ETV Bharat / crime

নগাঁৱত পুনৰ নকল সোণৰ বিস্কুটসহ দুজন আটক

author img

By

Published : Jun 16, 2021, 10:52 PM IST

নগাওঁ আৰক্ষীয়ে শেহতীয়াকৈ নিদ্ৰা হৰিছে অপৰাধীৰ । পুনৰ নকল সোণৰ বিস্কুটসহ দুই সৰবৰাহকাৰীক আটক কৰে আৰক্ষীয়ে।

fake gold With two Paddlers Arrested By Police At Nagaon District
নগাঁৱত পুনৰ নকল সোণৰ বিস্কুটসহ দুই সৰবৰাহকাৰীক আটক

নগাঁও, 16 জুন : ৰাজ্যজুৰি ড্ৰাগছ (DRUGS) তথা অপৰাধজনিত ঘটনাৰ বিৰুদ্ধে তীব্ৰ অভিযান অব্যাহত ৰাখিছে অসম আৰক্ষীয়ে ( ASSAM POLICE) ৷ আৰক্ষীৰ অভিযানত ইতিমধ্যে কোটি কোটি টকাৰ ড্ৰাগছ জব্দ কৰাৰ লগতে আৰক্ষীৰ জালত পৰিছে বহু ড্ৰাগছ সৰবৰাহকাৰী ৷ সমান্তৰালকৈ নগাঁও আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ (Anand Mishra) ই নগাঁও জিলাত অভিযান চলাই বহুকেইটা ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰাৰ লগতে কেইবালাখ টকাৰ ড্ৰাগছ তথা নিচা জাতীয় সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হৈছে ৷

নগাঁৱত পুনৰ নকল সোণৰ বিস্কুটসহ দুই সৰবৰাহকাৰীক আটক

সমান্তৰালকৈ, বুধবাৰে লাভ কৰা এটা গোপন সূত্ৰৰ পম খেদি নগাঁও আৰক্ষীৰ উপ আৰক্ষী অধীক্ষক (DSP) দিপ্তী মালীৰ নেতৃত্বত বৰগাওঁ আৰক্ষী (Bargaon Police)ৰ এটা দলে অভিযান চলায় ৷ আৰক্ষীৰ অভিযানত নগাঁৱৰ কাৱৈমাৰিৰ পৰা নকল সোণৰ বিস্কুটসহ দুজন সৰৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়।

আটকাধীন সৰবৰাহকাৰীকেইটা ক্ৰমে খাইৰুল ইছমাল, জালাল উদ্দিন বুলি জানিব পৰা গৈছে । দুয়োজনৰে ঘৰ নগাঁৱৰ কাৱৈমাৰিত । আৰক্ষীৰ জেৰাত নকল সোণখিনি লক্ষিমপুৰ জিলাৰ পৰা আনিছিল বুলি স্বীকাৰ কৰিছে । ধৃত দুয়োজনে প্ৰলোভনেৰে দীৰ্ঘদিনৰ পৰা সোণ বিক্ৰীৰ নামত প্ৰৱঞ্চনা কৰি আহিছে বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ । ইতিমধ্যে অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

লগতে পঢ়ক-মৰিগাঁৱত উৎকোচ লৈ ৰঙাঘৰত সোমাল কোষাগাৰৰ কৰ্মচাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.