যোগদলত হত্যাকাণ্ড : হত্যা কৰি গাঁতত পুতি থ’লে মৃতদেহ

author img

By

Published : Sep 12, 2021, 8:47 PM IST

sonapur-murder-case

সোণাপুৰৰ যোগদলত শনিবাৰে নিশা সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা ৷ ব্যক্তিগত শত্ৰুতাৰ বাবে একে গাঁৱৰ ৰমেন কাঠাৰ নামৰ যুৱকজনক শনিবাৰে নিশা প্ৰফুল্ল বৰা নামৰ লোকজনে নিজ গৃহতে চোকা অস্ত্ৰৰে আক্ৰমণ কৰি নৃশংসভাৱে হত্যা কৰে । সবিশেষ জানো আহক ৷

গুৱাহাটী,১২ ছেপ্টেম্বৰ : মহানগৰীৰ নিকটৱৰ্তী সোণাপুৰ যোগদল অঞ্চলত শনিবাৰে নিশা সংঘটিত হোৱা এক নৃশংস হত্যাকাণ্ডক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ । অৱশ্যে, আৰক্ষীয়ে এই হত্যাকাণ্ডৰ অতি ক্ষীপ্ৰতাৰে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰি এই ঘটনাৰ লগত জড়িত প্ৰফুল্ল বৰা নামৰ এজন লোকক আটক কৰিবলৈ সক্ষম হৈছে ।

ব্যক্তিগত কাজিয়াৰ পৰিণতিতে ৰমেন কাঠাৰক চিপৰাংৰে হত্যা

আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা মতে, সোণাপুৰ যোগদলৰ ৰমেন কাঠাৰ নামৰ যুৱক এজনক শনিবাৰে নিশা প্ৰায় ২ মান বজাত একে গাঁৱৰে প্ৰফুল্ল বৰা নামৰ লোকজনে নিজ গৃহতে চোকা অস্ত্ৰৰে আক্ৰমণ কৰি নৃশংসভাৱে হত্যা কৰে । চোকা দা আৰু চিপৰাঙৰ আঘাতত মৃত্যু হোৱা লোকজনৰ শৰীৰটো পিছত চোঁচৰাই নি ঘৰৰ পিছফালে থকা এটা গাঁতত পুতি পেলায় হত্যাকাৰী প্ৰফুল্ল বৰাই ।

ইপিনে, এই হত্যাকাণ্ড তেওঁৰ স্বামীৰ দ্বাৰা সংঘটিত হোৱা বুলি জানিব পাৰি প্ৰফুল্ল বৰাৰ পত্নীয়ে স্থানীয় ৰাইজক অৱগত কৰাত ৰাইজে ততালিকে সোণাপুৰ আৰক্ষীক খবৰ দিয়ে ।

ইফালে, ৰাইজৰ খবৰৰ ভিত্তিত নিশাই ঘটনাস্থলীত হয় সোণাপুৰ আৰক্ষীৰ এটা দল । আৰক্ষী অহাৰ উমান পাই পলায়নৰ চেষ্ট কৰা হত্যাকাৰী প্ৰফুল্ল বৰাক সেইদিনাই অতি তৎপৰতাৰে আটক কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে । ইয়াৰ পিছত আৰক্ষীয়ে গাঁতত পুতি পেলোৱা ৰমেন কাঠাৰৰ মৃতদেহটো উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।

অৱশ্যে, প্ৰফুল্ল বৰাই প্ৰতিৱেশী ৰমেন কাঠাৰ নামৰ যুৱকজনক কিয় হত্যা কৰিলে সেয়া এতিয়াও স্পষ্ট হোৱা নাই যদিও আৰক্ষীৰ প্ৰাৰম্ভিক তদন্তত দুয়োজনৰ মাজত থকা ব্যক্তিগত শত্ৰুতাৰ বাবে এনে এক নৃশংস ঘটনা সংঘটিত হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে ৷ আৰক্ষীৰ সঠিক তদন্তৰ অন্ততহে এই সমগ্ৰ ঘটনা পোহৰলৈ অহাৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক : অস্ত্ৰধাৰী সংগঠন শেষ নোহোৱালৈকে অসমত থাকিব AFSPA : হিমন্ত বিশ্ব শৰ্মা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.