ETV Bharat / crime

12 লাখ টকাৰ অবৈধ লটাৰী টিকটসহ এজনক গ্ৰেপ্তাৰ

author img

By

Published : Jul 28, 2021, 12:33 PM IST

বৰপেটাৰোডত বাহনসহ এক বস্তা অবৈধ লটাৰী টিকট জব্দ আৰক্ষীৰ ৷ অধিক তথ্যৰ বাবে জেৰা অব্যাহত চালকজনৰ ৷

illegal lottery ticket One person arrested by Police At Barpeta district
প্ৰায় 12 লাখ টকাৰ অবৈধ লটাৰী টিকট সহ এজনক আটক

বৰপেটাৰোড, 28 জুলাই : ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা CM Himanta Biswa Sarma) ই ৰাজ্যখনক ড্ৰাগছ (Drugs) মুক্ত, চিণ্ডিকেট মুক্ত আৰু দুৰ্নীতি মুক্ত অসম গঢ়িব বুলি বদ্ধপৰিকৰ ৷ মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পাছতেই ইয়াৰ বিৰুদ্ধে সস্তম হৈ পৰিছে অসম আৰক্ষী (Assam Police)৷ তেনে সময়তে মঙলবাৰে বৰপেটাৰোডতো বৰপেটা আৰক্ষীয়ে (Barpeta Police) জব্দ কৰিছে এক বস্তা অবৈধ লটাৰী টিকটসহ এখন বলেৰ' পিকআপ বাহন ৷

তাৰোপৰি অবৈধ টিকট কঢ়িয়াই অনা বাহনসহ চালক জনকো আটক (Arrest) কৰিছে আৰক্ষীয়ে ৷ ধৃত চালকজনৰ নাম জগদীশ ৰায় বুলি জানিব পৰা গৈছে ৷ চালকজনৰ ঘৰ পশ্চিমবংগ West Bengal)ৰ দিনহাটাত ৷ অধিক তথ্যৰ বাবে চালকজনক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

প্ৰায় 12 লাখ টকাৰ অবৈধ লটাৰী টিকট সহ এজনক আটক

উল্লেখ্য যে, সোমবাৰে বৰপেটাৰোড আৰক্ষীয়ে (Barpeta Raod Police) চুলতান আলী আৰু ৰফিকুল ইছলাম নামৰ দুজনকৈ জুৱাৰীক আটক কৰিছলি ৷ ধৃত জুৱাৰীকেইটাক সোধাপোছ কৰে আৰক্ষীয়ে ৷ জুৱাৰী কেইটাই আৰক্ষীক দিয়া স্বীকাৰোক্তি ভিত্তিতে মঙলবাৰে এই অভিযান চলায় বৰপেটাৰোড আৰক্ষীয়ে ৷

লগতে পঢ়ক-ঈশান উদয় বৃত্তি: মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ কৰ্মচাৰী আটক

আৰক্ষীৰ অভিযানত পশ্চিমবংগৰ আলিপুৰ দুৱাৰৰ পৰা AS 16 AC 0906 নম্বৰৰ বলেৰ’পিক আপ বাহনেৰে কঢ়িয়াই অনা অৱস্থাতে এই অবৈধ লটাৰী টিকটসমূহ জব্দ কৰা হয় ৷ চালকজনৰ স্বীকাৰোক্তিৰ ভিত্তিত টিকটখিনি নাগালেণ্ডৰ বুলি জানিব পৰা গৈছে ৷ বৰপেটাৰোড আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া চন্দন গোস্বামীয়ে জানিবলৈ দিয়া মতে, পশ্চিমবংগৰ আলিপুৰদুৱাৰৰ পৰা টিকটখিনি বলেৰ'বাহনখনৰে বৰপেটাৰোডলৈ কঢ়িয়াই অনা হৈছিল ৷ জব্দকৃত প্ৰায় 1,92,800 টা টিকটৰ সৰ্বমুঠ মূল্য প্ৰায় ১১ লাখ ৫৬ হাজাৰ টকা হ'ব বুলি সদৰি কৰিছে আৰক্ষীয়ে ৷

অধিক তথ্যৰ বাবে বৰপেটাৰোড আৰক্ষীয়ে চালক জগদীশ ৰায়ক সোধাপোছ অব্যাহত ৰাখিছে ৷ এই অবৈধ লটাৰী টিকটৰ লগত আৰু কোন কোন লোক জড়িত আছে সেয়া আৰক্ষীৰ তদন্ত ওলাই পৰিব ৷ ইফালে জিলাখনত যেতিয়ালৈ নিচাজাতীয় সামগ্ৰী সৰবৰাহ তথা অপৰাধমূলক ঘটনা বন্ধ নহয়, তেতিয়ালৈ ইয়াৰ বিৰুদ্ধে তীব্ৰ অভিযান অব্যাহত ৰাখিব বুলি সকীয়াই দিয়ে আৰক্ষী বিষয়াগৰাকীয়ে ৷

লগতে পঢ়ক-বৰপেটাৰোডত অবৈধ সুৰা বিচাৰি আবকাৰী বিভাগ আৰু প্ৰশাসনৰ যৌথ অভিযান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.