ETV Bharat / crime

NCBৰ অভিযানত ২৪ লাখ টকাৰ গাঞ্জা জব্দ

author img

By

Published : Jun 18, 2021, 9:15 PM IST

ড্ৰাগছ, অবৈধ সুৰা, গাঞ্জাৰ বিৰুদ্ধে গুৱাহাটীত নাৰ্ক’টিক কন্ট্ৰোল ব্যুৰ' (NCB) ৰ বৃহৎ অভিযান অব্যাহত ৷ 236.290 কেজি পৰিমাণৰ গাঞ্জা জব্দ কৰে কৰে নাৰ্ক’টিক কন্ট্ৰোল ব্যুৰ'ৰ বিষয়া সকলে ৷

narkotic control beurau operation in baihata
নাৰ্ক’টিক কন্ট্ৰোল ব্যুৰ'

গুৱাহাটী, 18 জুন : ড্ৰাগছ, অবৈধ সুৰা, গাঞ্জাৰ বিৰুদ্ধে গুৱাহাটীত নাৰ্ক’টিক কন্ট্ৰোল ব্যুৰ' (NCB) ৰ বৃহৎ অভিযান অব্যাহত আছে । বৃহস্পতিবাৰে অভিযান কালত বাইহাটা চাৰিআলিৰ পৰা বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ কৰা হয় ৷

বৃহস্পতিবাৰে গুৱাহাটীৰ চচলস্থিত নাৰ্ক’টিক কন্ট্ৰোল ব্যুৰ' (NCB) ৰ মুখ্য কাৰ্যালয়ৰ বিষয়াৰ দ্বাৰা অভিযানত এটা ট্ৰাকেৰে সৰবৰাহ কৰি থকা অৱস্থাত গাঞ্জাখিনি আটক কৰা হয় ৷ অভিযানত জব্দ কৰা ট্ৰাকখনৰ নম্বৰ হৈছে HR-55K-5550 ৷ ট্ৰাক খনৰ পৰা 236.290 কেজি পৰিমাণৰ গাঞ্জা জব্দ কৰে নাৰ্ক’টিক কন্ট্ৰোল ব্যুৰ'ৰ বিষয়াসকলে ৷ জব্দকৃত গাঞ্জাখিনিৰ মূল্য প্ৰায় 24 লাখ টকা হ’ব বুলি জানিবলৈ দিয়ে ৷

নাৰ্ক’টিক কন্ট্ৰোল ব্যুৰ'ৰ অভিযান ২৪ লাখ টকাৰ গাঞ্জা জব্দ

গাঞ্জাখিনিৰ লগত আটক হোৱা তিনি সৰবৰাহকাৰী হৈছে বিহাৰৰ মনিষ কুমাৰ সিং, গৌতম ৰায় আৰু চাহেব চাহানি ৷ জানিব পৰা মতে, মণিপুৰৰ সেনাপতি জিলাৰ পৰা ট্ৰাকখনত গাঞ্জা ভৰ্তি কৰি বিহাৰৰ মতিহাৰী জিলালৈ সৰবৰাহ কৰি আছিল ধৃত সৰবৰাহকাৰী কেইজনে ।

ঘটনা সন্দৰ্ভত নাৰ্ক’টিক কন্ট্ৰোল ব্যুৰ' (NCB) ই নিজাববীয়াকৈ গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে বুলি জানিব দিয়ে । উল্লেখ্য যে, অসমত ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত দ্বিতীয় বাৰৰ বাবে চৰকাৰ অহাৰে পৰা ৰাজ্যত ড্ৰাগছ, মদৰ অবৈধ বেহাৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত ৰাখিছে ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা সৰবৰাহকাৰীৰ লগতে অসম আৰক্ষীয়ে নিচাগ্ৰস্ত লোককো আটক কৰিছে ৷ তাৰোপৰি বহুকেইটা স্থানত ড্ৰাগছ, চিণ্ডিকেট আদিৰ সৈতে জড়িত থকাৰ অভিযোগত সোধ-পোচ চলোৱা হৈছে বহুকেইজন আৰক্ষী বিষয়া ৷

লগতে পঢ়ক : দুলীয়াজানত ড্ৰাগছ ব্যৱসায়ত নামিল অধিবক্তা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.