ETV Bharat / city

Road Accident in Tezpur: তেজপুৰত পথ দুৰ্ঘটনাত নিহত এজন

author img

By

Published : Oct 11, 2022, 10:50 PM IST

one-killed-in-road-accident-in-tezpur
তেজপুৰত সংঘটিত হয় শোকাৱহ পথ দুৰ্ঘটনা থিতাতে নিহত এজন

মঙলবাৰে তেজপুৰত সংঘটিত হয় শোকাৱহ পথ দুৰ্ঘটনা (Road Accident in Tezpur) ৷ থিতাতে নিহত হয় এজন (One killed in road accident in Tezpur) ৷ লগতে এজন গুৰুতৰভাৱে আহত হয় ৷

তেজপুৰ, 11 অক্টোবৰ: মঙলবাৰে তেজপুৰত সংঘটিত হয় শোকাৱহ পথ দুৰ্ঘটনা ৷ তেজপুৰৰ দোলাবাৰী অঞ্চলত সংঘটিত হয় এই পথ দুৰ্ঘটনা ৷ বিয়লি প্ৰায় পাঁচ বজাত সংঘটিত এক শোকাৱহ পথ দুৰ্ঘটনাটো (Road Accident in Tezpur) ৷ আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি, ৩৭(ক)নম্বৰ ৰাষ্ট্ৰীয় পথৰে তেজপুৰৰ দিশৰ পৰা নগাঁও অভিমুখে গৈ থকা AS ০২ T ২২২৯ নম্বৰৰ এখন মটৰচাইকেলত পিছফালৰ পৰা এখন দ্ৰুতবেগী ট্ৰাকে মহতিয়াই লৈ যায় (Truck Bike collision in Tezpur) ৷

ফলত মটৰচাইকেল আৰোহীদ্বয়ৰ এজন ঘটনাস্থলীতে থিতাতে নিহত হয় (One died in road accident) ৷ লগতে এজন গুৰুতৰভাৱে আহত হয় ৷ গুৰুতৰভাৱে আহত মটৰচাইকেল আৰোহী ছফিকুলক ততাতৈয়াকৈ তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়লৈ (Tezpur Kanaklata Civil Hospital) প্ৰেৰণ কৰা হয় ৷

ইফালে দুৰ্ঘটনাত নিহত হোৱা মটৰচাইকেল আৰোহীজন নগাঁও জুৰিয়াৰ জাকিৰ হুছেইন বুলি জানিব পৰা গৈছে (One killed in road accident in Tezpur) ৷ আনহাতে গুৰুতৰভাৱে আহত ছফিকুল ইছলামৰ ঘৰ নগাঁও ৰূপহী বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে ৷

ইফালে নলবাৰী জিলাৰ মুকালমুৱাৰ বৰলিয়াৰপাৰত মঙলবাৰে সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা । দুৰ্ঘটনাটোত থিতাতে নিহত হয় স্কুটি আৰোহী এটি কিশোৰ । নিহত কিশোৰটিৰ নাম ৰক্তিম দাস (১২) ৷ এখন ট্ৰাক আৰু এখন স্কুটিৰ মাজত হোৱা মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত হয় পথ দুৰ্ঘটনাটো ।

উল্লেখ্য যে, গুৱাহাটীৰ পৰা বৰপেটাৰ চেঙালৈ মাতৃ-পুত্ৰ স্কুটিৰে গৈ থকা অৱস্থাত সংঘটিত হয় দুৰ্ঘটনাটো (Road Accident at Mukalmua)। মৃত কিশোৰজনৰ ঘৰ বৰপেটাৰ ভেল্লাত বুলি জানিব পৰা গৈছে । আনফালে সোমবাৰে নগাঁৱত পথ দুৰ্ঘটনাত নিহত হয় বন বিষয়া সুৰজিত সিং ৷ এখন তীব্ৰবেগী ট্ৰেভেলাৰৰ খুন্দাত নিহত হয় বন বিষয়া সুৰজিৎ সিং ৷ গুৱাহাটীলৈ বিভাগীয় কামত গৈছিল বন বিভাগৰ কৰ্মচাৰীজন (Forest officer killed after being hit by traveller) ৷

লগতে পঢ়ক: Road Accident at Mukalmua : পথ দুৰ্ঘটনাত পুত্ৰ নিহত, মাতৃ গুৰুতৰভাৱে আহত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.