ETV Bharat / city

বিজু গগৈৰ পাচত আলফাত যোগদান চাবুৱাৰ যুৱকৰ

author img

By

Published : Jan 7, 2020, 11:36 PM IST

Updated : Jan 8, 2020, 12:42 AM IST

পুনৰ এজন অসমীয়া যুৱকে যোগদান কৰিলে আলফাত ৷ চাবুৱাৰ জ্ঞানদ্বীপ বৰপাত্ৰগোঁহাইয়ে আলফাত যোগদান কৰিছে ৷

আলফাত যোগদান
জ্ঞানদ্বীপ বৰপাত্ৰগোঁহাই

তিনিচুকীয়া, 7 জানুৱাৰীঃ তিনিচুকীয়া জিলাৰ পেঙেৰীৰ আছু নেতা বিজু গগৈৰ পাচতেই আলফাত যোগদান কৰিলে চাবুৱাৰ এজন যুৱকে ৷ যোৱা চাৰি জানুৱাৰীৰ পৰা নিৰুদ্দেশ হৈ আছিল চাবুৱা বকডুম ভৰলোৱামুখৰ প্ৰবিত্ৰ বৰপাত্ৰগোঁহাইৰ পুত্ৰ জ্ঞানদ্বীপ বৰপাত্ৰগোঁহাই ৷ বহু বিতৰ্কিত নাগৰিকত্ব সংশোধনী আইন অসমত জাপি দিয়াৰ বাবেই চাবুৱাৰ এইগৰাকী যুৱকে আলফা স্বাধীনত যোগদান কৰা বুলি নিশ্চিত কৰিছে সেনাৰ চোৰাংচোৱা বাহিনীয়ে ৷

জ্ঞানদ্বীপ বৰপাত্ৰগোঁহাই

উল্লেখ্য যে, জ্ঞানদ্বীপ বৰপাত্ৰগোঁহাই আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাৰ ভটিজাক তথা আলফাৰ দুধৰ্ষ সদস্য মুন্না বৰুৱা ওৰফে ৰূপ অসমৰ অতি ঘনিষ্ঠ বন্ধু ৷ ইতিমধ্যে জ্ঞানদ্বীপৰ পৰিয়ালে নিৰুদ্দেশ সন্দৰ্ভত চাবুৱা থানাত লিখিত অভিযোগ দাখিল কৰিছে ৷

আৰু পঢ়ক : মৃণাল শইকীয়াক শীঘ্ৰেই গ্ৰেপ্তাৰ কৰকঃ আছু

Intro:STORY:-আছু নেতা বিজু গগৈৰ পিছত জ্ঞানদ্বীপ বৰপাত্ৰগোঁহাই আলফালৈ

তিনিচুকীয়া,7জানুৱাৰীঃ-তিনিচুকীয়া পেঙেৰীৰ আছু নেতা বিজু গগৈৰ পিছতেই চাবুৱাৰ যুৱক জ্ঞানদ্বীপ বৰপাত্ৰগোঁহাই নামৰ যুৱকজনৰ নিৰুদ্দেশৰ খৱৰে তিব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে উজনি অসমত৷ যোৱা চাৰি জানুৱাৰীৰ পৰা চাবুৱা বকডুম ভৰলোৱামুখৰ প্ৰবিত্ৰ বৰপাত্ৰগোঁহাইৰ পুত্ৰ জ্বানদ্বীপ বৰপাত্ৰগোঁহাই নিৰুদ্দেশ হৈ থকাৰ খৱৰ আহি পৰিছে ইটিভি ভাৰতৰ হাতত৷ বহু বিতৰ্কিত নাগৰিকত্ব সংশোধনী আইন অসমত জাপি দিয়াৰ বাবেই চাবুৱাৰ এই গৰাকী যুৱক আলফা স্বাধীনত যোগদান কৰা বুলি নিশ্চিত কৰিছে সেনাৰ চোৰাংচোৱাই৷ উল্লেখ্য যে, জ্ঞানদ্বীপ বৰপাত্ৰগোঁহাই আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাৰ ভাগিনিয়েক তথা আলফাৰ দুধৰ্ষ সদস্য মুন্না বৰুৱা ওৰফে ৰূপ অসমৰ অতি ঘনিষ্ঠ বন্ধু৷ ইতিমধ্যে জ্ঞানদ্বীপৰ পৰিয়ালে নিৰুদ্দেশৰ সন্দৰ্ভত চাবুৱা থানাত লিখিত অভিযোগ দাখিল কৰিছে৷Body:NilConclusion:তিনিচুকীয়াৰ পৰা প্ৰশান্ত খাটোৱাল ইটিভি ভাৰত অসম
Last Updated :Jan 8, 2020, 12:42 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.