ETV Bharat / city

মহিলা সহকৰ্মীক অশালীন ব্যৱহাৰ কৰি অপসাৰিত ডাক্টৰ ছাৰ !

author img

By

Published : Sep 6, 2021, 8:18 PM IST

physicist suspended for assaulting woman in work place
মহিলা সহকৰ্মীক অশালীন ব্যৱহাৰ কৰি অপসাৰিত ডাক্টৰ ছাৰ !

তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত মহিলা সহকৰ্মীক অশালীন ব্যৱহাৰ কৰি অপসাৰিত হ’ল চিকিৎসক । দীৰ্ঘদিন ধৰি ভুক্তভোগীয়ে চিকিৎসক গৰাকীৰ বিৰুদ্ধে কৰ্তৃপক্ষক ঘটনাৰ অভিযোগ দাখিল কৰাৰ পিছতো কোনো ব্যৱস্থা গ্ৰহণ কৰা নাছিল কৰ্তৃপক্ষই ৷ অৱশেষত মুখ্যমন্ত্ৰীক এই বিষয়ে টুইট কৰিলে মহিলা গৰাকীয়ে ৷ সবিশেষ জানিবলৈ পঢ়ক আমাৰ বিশেষ প্ৰতিবেদন ৷

তেজপুৰ, ৬ ছেপ্টেম্বৰ : সম্প্ৰতি তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ এগৰাকী শৈল্য চিকিৎসকক চাকৰিৰ পৰা অপসাৰণ কৰাৰ ঘটনা পোহৰলৈ আহিছে । চিকিৎসা মহাবিদ্যালয়খনৰ অধ্যক্ষ কৰুণা হাজৰিকাই জনোৱা অনুসৰি, এক বিশেষ অভিযোগৰ ভিত্তিত শৈল্য চিকিৎসক গৰাকীক চিকিৎসা মহাবিদ্যালয়খনৰ তৰফৰ পৰা তাৎক্ষণিক ভাৱে অপসাৰণ কৰা হৈছে । এক বিশেষ সূত্ৰৰ পৰা জানিব পৰা মতে, উক্ত চিকিৎসক গৰাকীয়ে একে চিকিৎসালয়ত ইণ্টাৰ্ণ কৰি থকা এগৰাকী মহিলা সহকৰ্মীক দীৰ্ঘদিন ধৰি অশালীন ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷

ইয়াৰ বাবে, মহিলা গৰাকীয়ে দাখিল কৰা অভিযোগৰ ভিত্তিত চাকৰিৰ পৰা ৬ মাহৰ বাবে অপসাৰণ কৰা হৈছে অভিযুক্ত চিকিৎসক গৰাকীক । এই বিষয়ে শোণিতপুৰ জিলাৰ উপায়ুক্ত ভূপেশ চন্দ্ৰ দাসে জনায় যে চিকিৎসা মহাবিদ্যালয়ৰ তৰফৰ পৰা চিকিৎসক গৰাকীক অপসাৰণ কৰা হৈছে ৷ কিন্ত সম্পূৰ্ণ ঘটনা সম্পৰ্কে চিকিৎসা মহাবিদ্যালয়ৰ তৰফৰ পৰা জানিবলৈ দিয়া হোৱা নাই ।

আনহাতে জানিব পৰা মতে মহিলা সহকৰ্মী গৰাকীয়ে দীৰ্ঘদিন ধৰি চিকিৎসক গৰাকীৰ বিৰুদ্ধে কৰ্তৃপক্ষক ঘটনাৰ অভিযোগ দাখিল কৰাৰ পিছতো কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাছিল ৷

তেওঁ এই বিষয়ত দুদিন পূৰ্বে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক টুইট কৰি জনোৱাত চিকিৎসালয় কৰ্তৃপক্ষই দেওবাৰে এই ব্যৱস্থা গ্ৰহণ কৰে । ঘটনা সম্পৰ্কে শোণিতপুৰ আৰক্ষী অধীক্ষক ড৹ ধনঞ্জয় ঘনাৱাতে সদৰী কৰি এই সন্দৰ্ভত এক তদন্ত অব্যাহত ৰখাৰ কথা জানিবলৈ দিয়ে । মন কৰিবলগীয়া যে, সমগ্ৰ ঘটনা সম্পৰ্কে চিকিৎসালয়খনত এক গভীৰ নীৰৱতাই বিৰাজ কৰাটোও সম্প্ৰতি এক আশ্চৰ্য হিচাপে বিবেচিত হৈছে ৷

লগতে পঢ়ক : সাৱধান ! এইবাৰ গুৱাহাটীত ওলাইছে ব্লে'ড মেন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.