ETV Bharat / city

তিনিচুকীয়াত চাৰি দিনে সন্ধানহীন তিনি যুৱক; আলফাত যোগদানৰ সন্দেহ

author img

By

Published : Oct 26, 2021, 7:56 PM IST

‘‘আই-পিতাই, আমি বহু দূৰলৈ আহিলোঁ ৷ আমাক ফোন কৰি নাথাকিব ৷ আপোনালোক কুশলে থাকিব, আমি কুশলে আছোঁ ।" তেনেকৈ কৈ আজিলৈকে মোবাইল অফ তিনিচুকীয়াৰ তিনি যুৱকৰ ৷ নাই কোনো সন্ধান, আলফা স্বাধীনত যোগদানৰ সন্দেহ ৷

tinsukia
তিনিচুকীয়া

তিনিচুকীয়া, 26 অক্টোবৰ : তিনিচুকীয়াৰ কৰ্দৈগুৰি আৰু দৰ্জিজান গাঁৱত সংঘটিত চাঞ্চল্যকৰ ঘটনা ৷ যোৱা ২২ অক্টোবৰৰ পুৱাৰ পৰাই নিৰুদ্দেশ হৈ আছে তিনিজনকৈ যুৱক । আজি পৰ্যন্ত কোনো শুংসূত্ৰ নাই তিনি যুৱকৰ । পুত্ৰৰ সন্ধান নোপোৱাত হুকহুকাই কান্দিছে মাতৃয়ে ৷ শোকত ভাগি পৰিছে পৰিয়ালৰ লোক ৷ আলফা স্বাধীনত যোগদানৰ সন্দেহ পৰিয়ালৰ ৷

তিনিচুকীয়াত চাৰি দিনে সন্ধানহীন তিনি যুৱক

কৰ্দৈগুৰি অঞ্চলৰ দৰ্জিজান আৰু ১ নং কৰ্দৈগুৰি গাঁৱৰ তিনিজনকৈ যুৱক নিৰুদ্দেশ হোৱাৰ খবৰে এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ তিনিচুকীয়াত । নিৰুদ্দিষ্ট যুৱক কেইজন ক্ৰমে দৰ্জিজান গাঁৱৰ সূৰুয মৰাণ, অসীম মৰাণ আৰু ১ নং কৰ্দৈগুৰি গাঁৱৰ বিচিত্ৰ মৰাণ ।

সন্ধানহীন হোৱাৰ পূৰ্বে পৰিয়াল তথা আত্মীয়লৈ ফোন কৰিছিল তিনি যুৱকে ৷ কৈছিল, আই-পিতাই, "আমি বহু দূৰলৈ আহিলোঁ, আমাক ফোন কৰি নাথাকিব, আপোনালোক কুশলে থাকিব, আমি কুশলে আছোঁ ৷ তাৰ পাচৰ পৰাই অফ হৈ আছে তিনিওৰে ম’বাইল ৷

উল্লেখনীয় যে, সংবাদ মাধ্যমৰ আগত পৰিয়ালৰ লোক তথা স্থানীয় লোকে জানিবলৈ দিয়া মতে, বিষ্ণুপুৰ গাঁৱৰ নিবাসী নিতু মৰাণে তিনি যুৱকক ঘৰৰ পৰা স্বাধীন অসমৰ সপোন দেখুৱাই লৈ গৈছিল । ইয়াৰ পিছৰ পৰা নিতু মৰাণৰ ওপৰত পৰিয়ালৰ সন্দেহ ওপজে ৷

যুৱক কেইজনে আত্মীয়লৈ ফোন কৰাৰ পাছত বাঘজান আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছিল পৰিয়ালে । কিন্তু প্ৰথমাৱস্থাত নীৰৱ ভূমিকা পালন কৰাৰ অভিযোগ উঠিছিল তিনিচুকীয়া জিলা প্ৰশাসন তথা বাঘজান আৰক্ষীৰ বিৰুদ্ধে । ইফালে এই লৈ উদ্বিগ্ন হৈ পৰিছে পৰিয়ালৰ লগতে স্থানীয় ৰাইজ ।

ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে নিতু মৰাণক ৷ সকলোৱে উৎকণ্ঠা চাইছে বাট ৷ কেতিয়া নিজ ঘৰলৈ উভতি আহিব এই তিনি যুৱক ? সঁচাকৈয়ে জংঘলৰ কণ্টকময় পথেৰে বাট বুলিলে নেকি তিনিওৱে ? অৱশ্যে আৰক্ষীৰ তদন্ততহে জানিব পৰা যাব সকলো ৷

লগতে পঢ়ক : বিজেপিক খীৰালে ওলাব 26 লিটাৰ গাখীৰ; মুখ্যমন্ত্ৰীৰ বাণী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.