ETV Bharat / crime

গঁড় চিকাৰীক সহযোগৰ অপৰাধত দুজনক গ্ৰেপ্তাৰ জখলাবন্ধা আৰক্ষীৰ

author img

By

Published : Apr 10, 2021, 7:21 PM IST

দীৰ্ঘকাল ধৰি চোৰাং চিকাৰীক অস্ত্ৰ তথা গঁড়ৰ সম্পৰ্কে তথ‍্য যোগান ধৰাৰ লগতে এই চক্ৰৰ সৈতে গোপন সম্পৰ্ক আৰু অবৈধভাৱে বন‍্যপ্ৰাণী সৰবৰাহৰ ব‍্যৱসায় চলাই থকাৰ অপৰাধত জখলাবন্ধা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দুজনক ৷

Operation Against Rhino Poaching at Kaliabor
গঁড় চিকাৰীক সহযোগৰ অপৰাধত দুজনক গ্ৰেপ্তাৰ জখলাবন্ধা আৰক্ষীৰ

জখলাবন্ধা, 10 এপ্ৰিল : চোৰাং চিকাৰীৰ বিৰুদ্ধে এক অভিযানত জখলাবন্ধা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে গঁড় চিকাৰীৰ দুই সহযোগীক ৷ ধৃত লোক দুজন ক্ৰমে উলুৱনী আৰক্ষী থানাৰ অন্তৰ্গত গৰৈমাৰীৰ আব্দুল লটিফ আৰু উবাইদুল্লা খণ্ডকাৰ। আৰক্ষীৰ জেৰাত দুয়ো স্বীকাৰ কৰে যে, গঁড় হত‍্যাৰ গোপন পৰিকল্পনাৰ ভিত্তিত তেওঁলোকে ইতিমধ্য়েই অবৈধভাবে ক্ৰয় কৰিছিল অস্ত্ৰ-শস্ত্ৰ ৷ উল্লেখযোগ্য যে, এই দুই ব‍্যক্তি দীৰ্ঘকাল ধৰি অবৈধ বন‍্যপ্ৰাণী সৰবৰাহৰ লগতো জড়িত আছিল ।

গঁড় চিকাৰীক সহযোগৰ অপৰাধত দুজনক গ্ৰেপ্তাৰ জখলাবন্ধা আৰক্ষীৰ

আৰক্ষীয়ে জনাইছে যে, চোৰাং চিকাৰীক অস্ত্ৰ তথা গঁড়ৰ সম্পৰ্কে তথ‍্য যোগান ধৰাৰ লগতে এই চক্ৰৰ সৈতে গোপন সম্পৰ্ক আৰু অবৈধভাৱে বন‍্যপ্ৰাণী সৰবৰাহৰ ব‍্যৱসায় চলাই থকাৰ কথা জেৰাৰ অন্তত স্বীকাৰ কৰিছে দুই অপৰাধীয়ে ৷

উল্লেখ যোগ্য যে, ২০১৮ চনত বাগৰি বনাঞ্চলত এটা গঁড় হত্যাৰ লগতো জড়িত আছিল আব্দুল লটিফ আৰু উবাইদুল্লা খণ্ডকাৰ ৷ ইয়াৰে আব্দুল লটিফক ২০১৫ চনতো গঁড় নিধনৰ লগত জড়িত হোৱাৰ অপৰাধত গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে । অৱশেষত, শুকুৰবাৰে বিয়লি দুয়োকে নিজ ঘৰৰ পৰাই আটক কৰিলে জখলাবন্ধা আৰক্ষীয়ে ৷

লগতে পঢ়ক : মানাহ ৰাষ্ট্ৰীয় উদ্যানত বিচৰণ তিনিটা গঁড় পোৱালীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.