ETV Bharat / city

তেজপুৰত পদ্মনাথ গোহাঞিবৰুৱাৰ ৭৬ সংখ্যক স্মৃতিদিৱস উদযাপন

author img

By

Published : Apr 22, 2022, 10:01 AM IST

Padmanath Gohain Baruah 76th Smriti Divas celebrated at Tezpur
তেজপুৰত পদ্মনাথ গোহাঞিবৰুৱাৰ ৭৬ সংখ্যক স্মৃতিদিৱস উদযাপন

তেজপুৰত সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঞিবৰুৱাৰ ৭৬ সংখ্যক স্মৃতিদিৱস পালন(Sahitya Kandari Padmanath Gohain Baruah) ৷ আধুনিক অসমীয়া সাহিত্যক প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰা ব্যক্তিসকলৰ অন্যতম আছিল পদ্মনাথ গোহাঞিবৰুৱা । তেখেত অসম সাহিত্য সভাৰ প্ৰথমগৰাকী সভাপতি আছিল ৷

তেজপুৰ, ২২ এপ্ৰিল : অসম সাহিত্য সভাৰ লগতে তেজপুৰ পৌৰসভাৰ প্ৰথমগৰাকী সভাপতি তথা সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঞিবৰুৱাৰ ৭৬ সংখ্যক স্মৃতিদিৱস(Padmanath Gohain Baruah's 76th Smriti Divas celebrated at Tezpur) বৃহস্পতিবাৰে তেজপুৰত পালন কৰা হয় ৷ তেজপুৰ সাহিত্য সভা আৰু বান থিয়েটাৰৰ উদ্যোগত সাহিত্যিকগৰাকীৰ সাধনাৰ থলি তেজপুৰত তেখেতৰ 76 সংখ্যক স্মৃতি দিৱস উদযাপন কৰা হয়(Smriti Divas celebrated at Tezpur) ৷

তেজপুৰ চহৰৰ মাজমজিয়াত থকা গোহাঞিবৰুৱাৰ আৱক্ষ মূৰ্তিত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো মুকলি কৰে সাহিত্যিকগৰাকীৰ পুত্ৰবধু পৰী গোহাঞিবৰুৱা আৰু নাতিনী মৃণালী চেতিয়াই৷ অনুষ্ঠানত শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই অংশলৈ পদ্মনাথ গোহাঞিবৰুৱাৰ সাহিত্যৰাজীৰ ওপৰত আলোকপাত কৰে ৷

পদ্মনাথ গোহাঞিবৰুৱাৰ ৭৬ সংখ্যক স্মৃতিদিৱস উদযাপন

উল্লেখ্য যে, পদ্মনাথ গোহাঞিবৰুৱা(Sahitya Kandari Padmanath Gohain Baruah) একাধাৰে এগৰাকী কবি, ঔপন্যাসিক, নাট্যকাৰ, জীৱনীকাৰ, হাস্যৰসিক, প্ৰৱন্ধকাৰ আৰু সাংবাদিক । তেখেত আধুনিক অসমীয়া সাহিত্যক প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰা ব্যক্তিসকলৰ ভিতৰত অন্যতম । ১৯১৭ চনত অসম সাহিত্য সভা জন্ম হোৱাৰ পাছত তেখেত প্ৰথম সভাপতি হিচাপে নিৰ্বাচিত হয় ।

১৯৪৬ চনৰ ২১ এপ্ৰিলত তেখেতৰ মৃত্যু হয় । স্মৃতিদিৱস অনুষ্ঠানত বান থিয়েটাৰ, তেজপুৰ সাহিত্য সভাৰ সদস্যসকলৰ লগতে বহুকেইটা অনুষ্ঠানৰ সদস্যই অংশগ্ৰহণ কৰি সাহিত্যিকগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷

লগতে পঢ়ক : খিলঞ্জীয়া মুছলমানৰ আৰ্থ-সামাজিক উত্তৰণ : উপ সমিতিসমূহে দাখিল কৰিলে প্ৰতিবেদন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.