ৰিল: দলগাঁৱৰ নমাটিত এক চাঞ্চল্যকৰ ঘটনা ৷ শনিবাৰে দৰঙৰ দৈপাম আৰক্ষী চকীৰ অন্তৰ্গত নমাটি গাঁৱত পুৱাৰ ভাগত উদ্ধাৰ হয় এগৰাকী অচিনাক্ত যুৱতীৰ মৃতদেহ ৷ স্থানীয় ৰাইজে মৃতদেহটো প্ৰত্যক্ষ কৰি দৈপাম আৰক্ষীক খবৰ দিয়ে । খবৰৰ ভিত্তিত দলগাঁও ৰাজহ চক্ৰৰ চক্ৰ বিষয়া আৰু দৈপাম আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ৷ দুষ্কৃতিকাৰীয়ে অন্য ঠাইত হত্যা কৰি আনি যুৱতীগৰাকীক মাকৈ খেতিত পেলাই থৈ যোৱা বুলি আশংকা কৰিছে স্থানীয় ৰাইজে ৷ বৰ্তমানলৈকে মৃত যুৱতী গৰাকীৰ পৰিচয় জানিব পৰা হোৱা নাই ৷

উল্লেখযোগ্য যে ঘটনাৰ সন্দৰ্ভত স্থানীয় ৰাইজে ইয়াৰ সম্পূৰ্ণ তদন্ত কৰাৰ লগতে দোষীক উচিত শাস্তি দিবলৈ দাবী জনাই ৷ এই ঘটনাক কেন্দ্ৰ কৰি নমাটি অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷

লগতে পঢ়ক: পাঠশালা কোষাগাৰৰ বিৰুদ্ধে শিক্ষকৰ গুৰুতৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.