ETV Bharat / city

তিনিচুকীয়াৰ মাকুমত বৃহৎ পৰিমাণৰ কনডেন্স তেল জব্দ

author img

By

Published : Mar 31, 2022, 10:34 PM IST

বৃহস্পতিবাৰে অইল ইণ্ডিয়া লিমিটেডৰ নিৰাপত্তা বাহিনী, তিনিচুকীয়া আৰক্ষী, বৰডুবি আৰক্ষী আৰু লাংকাছী আৰক্ষীৰ সহযোগত অভিযান চলাই লক্ষীপথাৰ বনাঞ্চলত মজুত কৰি ৰখা বৃহৎ পৰিমাণৰ চোৰাং কনডেন্স তেল জব্দ কৰে (Condensate oil seized in Tinsukia) ৷

illegal-oil-seized-by-tinsukia-police-and-oils-security
তিনিচুকীয়াৰ মাকুমত বৃহৎ পৰিমাণৰ কনডেন্স তেল জব্দ

তিনিচুকীয়া, 31 মাৰ্চ : উজনি অসমৰ বিভিন্ন ঠাইত দীৰ্ঘদিনৰ পৰা এটা দুষ্ট চক্ৰই চোৰাং ভাৱে তেল চুৰি কৰি আহিছে ৷ মাজে সময়ে আৰক্ষীয়ে অভিযান চলাই এই তেল চুৰি কাৰ্যৰ লগত জড়িত বহুলোকক আটক কৰিবলৈ সক্ষম হৈছে ৷ পিছে অতি পৰিতাপৰ কথা যে, আজি পৰ্যন্ত এই দুষ্ট চক্ৰটোৱে আৰক্ষীৰ চকুত ধুলি দি গোপনে অব্যাহত ৰাখিছে তেল চুৰি কাৰ্য ৷

শেহতীয়াকৈ তিনিচুকীয়াৰ মাকুম অঞ্চলৰ অন্তৰ্গত ডিমৰুহোলা গাঁৱৰ দাঁতিকাষৰীয়া লক্ষীপথাৰ বনাঞ্চলৰ পৰা আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ চোৰাং কনডেন্স তেল জব্দ কৰে (Condensate oil seized in Tinsukia) ৷ এক গোপন সূত্ৰৰ ভিত্তিত বৃহস্পতিবাৰে অইল ইণ্ডিয়া লিমিটেডৰ নিৰাপত্তা বাহিনী, তিনিচুকীয়া আৰক্ষী, বৰডুবি আৰক্ষী আৰু লাংকাছী আৰক্ষীৰ এটা যৌথ দলে অভিযান চলাই লক্ষীপথাৰ বনাঞ্চলত মজুত কৰি ৰখা প্ৰায় 2700 শ লিটাৰ চোৰাং কনডেন্স তেল জব্দ কৰে ৷

তিনিচুকীয়াৰ মাকুমত বৃহৎ পৰিমাণৰ কনডেন্স তেল জব্দ

লগতে অভিযানকাৰী দলটোৱে এখন নম্বৰ বিহীন মাৰুটি ভেন জব্দ কৰি ডিগবৈ আৰক্ষী থানাত গতাই দিয়ে ৷ ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷ অচিৰেই ঘটনা সন্দৰ্ভত বহুকেইজন লোক আৰক্ষীৰ জালত পৰাৰ সম্ভাৱনা আছে বুলি আৰক্ষীয়ে জানিবলৈ দিছে ৷ এইসকল কোনোপধ্যেই যাতে হাৰি যাব নোৱাৰে, তাৰকাৰণে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ প্ৰশাসনক সচেতন মহলে দাবী জনাইছে ৷

লগতে পঢ়ক : কৰিমগঞ্জত সতীৰ্থই জ্বলালে ছিদ্দিক আহমেদৰ প্ৰতিকৃতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.